শুব দিয়া নাছিল আৰু…পাকিস্তানত ২২ টা দিন কেনেকৈ ৰখা হৈছিল BSF জোৱান পূৰ্ণমক…

অৱশেষত বুধবাৰে ভাৰতলৈ উভতিল বি এছ এফ জোৱান পূৰ্ণম কুমাৰ শ্ব। যোৱা ২২ টা দিন ধৰি পাকিস্তানত আৱদ্ধ হৈ আছিল তেওঁ। পিছে পাকিস্তানে কেনেকৈ ৰাখিছিল তেওঁক?

শুব দিয়া নাছিল আৰু...পাকিস্তানত ২২ টা দিন কেনেকৈ ৰখা হৈছিল BSF জোৱান পূৰ্ণমক...

পূৰ্ণম কুমাৰ শ্ব

Published: 

15 May 2025 | 05:32 PM

প্ৰায় ২২ টা দিন পাকিস্তানী সেনাৰ হাতত আৱদ্ধ হৈ থকাৰ পাছত বুধবাৰে ভাৰতত উপস্থিত হয় বি এছ এফ জোৱান পূৰ্ণম কুমাৰ শ্ব। যোৱা ২৩ এপ্ৰলিত ভুলবশতঃ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল পূৰ্ণমে।তেতিয়াৰ পৰা পাকিস্তানে পূৰ্ণমক বন্দী কৰি ৰাখিছিল যদিও কালি মুকলি কৰি দিয়ে। পুৱা ১০.৩০ বজাত অটাৰী সীমান্ত পাৰ হৈ পূৰ্ণমে ভাৰতত প্ৰৱেশ কৰে। অৱশ্যে পূৰ্ণমৰ বিনিময়ত ভাৰতেও আৱদ্ধ কৰি ৰখা পাকিস্তানী ৰেঞ্জাৰ এজনক মুকলি কৰি দিয়ে।

কিন্তু প্ৰশ্ন হয়, ২২ টা দিন পাকিস্তানত কেনেকৈ কটাইছিল পূৰ্ণমে?  পাক ৰেঞ্জাৰসকলে তেওঁক কি নিৰ্যাতন চলাইছিল?

সূত্ৰৰ পৰা জানিব পৰা মতে, পূৰ্ণম কুমাৰ শ্বক বন্দী কৰাৰ পিছত পাকিস্তানী ৰেঞ্জাৰসকলে চকুত কাপোৰ বান্ধি দিছিল। ইতিমধ্যে চকুত কাপোৰ বান্ধি থকা পূৰ্ণৰ ফটো শেহতীয়াকৈ পোহৰলৈ আহিছিল। পাকিস্তানী ৰেঞ্জাৰসকলে পূৰ্ণমক কোনো ধৰণৰ শাৰীৰিক নিৰ্যাতন নচলালেও মানসিকভাৱে হাৰাশাস্তি কৰিছিল।  পূৰ্ণমে জনাই যে, পাকিস্তানী সেনাই তেওঁ শুব দিয়া নাছিল। ইমানেই নহয়, তেওঁক প্ৰতিদিনে গালি গালাজ পাৰি মানসিকভাবে হাৰাশাস্তি দিছিল। পূৰ্ণমক আনকি পাকিস্তানী সেনাই দাঁত ব্ৰাছ কৰিবলৈও দিয়া নাছিল।

সূত্ৰই জনোৱা মতে, পাকিস্তানী সেনাই পূৰ্ণমৰ পৰা গোপন তথ্য লাভ কৰাৰ চেষ্টা কৰিছিল। পাকিস্তানী সেনাই জানিব বিচাৰিছিল যে ভাৰতে সীমান্তৰ ক’ত, ক’ত বি এছ এফ জোৱান মোতায়েন কৰিছে। আনকি বি এছ এফৰ শীৰ্ষ বিষয়াসকলৰ বিষয়েও পাকিস্তানী সেনাই জানিব বিচাৰিছিল। কিন্তু পূৰ্ণমে মুখ খোলা নাছিল। তেওঁৰ পৰা কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল পাকিস্তানী সেনা।

কৰ্তব্যৰত অৱস্থাত পূৰ্ণমে পাকিস্তানত প্ৰৱেশ কৰিছিল।  কৰ্তব্যত থকাৰ বাবে পূৰ্ণমৰ হাতত ফোন নাছিল। তেনে অৱস্থাত পাকিস্তানী সেনাই তেওঁৰ পৰা  কোনো ধৰণৰ ফোন নম্বৰ বা এটা তথ্য লাভ কৰা নাছিল।

জানিব পৰা মতে, গ্ৰেপ্তাৰৰ পাছত পাকিস্তানী সেনাই তেওঁক অচিনাক্ত স্থানলৈ লৈ গৈছিল। পূৰ্ণমে গম পোৱা নাছিল তেওঁক ক’ত ৰখা গৈছিল। জেলৰ কোঠাত বন্দী হৈ থকাৰ বেছিভাগ সময় পূৰ্ণমৰ চকুত কাপোৰ বান্ধি ৰখা হৈছিল। কিন্তু পূৰ্ণমে বিমান উৰণ আৰু অৱতৰণৰ শব্দ শুনা পাইছিল। যাৰ বাবে তেওঁ নিশ্চিত হৈছিল যে কোনো এটা এয়াৰবেছৰত ওচৰত তেওঁক বন্দী কৰি ৰখা হৈছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ২৩ এপ্ৰিলত সীমান্তৰ কৃষকক সহায় কৰি থকা অৱস্থাত পূৰ্ণমে ভুলতে পাকিস্তানত প্ৰৱেশ কৰিছিল। অৱশেষত পূৰ্ণম স্বদেশলৈ ঘূৰি আহে। বৰ্তমান পূৰ্ণমৰ অৱস্থা শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰ বুলি জানিব পৰা গৈছে।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানে উভতাই দিলে BSF জোৱান পিকে চাউক, ভাৰতে উভতালে ৰেঞ্জাৰক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...