শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 25 Sep 2025 08:18 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসম আৰক্ষীৰ ADGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বাবে গঠন ১০ জনীয়া SIT । আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সহায়ত এই এছ আই টি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এই বিশেষ তদন্তকাৰী গোট গঠন কৰে ADGP মুন্না প্ৰসাদ গুপ্তাই।
  2. শেহতীয়াকৈ SITৰ পৰা আঁতৰোৱা হ’ল DSP পৰিমিতা সৰকাৰক। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হৈছিল SIT। SITত আছিল DSP পৰিমিতা সৰকাৰৰ নাম। পৰিমিতা সৰকাৰ আছিল আৰক্ষী বিষয়া সন্দীপন গাৰ্গৰ ঘনিষ্ঠ সন্দীপন গাৰ্গৰ সহপাঠী আছিল DSP পৰিমিতা সৰকাৰ। ঘটনাৰ সময়ত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল সন্দীপন গার্গ। সন্দীপন গাৰ্গৰ চকুৰ সন্মুখতে ঘটিছিল সকলো ঘটনা সন্দীপন গাৰ্গৰ ঘনিষ্ঠ আৰক্ষী বিষয়াক SITত অন্তর্ভুক্তিক লৈ হৈছিল বিতর্ক।
  3.  জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সংবাদমেলত কেতবোৰ মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে। তেওঁ কয়, CID তদন্তৰ পৰিৱৰ্তে CBI দ্বাৰা উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে। ছিংগাপুৰত ঘটিছে, এয়া আন্তঃৰাষ্ট্ৰীয় বিষয় যিহেতু CID ৰ দ্বাৰা এয়া সম্ভৱ নহয় সেয়ে CBI তদন্ত হ’ব লাগে। লুৰিণজ্যোতি গগৈয়ে কয়, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হোৱাৰ বাবেই এইসকল ব্যক্তি সাৰি যাব নেকি? বিলম্ব কিয় হৈছে ইয়াৰ কাৰণ কি ? দোষী সকলক কঠোৰৰ পৰা কঠোৰতৰ শাস্তি হ’ব লাগে।
  4. জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালী কৰি জুবিন গাৰ্গক অপমান কৰা ৩ উদণ্ড যুৱকৰ সন্ধানত আৰক্ষী। এই তিনি যুৱকৰ ফটো প্ৰকাশ কৰি আৰক্ষীক যোগাযোগ কৰক 602690052 নম্বৰত খবৰ দিয়াৰ আহ্বান।
  5. জুবিন গাৰ্গৰ অকাল বিয়োগৰ দুখ-বেদনাই অসমীয়াক জৰ্জৰিত কৰি ৰখাৰ সময়তেই পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। শিল্পীগৰাকীৰ অতি জনপ্ৰিয় গীত ‘মায়াবিনী ৰাতিৰ বুকুত’ আঁতৰাই দিয়া হ’ল Spotifyৰ পৰা। Online Audio Streaming সেৱা Spotifyৰ পৰা ৰহস্যজনকভাৱে নোহোৱা হ’ল জুবিন গাৰ্গৰ অতি প্ৰিয় গীত ‘মায়াবিনী’। যাক লৈ আৰম্ভ হৈছে চৰ্চা।
  6. হিন্দু উত্তৰাধিকাৰ আইন (HSA)ৰ অধীনত থকা এটা বিধানক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে যেতিয়া এগৰাকী মহিলাই হিন্দু আইনৰ অধীনত বিবাহ কৰে তেতিয়া তেওঁৰ “গোত্ৰ”ও সলনি হয়। এই বিধান অনুসৰি এগৰাকী নিঃসন্তান হিন্দু বিধৱাৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তি পিতৃ-মাতৃৰ পৰিৱৰ্তে স্বামীৰ পৰিয়ালৰ হাতলৈ যায়।শুনানিৰ সময়ত ন্যায়াধীশ বি.ভি. হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা সামাজিক গাঁথনি এটা বিলুপ্ত কৰিব নোৱাৰে বুলি আদালতে উল্লেখ কৰে।
  7. এছিয়া কাপৰ ছুপাৰ ৪ ৰাউণ্ডত ভাৰতে পাকিস্তান আৰু তাৰ পিছত বাংলাদেশক পৰাস্ত কৰে। এই জয়েৰে টীম ইণ্ডিয়াই এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰে। টীম ইণ্ডিয়াৰ জয়ৰ নায়ক অভিষেক শৰ্মা আৰু কুলদীপ যাদৱে উৎকৃষ্ট বেটিং আৰু বলিং প্ৰদৰ্শন প্ৰদৰ্শন কৰে। অভিষেক শৰ্মাই মাত্ৰ ৩৭ বলত ৭৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কুলদীপ যাদৱে ৪ অভাৰত ১৮ ৰানত ৩ উইকেট দখল কৰে।

লগতে পঢ়ক: বৃহস্পতিবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…