গাত কৰিলে প্ৰস্ৰাৱ, কোঠাৰ ভিতৰত বন্ধ কৰি…পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ

বিবাহিত মহিলাগৰাকীৰ মতে, এবাৰ শহুৰেকৰ ঘৰলৈ উভতি অহাৰ পিছত স্বামীয়ে তেওঁক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল। অভিযুক্তই মদ্যপান কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলায়। আক্ৰমণৰ সময়ত মহিলাগৰাকী অচেতন হৈ পৰে। অভিযোগ অনুসৰি স্বামীয়ে তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল।

গাত কৰিলে প্ৰস্ৰাৱ, কোঠাৰ ভিতৰত বন্ধ কৰি...পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ

প্ৰতীকি ফটো

Published: 

21 Dec 2025 11:45 AM

আন এক নাৰকীয় কাণ্ড!  যৌতুকৰ বাবে এগৰাকী মহিলাক হাৰাশাস্তি আৰু অমানৱীয় ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যৌতুক দাবী পূৰণ নোহোৱা বাবে স্বামীয়ে মহিলাগৰাকীক আক্ৰমণ কৰাই নহয়, প্ৰস্ৰাৱ কৰাৰ লগতে ডিঙি চেপি হত্যাৰ চেষ্টা কৰে। তাৰ পিছতে বাজাৰখালা আৰক্ষী থানাত স্বামী আৰু শহুৰেকৰ ঘৰৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এই ঘটনা।

মহিলাগৰাকী সৰোজনী নগৰ অঞ্চলৰ বাসিন্দা। ২০২৪ চনৰ ২১ জানুৱাৰীত বাজাৰখালাৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এই মহিলাগৰাকীৰ অভিযোগ যে বিয়াৰ কিছু সময়ৰ পিছতে তেওঁৰ স্বামী, দেউতাক, ভনীয়েক, শাহুৱেকে তেওঁক দুই লাখ টকা নগদ ধন আৰু এটা সোণৰ আঙঠি যৌতুক হিচাপে আনিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে উল্লেখ কৰে যে ইতিমধ্যে তেওঁৰ পিতৃৰ মৃত্যু হৈছে, আৰু তেওঁৰ ভাতৃদ্বয়ে ঋণ লৈ তেওঁৰ বিয়াৰ ব্যৱস্থা কৰিছিল। পাৰিবাৰিক পৰিস্থিতিৰ বাবে তেওঁ শহুৰৰ লোকৰ পৰা দীৰ্ঘদিন ধৰি হাৰাশাস্তি সহ্য কৰিছিল।

বিবাহিত মহিলাগৰাকীৰ মতে, এবাৰ শহুৰেকৰ ঘৰলৈ উভতি অহাৰ পিছত স্বামীয়ে তেওঁক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল। অভিযুক্তই মদ্যপান কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলায়। আক্ৰমণৰ সময়ত মহিলাগৰাকী অচেতন হৈ পৰে। অভিযোগ অনুসৰি স্বামীয়ে তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। এই শব্দ শুনি পৰিয়ালৰ আন সদস্যই ঘটনাস্থলীত উপস্থিত হৈ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে যদিও অভিযুক্তই ছ’চিয়েল মিডিয়াত তেওঁৰ অশ্লীল ফটো প্ৰকাশ কৰাৰ ভাবুকি দি তেওঁলোকক নীৰৱ হৈ থাকিবলৈ বাধ্য কৰাই।

মহিলাগৰাকীয়ে কয় যে, মানহানি আৰু ভাবুকিৰ ভয়ত শহুৰেকৰ ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছিল যদিও হাৰাশাস্তি কেৱল তীব্ৰতৰ হৈ পৰে। অহৰহ মানসিক আৰু শাৰীৰিক অত্যাচাৰত হতাশ হৈ অৱশেষত তেওঁ আৰক্ষীৰ সহায় লোৱাৰ সিদ্ধান্ত ল’লে।

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বাজাৰখালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ব্রিজেশ কুমাৰ সিঙে স্বামী আৰু শহুৰৰ ঘৰৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰে৷ গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি তদন্ত আৰম্ভ কৰা হৈছে, আৰু প্ৰমাণ আৰু তথ্যৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাই পুনৰ এবাৰ উদঙাই দিছে যৌতুক ব্যৱস্থাৰ ভয়াবহ বাস্তৱতা আৰু নাৰীৰ বিৰুদ্ধে চলি থকা ঘৰুৱা হিংসাৰ ছবিখন।

ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
এচিডিটিৰ সমস্যা হোৱাৰ ৪ টা প্ৰধান কাৰণ, কেনেকৈ উপশম পাব ?
বৃক্কৰ পাথৰ হোৱাৰ আঁৰত লুকাই থকা শীৰ্ষ ৫টা কাৰণ
যকৃত বিকল হ’লে শৰীৰত কি কি পৰিৱৰ্তন দেখা যায়? সবিশেষ জানক
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...