শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

HIV: অসমত বৃদ্ধি HIV ত আক্ৰান্ত লোকৰ সংখ্যাঃ জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…

অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও সাৰি যোৱা নাই ইয়াৰ পৰা। শেহতীয়াকৈ পোহৰলৈ আহিছে যে মৰিয়নিৰ একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰী HIV ত আক্ৰান্ত হৈছে। HIV ত আক্ৰান্ত হোৱাৰ বহু কাৰণ থাকে যদিও ড্ৰাগছ অন্যতম।

HIV: অসমত বৃদ্ধি HIV ত আক্ৰান্ত লোকৰ সংখ্যাঃ জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…
এইচ আই ভি
barasha-sarma
Barasha Sarma | Published: 19 Aug 2024 13:22 PM

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে HIV আক্ৰান্তলোকৰ সংখ্যা। বিশেষকৈ ড্ৰাগছ সেৱন কৰাৰ ফলত যুৱ প্ৰজন্মৰ মাজত এই ৰোগৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসমত ১৩১৭ জনলোক HIV ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰে ৬৬৯ জন লোকেই বেজীৰে ড্ৰাগছ লোৱা।  সমগ্ৰ দেশত চিৰিঞ্জেৰে ড্ৰাগছ লোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হোৱা ৯.০৩ শতাংশলোকৰ ২.২১ শতাংশ অসমৰ।২০২২ চনত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি অসমত চিৰিঞ্জেৰে ড্ৰাগছ লৈ HIV ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৬,১৫৬ গৰাকী। এয়া অসমৰ বাবে এক উদ্বেগজনক বিষয়।

বিশেষকৈ অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও সাৰি যোৱা নাই ইয়াৰ পৰা। শেহতীয়াকৈ পোহৰলৈ আহিছে যে মৰিয়নিৰ একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰী HIV ত আক্ৰান্ত হৈছে। HIV ত আক্ৰান্ত হোৱাৰ বহু কাৰণ থাকে যদিও ড্ৰাগছ অন্যতম। বিগত বছৰসমূহত ড্ৰাগছৰ কবলৰ পৰা অসমক ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছে যদিও এতিয়াও সেয়া সম্পূৰ্ণ সম্ভৱ হোৱা নাই। আৰক্ষী তথা প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলোৱাৰ পাছতো একাংশই এই ধ্বংসমুখী জগতলৈ গতি কৰিছে।

পুৰুষৰ দেহত লক্ষ্যণ

HIV ত আক্ৰান্ত হোৱা পুৰুষ- মহিলাৰ মাজৰ কিছু লক্ষ্যণ একে যদিও কিছুমান লক্ষ্যণ কেৱল পুৰুষৰ দেহত দেখা যায়। ইয়াৰে কেইটামান তলত উল্লেখ কৰা হ’ল-

যৌন ক্ষমতা হ্ৰাসঃ এই ৰোগত আক্ৰান্ত হোৱা পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায়। এযা হাইপ’গ’নাডিজমৰ লক্ষণ, অৰ্থাৎ পুৰুষৰ অণ্ডকোষে যৌন হৰম’ন টেষ্টষ্টেৰন পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰা নাই। এই অৱস্থা এইচ আই ভিৰ সৈতে জড়িত। হাইপ’গ’নাডিজমৰ বাবে আন বহুতো সমস্যা হ’ব পাৰে যেনে-

  • নপুংসতা
  • ডিপ্ৰেছন
  • ভাগৰ লগা
  • বন্ধ্যাত্ব
  • শৰীৰ আৰু মুখত চুলিৰ বৃদ্ধি হ্ৰাস পায়
  • স্তনৰ কলা বৃদ্ধি পায়

লিংগত ঘাঁঃ HIV আক্ৰান্ত হলে বিভিন্ন অংগত ঘাঁ হয়। মুখত বা খাদ্যনলীত হ’ব পাৰে। ইয়াৰোপৰি আপোনাৰ মলদ্বাৰ বা লিংগতো ঘাঁ হ’ব পাৰে। এই ঘাঁ এবাৰ ভাল হ’লেও পুনৰ আৰম্ভ হয়।

প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা হোৱাঃ HIV আক্ৰান্ত পুৰুষৰ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা- পোৰা বা বিষ অনুভৱ হয়। ইয়াৰোপৰি বীর্যপাতৰ সময়ত তীব্ৰ বিষ হয়, বেছিকৈ প্ৰস্ৰাৱ কৰা, ৰক্তাক্ত প্ৰস্ৰাৱ, মূত্ৰাশয়, অণ্ডকোষ, লিংগ বা অণ্ডকোষ আৰু মলদ্বাৰৰ মাজৰ অংশত বিষ হয়সকঁকালৰ তলৰ অংশ, পেট বা কঁকালৰ বিষ আদি ইয়াৰ সাধাৰণ লক্ষণ।

অন্য লক্ষণ

  • জ্বৰ,
  • মূৰৰ বিষ,
  • ভাগৰুৱা,
  • ডিঙিৰ বিষ,
  • ছালৰ ফোহা,
  • ফুলা টনচিল,
  • ডায়েৰিয়া,
  • পেশী বা গাঁঠিৰ বিষ,
  • মুখৰ ঘা
  • ওজন হ্ৰাস পোৱা

কাৰণ

  • এই ৰোগত আক্ৰান্ত ব্যক্তিৰ তেজৰ সংস্পৰ্শলৈ আহিলে।
  • সুৰক্ষা অবিহনে যৌন সম্পৰ্ক স্থাপন
  • এই ৰোগ পুৰুষৰ পৰা পুৰুষলৈ, মহিলাৰ পৰা পুৰুষলৈ,মহিলাৰ পৰা মহিলালৈ আদি ধৰণে বিয়পিব পাৰে।
  • সংক্ৰমিত ব্যক্তিৰ তেজ, বীৰ্য্য, যোনিৰ তৰল, মাতৃদুগ্ধ, মলদ্বাৰৰ তৰল পদাৰ্থৰ দ্বাৰা বিয়পে।
  • ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্য সেৱন।
  • এছ. টি. হোৱা ।

ইয়াৰোপৰি আৰু এই ৰোগৰ বহু কাৰণ আৰু লক্ষণ আছে। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাতো দৰকাৰ। AIDS এইচ আই ভি আক্ৰন্ত ব্যক্তিৰ অন্তিম ষ্টেজ। এই সময়টোত শৰীৰৰ দুৰ্বলতা অধিক বৃদ্ধি পায়। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ কৰি ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।