শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰে’ল যাত্ৰাৰ সময়ত ষ্টেচনত এই কাম কৰে নেকি? এতিয়াৰ পৰা ৰে’ল কৰ্তৃপক্ষই দেখা পালেই ভৰিব লাগিব জৰিমনা…

যদি আপুনিও এই কাম কৰি আছে তেন্তে অতি সাৱধান হওক। এতিয়া ষ্টেচনত এই কাম কৰিলে ডাঙৰ জৰিমনা ভৰিব লাগিব। ভাৰতীয় ৰে'লৱেই এতিয়া ষ্টেচনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰে’ল যাত্ৰাৰ সময়ত ষ্টেচনত এই কাম কৰে নেকি? এতিয়াৰ পৰা ৰে’ল কৰ্তৃপক্ষই দেখা পালেই ভৰিব লাগিব জৰিমনা…
manas-borah
Manas Borah | Published: 01 Nov 2025 14:33 PM

দীৰ্ঘ দূৰত্বৰ ৰে’ল যাত্ৰা কৰাটো এক সুকীয়া অভিজ্ঞতা। কেৱল বাহিৰৰ প্ৰাকৃতিক দৃশ্য বা ৰে’লৰ ডবাত বহু সময় কটোৱাই নহয়, সহযাত্ৰীসকলৰ বিভিন্ন কাম-কাজো মনলৈ আহে। যিসকলে দীৰ্ঘ দূৰত্বৰ ৰে’লেৰে যাত্ৰা কৰিছে তেওঁলোকে নিশ্চয় ৰে’ল ৰখোৱাৰ সময়ত টুথব্ৰাছ আৰু টুথপেষ্ট লৈ ষ্টেচনত নামি অহা যাত্ৰীক দেখিছে। বহুতে প্লেটফৰ্মত থকা খোৱাপানীৰ বেচিনত খাদ্যৰ বাচন ধোৱাও বহুতে লক্ষ্য কৰিছে। যদি আপুনিও এই কাম কৰি আছে তেন্তে অতি সাৱধান হওক। এতিয়া ষ্টেচনত এই কাম কৰিলে ডাঙৰ জৰিমনা ভৰিব লাগিব। ভাৰতীয় ৰে’লৱেই এতিয়া ষ্টেচনসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

বহুতে নাজানে যে, ১৯৮৯ চনৰ ৰে’লৱে আইন অনুসৰি ষ্টেচনত দাঁত ব্ৰাছ কৰা, থু পেলোৱা, কাপোৰ ধোৱা বা বাচন ধোৱা নিষিদ্ধ। যদি কোনোবাই নিৰ্দিষ্ট স্থান অৰ্থাৎ শৌচাগাৰৰ বাহিৰে আন কোনো ঠাইত এই কাম কৰে তেন্তে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব। ষ্টেচনত যদি কোনো যাত্ৰী দাঁত ব্ৰাছ কৰা বা বাচন ধোৱা কাৰ্য ধৰা পৰে তেন্তে তেওঁক ৫০০ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

ভাৰপ্ৰাপ্ত বাণিজ্যিক পৰিদৰ্শক ডি ডি শুক্লাই কয় যে, যাত্ৰীসকলে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ নিৰ্দিষ্ট স্থান আছে। ৰাজহুৱা স্থানত বা প্লেটফৰ্মৰ পানী টেপ ব্যৱহাৰ কৰি এনে কাম কৰিব নালাগে। এই কামে কেৱল ৰে’লৱেৰ নিয়ম উলংঘা কৰাই নহয়, আন যাত্ৰীসকলৰ বাবেও সমস্যাৰ সৃষ্টি কৰে। শীঘ্ৰে সকলো ষ্টেচনতে ৰে’লৱেৰ দ্বাৰা বিশেষ অভিযান চলাব। নিদিষ্ট স্থানৰ বাহিৰে ৰাজহুৱা স্থানত কোনো যাত্ৰীয়ে দাঁত ব্ৰাছ কৰা, কাপোৰ ধোৱা বা বাচন ধোৱা দেখা গ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জৰিমনা বিহা হ’ব।

ৰে’ল-ষ্টেচনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ৰে’লৱেই যাত্ৰীসকলক খাদ্যৰ পেকেট, পানীৰ বটল বা অন্যান্য জাবৰ-জোঁথৰ যিকোনো ঠাইত পেলাই দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে। নিৰ্দিষ্ট স্থানত জাবৰ পেলাবলৈ অনুৰোধ জনোৱা হৈছে। নিয়ম ভংগ কৰি ধৰা পৰিলে জৰিমনা বিহা হ’ব বুলি সকীয়াই দিয়া হৈছে।