শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰ পৰা দেশত কাৰ্যকৰী হ’ব এইসমূহ নতুন নিয়ম, আপোনাৰ জেপৰ ধনত পৰিব প্ৰভাৱ

আধাৰ আপডেট মাচুল আৰু বেংক নমিনিৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি নতুন GST নীতি, বেংকৰ কাৰ্ড মাচুললৈকে আপোনাৰ জেপৰ ধনত প্ৰভাৱ পেলাব পৰা বহু নিয়ম আজিৰ পৰা কাৰ্যকৰী হ’ব। এনে সাতটা নতুন নিয়মৰ বিষয়ে জানো আহক।

আজিৰ পৰা দেশত কাৰ্যকৰী হ’ব এইসমূহ নতুন  নিয়ম, আপোনাৰ জেপৰ ধনত পৰিব প্ৰভাৱ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 01 Nov 2025 10:33 AM

আজি নৱেম্বৰৰ প্ৰথমটো দিন। এটা নতুন মাহৰ আৰম্ভণিৰ লগে লগে আজি দেশত কাৰ্যকৰী হ’ব কেইবাটাও নতুন নিয়ম। এই নিয়মসমূহে আপোনাৰ দৈনন্দিন বিত্তীয় ক্ষেত্ৰখনত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। আধাৰ আপডেট মাচুল আৰু বেংক নমিনিৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি নতুন GST নীতি, বেংকৰ কাৰ্ড মাচুললৈকে আপোনাৰ জেপৰ ধনত প্ৰভাৱ পেলাব পৰা বহু নিয়ম আজিৰ পৰা কাৰ্যকৰী হ’ব। এনে সাতটা নতুন নিয়মৰ বিষয়ে জানো আহক।

  1. আধাৰ আপডেট মাচুল সলনিঃ শিশুৰ আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক আপডেটৰ বাবে ১২৫ টকা মাচুল ৰেহাই দিছে UIDAI- এ। এই মাচুল এবছৰৰ বাবে বিনামূলীয়া হ’ব। ইফালে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত নাম, জন্ম তাৰিখ, ঠিকনা, বা মোবাইল নম্বৰৰ দৰে তথ্য আপডেট কৰাৰ মূল্য ৭৫ আৰু বায়মেট্ৰিক আপডেট যেনে ফিংগাৰপ্ৰিণ্ট বা আইৰিছ স্কেনৰ বাবে খৰচ হ’ব ১২৫ টকা।
  2. নতুন বেংক নমিনিঃ আজিৰ পৰা বেংকসমূহে গ্ৰাহকসকলক এটা একাউণ্ট, লকাৰ বা জমা ধনৰ বাবে চাৰিজন লোকলৈকে নমিনি কৰাৰ অনুমতি দিব। জৰুৰীকালীন অৱস্থাত গ্ৰাহকৰ পৰিয়ালে যাতে সহজে ধন লাভ কৰিব পাৰে আৰু মালিকীস্বত্বক লৈ বিবাদ নহয়, সেই উদ্দেশ্যে এই নতুন নিয়ম গ্ৰহণ কৰা হৈছে।
  3. নতুন GST শ্লেব ৰূপায়ণঃ আজিৰ পৰা চৰকাৰে কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত নতুন দুটা GST শ্লেব ৰূপায়ণ কৰিব। পূৰ্বৰ চাৰিটা GST শ্লেবযুক্ত ব্যৱস্থাৰ ৫%, ১২%, ১৮%, আৰু ২৮% সলনি কৰি এতিয়া ১২% আৰু ২৮% স্লেব আঁতৰোৱাৰ বিপৰীতে বিলাসী আৰু ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ৪০% হাৰ কাৰ্যকৰী হ’ব।
  4. NPSৰ পৰা UPSলৈ সলনিৰ সময়সীমা বৃদ্ধিঃ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ (NPS) পৰা ইউনিফাইড পেঞ্চন আঁচনি (UPS)লৈ সলনি কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৩০ নৱেম্বৰলৈকে সময় লাভ কৰিব।
  5. পেঞ্চনাৰসকলৰ ক্ষেত্ৰত নতুন নিয়মঃ সকলো অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নৱেম্বৰৰ শেষৰ ফালে বাৰ্ষিক জীৱন প্ৰমাণ পত্ৰ জমা দিব লাগিব। নিজা বেংক শাখাত বা জীৱন প্ৰমান পৰ্টেলৰ জৰিয়তে অনলাইনযোগে তেওঁলোকে প্ৰমাণ পত্ৰ জমা দিব পাৰিব।
  6. PNBৰ লকাৰ মাচুলৰ পৰিৱৰ্তনঃ পঞ্জাব নেচনেল বেংকে অতি সোনকালে সমগ্ৰ ভাৰতত লকাৰ ভাড়াৰ মাচুল সংশোধন কৰিব। লকাৰৰ আকাৰ আৰু শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰিব নতুন মাচুল। খবৰ অনুসৰি নৱেম্বৰ মাহত এই আপডেট কৰা মাচুল ঘোষণা হোৱাৰ সম্ভাৱনা আছে আৰু অধিসূচনাৰ ৩০ দিনৰ পিছত কাৰ্যকৰী হ’ব।
  7. SBI কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে নতুন মাচুলঃ আজিৰ পৰা SBI কাৰ্ড ব্যৱহাৰকাৰীৰ পৰা মবিকুইক আৰু ক্ৰেডৰ দৰে থাৰ্ড পাৰ্টি এপৰ জৰিয়তে কৰা শিক্ষা সম্পৰ্কীয় পেমেণ্টৰ বাবে ১% মাচুল আদায় কৰা হ’ব। ইয়াৰ উপৰিও SBI কাৰ্ড ব্যৱহাৰ কৰি ডিজিটেল ৱালেটত ১০০০ টকাতকৈ অধিক লেনদেনৰ বাবেও ১% মাচুল প্ৰযোজ্য হ’ব।