শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ৩১ অক্টোবৰ, শুকুৰবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বহু অপেক্ষাৰ অন্তত মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। ইয়াৰ লগতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
manas-borah
Manas Borah | Published: 31 Oct 2025 20:28 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বহু অপেক্ষাৰ অন্তত মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। পুৱতি নিশাৰ পৰাই ছবিগৃহৰ সমুখত দেখা গ’ল দৰ্শকৰ ব্যাপক ভিৰ। ইয়াৰ লগতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। পুৱতি নিশাৰ পৰাই ছবিগৃহৰ সমুখত দেখা গ’ল দৰ্শকৰ ব্যাপক ভিৰ। পুৱা ৪.৩০ বজাৰ পৰাই বহু কেইটা ছবি গৃহত আৰম্ভ হয় ছবিখনৰ দৰ্শনী। জুবিন গাৰ্গৰ অভিনয়ে শোকস্তব্ধ কৰি তুলিলে দৰ্শকক। বহুতেই চকুপানী টুকি ওলাই আহিল ছবিগৃহৰ পৰা।
  2. আজি ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে দেশজুৰি স্মৰণ কৰা হয় লৌহ মানৱগৰাকীক। অসম আৰক্ষীয়েও এই উপলক্ষে অনুষ্ঠিত কৰে একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচী। এই অনুষ্ঠানত ডিজিপি হৰমীত সিঙৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
  3. আজি গুজৰাটত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি লৌহ মানৱগৰাকীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আয়োজন কৰা হয় পেৰেড কাৰ্যসূচীৰ। ৰাষ্ট্ৰীয় একতা দিৱসৰ গুৰুত্ব স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসৰ দৰেই বুলি কয় প্ৰধানমন্ত্ৰীয়ে।
  4. অসমীয়া চিনেমাৰ জগতত এক নতুন দিগন্তৰ সূচনা কৰিলে ৰৈ ৰৈ বিনালে ছবিখনে। ৰাজনীতিৰ পৰা আঁতৰি বিভিন্ন দলৰ নেতাই আজি উপভোগ কৰে ছবিখন। ৰাইজক ছবিখন চাবলৈ অনুৰোধ জনালে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে।
  5. বিহাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ এন ডি এৰ। এই ইস্তাহাৰৰ নাম দিয়া হৈছে সংকল্প পত্ৰ। এন ডি এই প্ৰকাশ কৰা ইস্তাহাৰত উন্নত বিহাৰৰ কল্পনা কৰা হৈছে। ইয়াৰ বাবে পঁচিশটা মূল সংকল্প নিৰ্ধাৰণ কৰা হৈছে।
  6. ভাৰত আৰু আমেৰিকাই ১০ বছৰৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত ভাৰতে আমেৰিকাৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ লাভ কৰিব। তদুপৰি দুয়োখন দেশে ভাৰত-প্ৰশান্ত মহাসাগৰৰ বাবেও এক ৰোডমেপ প্ৰস্তুত কৰিছে। প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত ভাষণ দি আমেৰিকাৰ প্ৰতিৰক্ষা সচিবগৰাকীয়ে কয় যে ভাৰতৰ সৈতে এই ধৰণৰ চুক্তি আগতে কেতিয়াও হোৱা নাছিল।
  7. Umrah Visa ৰ নিয়মত বৃহৎ পৰিৱৰ্তন কৰিছে ছৌদি আৰবে। এণ্ট্ৰি ভিছাৰ ম্যাদ তিনিমাহৰ পৰা হ্ৰাস কৰি ১ মাহ কৰা হৈছে। ভিছা প্ৰদানৰ তাৰিখলৈ ই বৈধ হৈ থাকিব। ছৌদি আৰৱত উপস্থিত হোৱাৰ পিছত তীৰ্থযাত্ৰীৰ থকাৰ সময়সীমা একেই থাকিব। অহা সপ্তাহৰ পৰা কাৰ্যকৰী হবলগীয়া এই নিয়মৰ উদ্দেশ্য হৈছে ক্ৰমাৎ বৃদ্ধি পোৱা ভিৰ নিয়ন্ত্ৰণ কৰা।
  8. অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আই চি চি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ। জেমিমা ৰড্ৰিগছৰ শতকৰ সহায়ত ভাৰতে অষ্ট্ৰেলিয়াক পাঁচ উইকেটত পৰাস্ত কৰে। অহা দেওবাৰে ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা।
  9. আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচ। এই মেচখনত ভাৰতক ৪ উইকেটত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই। প্ৰথমে বেটিং কৰি ভাৰতে দহটা উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰে। বিনিময়ত অষ্ট্ৰেলিয়াই ৬ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে।