এইবাৰ সীমা হাইদৰ পাকিস্তানলৈ উভতি যাবনে ? ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে উঠিছে প্ৰশ্ন

পহলগামৰ কাণ্ডৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । সেই অনুসৰি, ভাৰতত বসবাস কৰা সকলো পাকিস্তানীৰ ভিছা বাতিল কৰা হৈছে। এনে পৰিস্থিতিত ভাৰতত অবৈধভাৱে বসবাস কৰা সীমা হাইদৰৰ কি হ’ব সেইলৈ চৰ্চা আৰম্ভ হৈছে ।

এইবাৰ সীমা হাইদৰ পাকিস্তানলৈ উভতি যাবনে ? ভাৰত চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে উঠিছে প্ৰশ্ন

সীমা হাইদৰ পাকিস্তানলৈ উভতি যাব নে?

Published: 

24 Apr 2025 01:36 AM

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ নিহত পিছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । দেশখনৰ বিৰুদ্ধে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । সেই অনুসৰি, ভাৰতত থকা পাকিস্তানৰ দূতাবাস বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । একেদৰে ভাৰতত বসবাস কৰা সকলো পাকিস্তানীৰ ভিছা বাতিল কৰা হৈছে। কেৱল এয়াই নহয়, সিন্ধু জল চুক্তি বাতিল কৰাৰ লগতে আটাৰী চেকপোষ্টো বন্ধ কৰি দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে । এনে পৰিস্থিতিত ভাৰতত অবৈধভাৱে বসবাস কৰা সীমা হাইদৰৰ কি হ’ব সেইলৈ চৰ্চা আৰম্ভ হৈছে ।

অৱশ্যে সীমা হাইদৰে দাবী কৰে যে, তেওঁ গ্ৰেটাৰ নয়দাৰ ৰাবুপুৰাত বাস কৰা শচীন মীনাক বিয়া কৰাইছে। এতিয়া তেওঁ হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে তেওঁ এতিয়াও ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই। এনে পৰিস্থিতিত ভাৰত চৰকাৰে লোৱা সিদ্ধান্তই ইয়াৰ ওপৰত কিমান প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষ্যণীয়। মন কৰিবলগীয়া যে, চৰকাৰে ভিছা বাতিলৰ কথা কৈছে । আনহাতে সীমা হাইদৰে ভিছা আৰু পাছপ’ৰ্ট অবিহনে ভাৰতলৈ আহিছে।

এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে, ভাৰত চৰকাৰে এতিয়া সীমা হাইদৰকো দেশৰ বহিষ্কাৰ কৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ সময়ে দিব, কিন্তু বৰ্তমান ভাৰতৰ সীমান্তত তেওঁৰ অবৈধ প্ৰৱেশৰ গোচৰ আদালতত বিচাৰাধীন হৈ আছে। সীমা হাইদৰে কেইবাবাৰো দাবী কৰিছে যে, তেওঁ এতিয়া ভাৰততে থাকিব আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কেৱল ইয়াতেই হ’ব।

উল্লেখ্য যে, সীমা হাইদৰে শচীন মীনাৰ সংস্পৰ্শলৈ আহি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । প্ৰায় দুবছৰ পূৰ্বে পাকিস্তানী স্বামী গুলাম হাইদৰক এৰি চাৰিটা সন্তানৰ সৈতে নেপালৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে। তেতিয়াৰ পৰাই তেওঁ গ্ৰেটাৰ নয়দাৰ শচীনৰ ঘৰত থাকে। শেহতীয়াকৈ তেওঁ শচীনৰ সৈতে এটা মন্দিৰত বিয়া কৰাইছে আৰু এটি পুত্ৰ সন্তান জন্ম হোৱাৰ কথা পোহৰলৈ আহিছে ।

নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা