আত্মনিৰ্ভৰ ভাৰতৰ নতুন শক্তিঃ মহাকাশলৈ উৰিল ইছৰোৰ ‘বাহুবলী’, কৰিব এনে কাম

আত্মনিৰ্ভৰশীল ভাৰতৰ এয়া এক নতুন উৰণ। GSAT-7Rক ইছৰোৰ ‘বাহুবলী’ ৰকেট বুলি অভিহিত কৰা হৈছে। এই উপগ্ৰহটোৱে ভাৰতীয় নৌসেনাৰ জাহাজ, বিমান, চাবমেৰিন আৰু সামুদ্ৰিক অভিযান কেন্দ্ৰৰ মাজত দ্ৰুত আৰু সুৰক্ষিত যোগাযোগ প্ৰদান কৰিব।

আত্মনিৰ্ভৰ ভাৰতৰ নতুন শক্তিঃ মহাকাশলৈ উৰিল ইছৰোৰ ‘বাহুবলী’, কৰিব এনে কাম

ইছৰোৰ নতুন অভিযান

Published: 

02 Nov 2025 18:58 PM

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে দেশৰ ইতিহাসত সংযোজিত কৰিছে এক নতুন কৃতিত্ব আজি ইছৰোৱে ভাৰতীয় নৌসেনাৰ আটাইতকৈ উন্নত যোগাযোগ উপগ্ৰহ GSAT-7R শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰে। এই উপগ্ৰহটোৱে সামুদ্ৰিক সুৰক্ষা, চোৰাংচোৱা ব্যৱৰস্থাৰ লগতে নৌসেনাৰ নেটৱৰ্ক ক্ষমতাক আৰু অধিক শক্তিশালী কৰি তুলিব। এই GSAT-7R বৰ্তমানলৈকে ভাৰতৰ গধুৰ যোগাযোগ উপগ্ৰহ হিচাপে পৰিগণিত হৈছে উপগ্ৰহটোৰ ওজন প্ৰায় ৪৪০০ কিলোগ্ৰাম। ই সম্পূৰ্ণ থলুৱাভাৱে নিৰ্মিত উপগ্ৰহ।

এই উপগ্ৰহ আজি সন্ধিয়া ৫:২৬ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ স্থানৰ পৰা উৎক্ষেপণ কৰা হয়। আত্মনিৰ্ভৰশীল ভাৰতৰ এয়া এক নতুন উৰণ। GSAT-7Rক ইছৰোৰ ‘বাহুবলী’ ৰকেট বুলি অভিহিত কৰা হৈছে। এই উপগ্ৰহটোৱে ভাৰতীয় নৌসেনাৰ জাহাজ, বিমান, চাবমেৰিন আৰু সামুদ্ৰিক অভিযান কেন্দ্ৰৰ মাজত দ্ৰুত আৰু সুৰক্ষিত যোগাযোগ প্ৰদান কৰিব।

GSAT-7Rৰ বিশেষ বৈশিষ্ট্য

এই উপগ্ৰহটোৰ ওজন আটাইতকৈ প্ৰধান বৈশিষ্ট্য হিচাপে স্বীকৃত হৈছে ৪৪০০ কিলোগ্ৰাম ওজনৰ এই উপগ্ৰহটোৱে ভাৰত মহাসাগৰৰ এক বৃহৎ অংশত শক্তিশালী সংকেত প্ৰদান কৰিব আৰু অধিক তথ্য স্থানান্তৰ কৰিব। যোগাযোগৰ সঁজুলিৰে সজ্জিত এই উপগ্ৰহটোৱে সামুদ্ৰিক সুৰক্ষা, চোৱাচিতা ব্যৱস্থা আৰু নৌসেনাৰ নেটৱৰ্কৰ ক্ষমতা আৰু অধিক শক্তিশালী কৰি তুলিব।

অভিযানৰ উদ্দেশ্য

সামুদ্ৰিক ক্ষেত্ৰত সেৱা প্ৰদান কৰা এই অভিযানৰ উদ্দেশ্য হিচাপে বাখ্যা কৰিছে ইছৰো। ইয়াৰ পূৰ্বে ইছৰোৰ এল ভি এম-৩ ৰকেটে ২০২৩ চনত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰিছিল চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল ভাৰত।

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক