India-Pakistan News LIVE: জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত গুলীবৰ্ষণঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ল’লে এনে সিদ্ধান্ত
India Pakistan War News LIVE Updates in Assamese: ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যক লৈ পাকিস্তানে কঁপি উঠিছে। বহু চহৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে পাকিস্তানৰ ৬খন চহৰৰ ওপৰত ভাৰতে প্রতিশোধ লৈছে। লাহোৰ, ইছলামবাগ, কৰাচী, চিয়ালকোট, বাহাৱালপুৰ আৰু পেছাৱৰত ভয়ংকৰ আক্ৰমণ।

পাকিস্তানে নিশা ভাৰতত আক্ৰমণ কৰাৰ ফলত দুয়োখন দেশৰ মাজত উত্তেজনা
LIVE NEWS & UPDATES
-
শ্ৰীনগৰ বিমানবন্দৰৰ সমীপত ড্ৰ’ন আক্ৰমণ বিফল
কাশ্মীৰৰ শ্ৰীনগৰ বিমানবন্দৰৰ আশে-পাশে বিস্ফোৰণৰ শব্দ শুনা গৈছে। স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে এই বিস্ফোৰণ পাকিস্তানৰ ড্ৰ’ন আক্ৰমণৰ ফলত হৈছিল। অৱশ্যে ভাৰতীয় সেনাই পাকিস্তানৰ এই প্ৰচেষ্টা বিফল কৰিছে বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে।
-
পাকিস্তানী ড্ৰ’নৰ ফলত বাসগৃহত লাগিল জুই
পঞ্জাৱৰ ফিৰোজপুৰত এখন পাকিস্তানী ড্ৰ’ন এটা বাসগৃহৰ ওপৰত বাগৰি পৰে আৰু ইয়াৰ ফলত জুয়ে আৱৰি ধৰে ঘৰটো। এই অগ্নিকাণ্ডত পৰিয়ালটোৰ তিনিজন লোক অগ্নিদগ্ধ হয় বুলি খবৰ প্ৰকাশ পাইছে। চিকিৎসাৰ বাবে ফিৰোজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোককেইজনক।
-
ৰাজস্থান, ৰাজৌৰীত আক্ৰমণৰ চেষ্টা
আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। প্ৰায় ১৬ খন ড্ৰ’নেৰে পাকিস্তানে ৰাজস্থানত আক্ৰমণৰ চেষ্টা চলোৱা বুলি খবৰ প্ৰকাশ পাইছে। তদুপৰি ৮ৰ পৰা ১০খন ড্ৰোনেৰে জম্মু অঞ্চলৰ ৰাজৌৰীত আক্ৰমণৰ চেষ্টা চলাইছে পাকিস্তানে।
-
ওমৰ আব্দুল্লাই ক‘লে এইদৰে
পাকিস্তানে আজি পুনৰ সীমান্তত আক্ৰমণ চলোৱাৰ পিছতে ৰাইজলৈ বিশেষ আবেদন জনাইছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু আৰু ইয়াৰ আশে-পাশে থকা জনসাধাৰণক পথলৈ ওলাই নাযাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ তথা এনে খবৰত গুৰুত্ব নিদিবলৈও তেওঁ আবেদন জনায় আৰু সকলোৱে মিলি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিম বুলি মন্তব্য কৰে।
-
পুঞ্চ, উৰি, কুপৱাৰাত গুলীবৰ্ষণ
পাকিস্তানে পুনৰ সীমান্তত তীব্ৰ গুলীবৰ্ষণ আৰম্ভ কৰিছে। পুঞ্চ খণ্ডৰ লগতে উৰি খণ্ড আৰু কুপৱাৰাতো গুলীবৰ্ষণ কৰি আছে। ইতিমধ্যে উৰিত ব্লেকআউট কৰা হৈছে।
-
১৫ মে’লৈকে বন্ধ থাকিব দেশৰ ২৮টা বিমানবন্দৰ
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেশৰ ২৮টা বিমানবন্দৰ ১৫ মে’লৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বতে মন্ত্ৰালয়ে ১০ মে’লৈকে এই বিমানবন্দৰসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল।
-
জয়ছালমেৰত বন্ধ কৰা হ’ল বজাৰ
ৰাজস্থানৰ জয়ছালমেৰত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বজাৰবন্ধ কৰি দিয়া হৈছে। জয়ছালমেৰৰ কিশাংহাট অঞ্চলত এটা বোমা উদ্ধাৰ হোৱা বুলিও প্ৰকাশ পাইছে।
-
উৰী চেক্টৰতো ছাইৰেন সক্ৰিয়
অবিৰতভাৱে যুদ্ধবিৰতি ভংগ কৰিছে পাকিস্তানে। এইবাৰ উৰী চেক্টৰৰ গোহালান এলেকাত পাকিস্তানে ব্যাপক গুলীবৰ্ষণ আৰম্ভ কৰিছে। পাকিস্তানৰ এনে কাৰ্যৰ মাজতে ছাইৰেন সক্ৰিয় কৰা হৈছে।
-
সংবাদ মেলত বৈদেশিক সচিবৰ মন্তব্য
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কিছুসময় পূৰ্বে সংবাদমেলত কয় যে পাকিস্তানে নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিৱৰ্তে ভাৰতীয় সশস্ত্ৰ বাহিনীয়েহে অমৃতসৰৰ দৰে নিজা চহৰক আক্ৰমণ লক্ষ্য কৰি লোৱা বুলি অৰ্থহীন দাবী উত্থাপন কৰিছে। ইতিহাস সাক্ষী যে পাকিস্তান এনেধৰণৰ কাম-কাজত জড়িত হৈ আহিছে। তেওঁ লগতে ভাৰতে নানকম চাহিব গুৰদ্বাৰাক ড্ৰোন আক্ৰমণৰ লক্ষ্য কৰা বুলি পাকিস্তানে আন এক স্পষ্ট মিছা কোৱা বুলিও উল্লেখ কৰে। সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ লক্ষ্যৰে পৰিস্থিতি সাম্প্ৰদায়িক কৰি তুলিবলৈ পাকিস্তানে যৎপৰোনাস্তি চেষ্টা কৰিছে বুলি তেওঁ লগতে কয়।
-
ভাৰতৰ প্রতিশোধমূলক কার্যত লোকচান পাকিস্তানৰ
কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে, পাকিস্তানী সেনাই ভাৰতৰ আকাশমাৰ্গ কেইবাবাৰো উলংঘা কৰিছিল। পাকিস্তানৰ আক্ৰমণত বহু ভাৰতীয় জোৱান শ্বহীদ হৈছে। ভাৰতৰ প্রতিশোধমূলক কার্যৰ বাবে পাকিস্তানে লোকচানৰ সন্মুখীন হৈছে।
-
পাকিস্তানে ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰিছে
পাকিস্তানে সীমান্তত অহৰহ যুদ্ধবিৰতি উলংঘা কৰি আছে। ভাৰতীয় সেনায়ো পাকিস্তানক উপযুক্ত উত্তৰ দিছে।
-
বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত পুনৰ ৭টা আক্ৰমণ
বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীৰ ওপৰত আৰু ৭টা আক্ৰমণ। কেচ জিলাৰ তুৰবাটত চাৰিটা, কুৱেটাত দুটা আৰু ছিবিত এটা আক্ৰমণ সংঘটিত হয়। আজি পুৱা তুৰবাট আৰু মাষ্টুঙত পাকিস্তানী সৈন্য আৰু খনিজ কঢ়িওৱা বাহনক লক্ষ্য কৰি লয়।
-
অমৃতসৰ প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশোধমূলক ব্যৱস্থাৰ মাজতে অমৃতসৰ প্ৰশাসনে কিছু নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে কয় যে আৰু মক ড্ৰিল নাথাকিব। যদি এয়াৰ এটেক এলাৰ্ট চাইৰেন বাজি উঠে তেন্তে ই আক্ৰমণৰ অৱস্থাত থাকিব আৰু তৎক্ষণাত ব্লেকআউট কাৰ্যকৰী কৰিব লাগিব।
-
পাকিস্তানক ডাঙৰ আঘাত আমেৰিকাৰ
আমেৰিকাই ডাঙৰ আঘাত দিলে পাকিস্তানক। ভাৰত আৰু পাকিস্তানৰ মাজত হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত আমেৰিকাৰ।
-
ভাৰতৰ ওলোটা আক্ৰমণত জোকাৰি গ’ল পাকিস্তান
ভাৰতৰ ওলোটা আক্ৰমণত জোকাৰি গৈছে পাকিস্তান। লাহোৰ বিমানবন্দৰৰ পৰা উৰাজাহাজ পুনৰ এবাৰ বন্ধ কৰি দিয়া হৈছে। যোৱা দুদিনত এইবাৰ তৃতীয়বাৰৰ বাবে বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।
-
নিশা ভাগ্য নিৰ্ণয় হ’ব পাকিস্তানৰ!
নিশা পাকিস্তানৰ ভাগ্য নিৰ্ণয় হ’ব, আই এম এফৰ পুঁজিৰ সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত। পাকিস্তানে IMF ৰ পৰা ১১ হাজাৰ কোটি টকাৰ ঋণ বিচাৰিছে। IMFত পাকিস্তানক ঋণ দিয়াৰ বিৰোধিতা কৰিব ভাৰতে।
-
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ অৰ্থহীন বক্তব্য
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এটা অৰ্থহীন বক্তব্য কৰি কয় যে, কালি যি ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল সেয়া আমাৰ স্থান ধৰা পেলাবলৈ কৰা হৈছিল। এইটো এটা কাৰিকৰী কথা, মই বুজাব নোৱাৰো। আমাৰ স্থান যাতে লিক নহয় তাৰ বাবে ইয়াক বাধা দিয়া হোৱা নাছিল।
-
পাকিস্তানে নিজৰ বন্দুক বন্ধ কৰিব লাগে, ইয়াৰ কোনো লাভ নহ’ব: ওমৰ আব্দুল্লা
ওমৰ আব্দুল্লাই কয়, আটাইতকৈ ডাঙৰ কথাটো হ’ল পাকিস্তানে সাধাৰণ নাগৰিকক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল। তেওঁলোকে জম্মুত ড্ৰোন ব্যৱহাৰ কৰিছিল। কিন্তু শ্ৰেয় আমাৰ প্ৰতিৰক্ষা বাহিনীলৈ যায়, তেওঁলোকে সকলো ড্ৰোন ধ্বংস কৰি পেলায়।
-
পুঞ্চৰ পৰিস্থিতি গুৰুতৰ, জম্মুত আহত আটাইকেইজন পুঞ্চৰঃ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে, পুঞ্চত যথেষ্ট ক্ষতি হৈছে। পুঞ্চত সৰ্বাধিক হতাহতি আৰু সৰ্বাধিক আহত লোক সংঘটিত হৈছে।
-
অসমৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত
কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিব ৪ বছৰ। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ কোনো উদযাপন নকৰে চৰকাৰে। সামাজিক মাধ্যত X ত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
-
পাঠানকোটত উদ্ধাৰ ড্ৰ’ন
পাঠানকোটৰ কৰোলি গাঁৱৰ সমীপত উদ্ধাৰ হৈছে এখন ড্ৰোন। সেই ড্ৰোনখন সেনাই জিম্মাত লৈছে। সমগ্ৰ অঞ্চলটোত অভিযান চলি আছে।
-
স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই স্বাস্থ্য সুবিধাসমূহৰ বিষয়ে পৰ্যালোচনা কৰে
বৈঠকত সমগ্ৰ দেশৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য সুবিধাৰ পৰ্যালোচনা কৰা হয়।
-
সকলো স্বাস্থ্যসেৱা কৰ্মচাৰীৰ ছুটী বাতিল কৰক… স্বাস্থ্যমন্ত্ৰী নাড্ডাৰ নিৰ্দেশ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই বৈঠকত কয় যে, সকলো স্বাস্থ্যসেৱা কৰ্মচাৰীয়ে ছুটী বাতিল কৰি কামলৈ ঘূৰি আহিব লাগে। ভাৰত-পাকিস্তান সীমান্তৰ সমীপৰ সকলো ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়ক সষ্টম কৰি দিয়া হৈছে। এই বৈঠকত সকলো ফাৰ্মা কোম্পানীৰ চিইঅ’ আৰু চিএমডি উপস্থিত আছিল।
-
দিল্লীত ৩ বজাত চাইৰেনৰ পৰীক্ষামূলক অনুশীলন
দিল্লীত ৩ বজাত চাইৰেনৰ পৰীক্ষামূলক অনুশীলন। অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা সংস্থাপন কৰা হ’ব চাইৰেন।
-
আজি দিল্লীত ইখনৰ পিছত সিখন বৈঠক
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি সন্ধিয়া বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ চাইবাৰ নিৰাপত্তাৰ প্ৰস্তুতিৰ ওপৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। একে সময়তে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সমগ্ৰ দেশৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্য সুবিধাৰ পৰ্যালোচনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিব।
-
BSF আৰু CISF ৰ DG এ সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক
গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বিএছএফৰ ডিজি দলজিৎ চৌধুৰীয়ে। একে সময়তে ডিজি চিআইএছএফেও গৃহমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব।
-
পিছুৱাব পাৰে IPL 2025
ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পিছুৱাব পাৰে আই পি এল ২০২৫। সূত্ৰ অনুসৰি বিচিচিআইয়ে শীঘ্ৰে বিতং তথ্য প্ৰকাশ কৰিব।
-
বিশ্ব ক্ৰিকেটত পৰিব পাৰে বিৰূপ প্ৰভাৱ
ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাই এতিয়া ক্ৰিকেটতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ক্ৰিকেট প্ৰেমীসকলে হয়তো আৰু ভাৰত আৰু পাকিস্তানৰ মাজত খেল চাব নোৱাৰিব। যদি এনেকুৱা হয় তেন্তে ইয়াৰ প্ৰভাৱ বিশ্ব ক্ৰিকেটত অতি বেয়া হ’ব।
-
জম্মুত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা, BSF -এ ৭ জনৰ কাঢ়িলে প্ৰাণ
৮ আৰু ৯ মে’ৰ নিশা জম্মুৰ চাম্বা ছেক্টৰত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল, যিটো ধৰা পৰিছে। এই অনুপ্ৰৱেশৰ প্ৰচেষ্টাক পাক ৰেঞ্জাৰৰ গুলীচালনাৰ দ্বাৰা সমৰ্থন পাইছিল।
#WATCH | On 8-9 May 2025, BSF foiled a major infiltration bid at the International Boundary in Samba district, J&K by killing at least seven terrorists and causing extensive damage to the Pakistan Post Dhandhar, says BSF.
(Source: BSF) pic.twitter.com/c2MWOUuvQs
— ANI (@ANI) May 9, 2025
-
ভাৰতৰ আকাশত পাকিস্তানৰ আক্ৰমণ বিফল
ভাৰতৰ আকাশত প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰই বিফল কৰিলে পাকিস্তানৰ আক্ৰমণ। ভাৰতীয় সেনা আৰু বায়ুসেনা দুয়োটাৰে পাকিস্তান সীমান্তত ক্ষেপণাস্ত্ৰ ব্যৱস্থা আছে।
-
১৪৯ খন বিমান বাতিল
পাকিস্তানৰ বিমানবন্দৰত বিশৃংখল পৰিস্থিতি। সমগ্ৰ দেশৰ কৰাচী, লাহোৰ, ইছলামবাগকে ধৰি সকলো বিমানবন্দৰতে সমস্যাৰ সৃষ্টি। আজি বিভিন্ন বিমানবন্দৰৰ পৰা মুঠ ১৪৯খন বিমান বাতিল কৰা হৈছে।
-
প্ৰতিৰক্ষা মন্ত্ৰালয়ত ডাঙৰ বৈঠক
প্ৰতিৰক্ষা মন্ত্ৰালয়ত অনুষ্ঠিত হৈছে বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এই বৈঠকত চিডিএছ আৰু তিনিওটা সেনাৰ মুৰব্বী উপস্থিত থাকে।
-
ভাৰতীয় বায়ুসেনাই দিলে জোখ-মাখ আৰু উত্তম উত্তৰ
পাকিস্তানৰ আক্ৰমণ সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই এক বিবৃতি প্ৰকাশ কৰিছে। বায়ু প্ৰতিৰক্ষা আৱৰণৰ জৰিয়তে ৰাইজৰ সুৰক্ষা সুনিশ্চিত হৈছে। যোৱা নিশা CUAS, Pechora, SAMAR আৰু AD বন্দুক ব্যৱহাৰ কৰা হয়। আমি (ভাৰতীয় বায়ুসেনা) জোখ-মাখ আৰু সঠিক উত্তৰক সঁহাৰি জনাইছোঁ।
-
ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যৰ বাবেই পাকিস্তানত আতংক বিয়পি পৰে
পাকিস্তানৰ বিমান অনুপ্ৰৱেশ বিফল কৰাৰ পিছত ভাৰতে গ্ৰহণ কৰা প্ৰতিশোধমূলক ব্যৱস্থাই পাকিস্তানৰ সিন্ধু আৰু পঞ্জাৱত অৱস্থিত সকলো চাউনীতে আতংক বিয়পাই দিয়ে। বৰ্তমান সময়ত পাকিস্তানৰ সামৰিক শিবিৰত বৃহৎ পৰিসৰৰ লোকক উলিওৱাৰ কাম চলি আছে।
-
চণ্ডীগড়ত বিমান আক্ৰমণৰ সতৰ্কবাণী, বাজি উঠিল চাইইৰেন
চণ্ডীগড়ত জাৰি কৰিছে এলাৰ্ট। বাজি উঠিছে চাইৰেন, প্ৰশাসনে ঘৰতে থাকিবলৈ কয় ৰাইজক।
-
অসমত সকলো বিহু অনুষ্ঠান বাতিল
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত ১০ মে’ৰ পিছৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল। যুদ্ধকালীন পৰিস্থিতিৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীৰ।
-
পাকিস্তানৰ গুলীচালনাৰ ফলত জম্মু-কাশ্মীৰৰ যথেষ্ঠ ক্ষতি
যোৱা নিশা জম্মু-কাশ্মীৰৰ এখন সীমান্তৱৰ্তী গাঁৱত পাকিস্তানে প্ৰচণ্ড গোলাবৰ্ষণত ঘৰ-দুৱাৰৰ লগতে দোকান-পোহাৰৰ যথেষ্ঠ ক্ষতিসাধন হৈছে।
#WATCH जम्मू-कश्मीर के सीमावर्ती गांव में कल रात पाकिस्तान द्वारा की गई भारी गोलाबारी के बाद नागरिक के घरों और दुकानों को जला दिया गया और क्षतिग्रस्त कर दिया गया
(वीडियो समय के अनुसार नहीं है) pic.twitter.com/9FRjI1ujkX
— ANI_HindiNews (@AHindinews) May 9, 2025
-
আজি পুৱা ৪ বজাতো পাকিস্তানে পঠিয়াইছিল ড্ৰোন , সকলোবোৰ ধ্বংস কৰে
প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে, আজি পুৱা ৪ বজাৰ পিছত পাকিস্তানে পুনৰ ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলাইছিল যদিও এইবাৰো ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলোবোৰ নিষ্ক্ৰিয় কৰি পেলায়। ইয়াৰ পূৰ্বে নিশা পাকিস্তানৰ পৰা ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰা হৈছিল।
-
পশ্চিম সীমান্তত পাকিস্তানৰ আক্ৰমণ, ভাৰতে দিলে উপযুক্ত উত্তৰ : ভাৰতীয় সেনা
ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে, ৮ আৰু ৯ মে’ৰ নিশা সমগ্ৰ পশ্চিম সীমান্তত পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে ড্ৰ’ন আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰ কৰি কেইবাটাও আক্ৰমণ চলাইছিল। ইয়াৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যই কেইবাবাৰো উলংঘা কৰিছিল। ড্ৰ’ন আক্ৰমণ বিফল কৰা হৈছিল আৰু উপযুক্ত উত্তৰ দিয়া হৈছে।
-
ভাৰতে মুকলি কৰিলে ছালাল বান্ধৰ বহু গেট
জম্মু-কাশ্মীৰৰ ৰিয়াছিত চেনাব নদীত নিৰ্মিত ছালাল বান্ধৰ কেইবাখনো দুৱাৰ মুকলি কৰিছে ভাৰতে।
-
কৰাচী পালে তুৰস্কৰ কাৰ্গো বিমান
ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ মাজতে তুৰস্কৰ কাৰ্গো বিমানখনে কৰাচীত উপস্থিত। এই বিমানখনে ভিয়েটনামৰ পৰা উৰা মাৰিছিল। পাকিস্তান আৰু তুৰস্ক দুয়োখন দেশে এই বিমান সন্দৰ্ভত তথ্য গোপনীয় কৰি ৰাখিছে।
-
ঘৰতে থাকক… অমৃতসৰত পুনৰ বাজি উঠিল এয়াৰ এটেক এলাৰ্ট চাইৰেন
কিছু সময়ৰ আগতে অমৃতসৰত পুনৰ শুনা গ’ল এয়াৰ এটেক এলাৰ্ট চাইৰেন। একে সময়তে মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে।
-
ভাৰতে ৫০ খনতকৈও অধিক পাকিস্তানী ড্ৰোন ধ্বংস কৰে
যোৱা নিশা পাকিস্তানে LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ একাধিক স্থানলৈ একেলগে বহু ড্ৰ’ন প্ৰেৰণ কৰে। যিবোৰ ড্ৰ’ন বিফল কৰে ভাৰতীয় সেনাই। উধামপুৰ, চাম্বা, জম্মু, আখনূৰ, নগ্ৰোটা আৰু পাঠানকোটত থকা ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স ইউনিটে যথেষ্ঠ কাউণ্টাৰ ড্ৰ’ন অভিযান চলাই ৫০খনতকৈও অধিক ড্ৰ’ন ধ্বংস কৰে। এই সংঘৰ্ষত এল-৭০ বন্দুক, জু-২৩ মিমি, শিল্কা ব্যৱস্থা আৰু অন্যান্য উন্নত কাউণ্টাৰ ইউএএছ সঁজুলিৰ ব্যৱহাৰ কৰা হৈছিল। য’ত সেনাৰ শক্তিশালী ক্ষমতা প্ৰদৰ্শন কৰা হৈছিল।
-
আমেৰিকাই নকৰে হস্তক্ষেপ
ভাৰত-পাকিস্তান বিষয়ত আমেৰিকাই হস্তক্ষেপ নকৰে বুলি মন্তব্য কৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। তেওঁ কয় যে আমি দুয়োখন দেশকে অস্ত্ৰ-শস্ত্ৰ ৰাখিবলৈ ক’ব নোৱাৰো, ইয়াৰ লগত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। আশাকৰোঁ কোনো পাৰমাণৱিক যুদ্ধ নহওক।
অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ কেইবাখনো ঠাইত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাই, যি ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি পেলায়। ইয়াৰ পাছতে ভাৰতে প্ৰতিশোধমূলক প্ৰত্যাক্ৰমণ চলাই পাকিস্তানৰ কেইবাখনো চহৰত মিছাইল নিক্ষেপ কৰে। ইফালে ভাৰতীয় নৌ সেনাইও কৰে আক্ৰমণ।