Ashwini Vaishnaw, Zoho App: কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰম্ভ কৰিলে ভাৰতীয় এপ Zoho ৰ ব্যৱহাৰ
তেওঁ লিখিছে, "মই Zoho লৈ পৰিৱৰ্তন হৈছো, ই আমাৰ নিজৰ প্লেটফৰ্ম।" অৰ্থাৎ তেওঁ সেইদিনা ঘোষণা কৰিছিল যে মাইক্ৰ’ছফ্ট অফিচ বা গুগল ডকছ বহু কামত ব্যৱহাৰ নকৰে। কাৰ্যতঃ এয়াই আছিল এটা নতুন অধ্যায়ৰ আৰম্ভণি।
ভাৰতৰ আই টি খণ্ডত আৰম্ভ হৈছে এক নতুন অধ্যায়ৰ সূচনা। ২২ ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট যোগে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা নথি-পত্ৰ, স্প্ৰেডশ্বীট আৰু প্ৰেজেণ্টেচনৰ বাবে Zoho ব্যৱহাৰ কৰিব। তেওঁ লিখিছে, “মই Zoho লৈ পৰিৱৰ্তন হৈছো, ই আমাৰ নিজৰ প্লেটফৰ্ম।” অৰ্থাৎ তেওঁ সেইদিনা ঘোষণা কৰিছিল যে মাইক্ৰ’ছফ্ট অফিচ বা গুগল ডকছ বহু কামত ব্যৱহাৰ নকৰে। কাৰ্যতঃ এয়াই আছিল এটা নতুন অধ্যায়ৰ আৰম্ভণি।
২৪ ছেপ্টেম্বৰ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবিনেট ব্রিফিং অনুষ্ঠিত কৰে। তেতিয়াই ইতিহাস ৰচনা কৰা হৈছিল। সেই ব্রিফিঙত তেওঁ Zoho ক ব্যৱহাৰ কৰিছিল। ব্রিফিঙৰ আৰম্ভণিতে তেওঁ ঘোষণা কৰিছিল যে আজিৰ পিপিটি Zoho ত প্ৰস্তুত কৰা হৈছে।