সকলোৰে উৰ্ধত প্ৰচেষ্টা! দশম শ্ৰেণীত ফেইল কৰা পুত্ৰৰ বাবে পাৰ্টিৰ আয়োজন পিতৃ-মাতৃৰ…

পৰীক্ষাত সফল হ'লে উদযাপন কৰাতো সৰু কথা। কিন্তু পৰীক্ষাত অনুত্তীৰ্ণ হ'লে পাৰ্টি কৰা আপুনি শুনিছেনে? শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে য'ত এহাল পিতৃ-মাতৃয়ে পুত্ৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পাছত তেওঁক হতাশ হবলৈ নিদি প্ৰচেষ্টাক উদযাপন কৰে।

সকলোৰে উৰ্ধত প্ৰচেষ্টা! দশম শ্ৰেণীত ফেইল কৰা পুত্ৰৰ বাবে পাৰ্টিৰ আয়োজন পিতৃ-মাতৃৰ...

পৰীক্ষা

Published: 

06 May 2025 12:22 PM

নিজৰ সন্তানৰ সফলতা উপযাপন কৰাৰ বিপৰীতে এহাল পিতৃ-মাতৃয়ে বাছি লৈছে অন্য এক ব্যৱস্থা। শেহতীয়াকৈ ঘোষণা হোৱা দশম শ্ৰেণীৰ পৰীক্ষাত তেওঁলোকৰ পুত্ৰ অনুত্তীৰ্ণ হয়। কিন্তু এই কথাত দুখী নহৈ পিতৃ-মাতৃয়ে অফলতা উদযাপন কৰি ঘৰত পাৰ্টিৰ আয়োজন কৰে। পৰীক্ষাত উত্তীৰ্ণ বা অনুত্তীৰ্ণক লৈ নহয়, পৰীক্ষাৰ বাবে পুত্ৰই কৰা আন্তৰিক প্ৰচেষ্টাক স্বীকৃতি দি তেওঁলোকে এই পাৰ্টিৰ আয়োজন কৰে। যি সময়ত অফলতাৰ বোজা ব’ব নোৱাৰি ছাত্ৰ-ছাত্ৰী কিছুমানে চৰম পন্থা বাছি লয়, তেনে শিক্ষাৰ্থীসকলৰ বাবে এই ঘটনা এক প্ৰেৰণা বুলি ক’ব পাৰি। এই ঘটনা কৰ্ণাটকৰ।

কৰ্ণাটকৰ বাগালকোটৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ অভিষেকে ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষাত ৬২৫ নম্বৰৰ ভিতৰত মাত্ৰ ২০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এই পৰীক্ষাত এটাও বিষয়ত অভিষেক উত্তীৰ্ণ হ’ব নোৱাৰিলে। কিন্তু পিতৃ-মাতৃয়ে তেওঁক ককৰ্থনা নকৰি এক বিশেষ আয়োজন কৰিলে। অভিষেকৰ বিফলতাক তেওঁৰ প্ৰচেষ্টাৰ আগত হেঙাৰ হ’ব নিদি পিতৃৃ-মাতৃয়ে কেক কাটি তেওঁক আশীৰ্বাদ দিয়ে। তেওঁলোকে পুত্ৰক উৎসাহ যোগাবলৈ আৰু পৰৱৰ্তী পৰীক্ষাত যাতে ভাল ফলাবলে দেখুৱাই তাৰ বাবে অনুপ্ৰেৰণা দিবলৈ কেক কাটি মিঠাই খায়।

অভিষেকৰ পিতৃয়ে কৈছে যে, তেওঁৰ পুত্ৰই আন্তৰিকতাৰে পঢ়া শুনা কৰিছিল আৰু অতি গুৰুত্ব সহকাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।কিন্তু সেই অনুসৰি ফল অহা নাছিল। কিন্তু তেওঁলোকে পুত্ৰক হতাশ কৰিব নিবিচাৰে। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাই অভিষেকৰ হতাশা দূৰ কৰাত সহায়ক হ’ব বুলি কয়। ইয়াৰ বিপৰীতে অভিষেকে কয় যে, মই আগন্তুক সময়ত আটাইকেইটা বিষয়তে উত্তীৰ্ণ হ’ম।

উল্লেখ্য যে, বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি অভিভাৱকলৈ, পৰীক্ষাৰ নামত প্ৰতিযোগিতাত পৰা দেখা যায়। সমাজ, পিতৃ-মাতৃৰ হেঁচা বা বিভিন্ন কাৰণত ভাল নম্বৰ আনিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত চৰম সিদ্ধান্তও গ্ৰহণ কৰে। আজিৰ সময়ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা মানেই যেন বেয়া সকলো। কিন্তু সমাজৰ এনে চিন্তা-ধাৰা, প্ৰতিযোগিতামূলক আচৰনক প্ৰত্যাহ্বান জনাই কৰ্ণাটকৰ এইহাল পিতৃ-মাতৃয়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। কিয়নো সকলোকে পিছত পেলাই তেওঁলোক শলাগ লৈছে পুত্ৰৰ প্ৰচেষ্টাক।

 

অন্য খবৰ পঢ়কঃ বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে প্ৰাণ হেৰুৱালে ৮জনে, আহত ২জন…

সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan