শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ চৰকাৰৰ নিৰ্দেশ, ৯ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা কৰিব লাগিব কাম…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে বেয়া খবৰ।  এতিয়াৰে পৰা ব্যক্তিগত কৰ্মচাৰীৰ কামৰ সময় ১২ ঘন্টালৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। এনে পৰিস্থিতিত এই সিদ্ধান্তক লৈ চিন্তিত হৈ পৰিছে বহু যুৱক-যুৱতী আৰু শ্ৰমিক। তেওঁলোকৰ মতে কামৰ সময় ইমান বাঢ়িলে পৰিয়ালক সময় দিব নোৱাৰিব।

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ চৰকাৰৰ নিৰ্দেশ, ৯ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা কৰিব লাগিব কাম…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Updated On: 09 Sep 2025 19:31 PM

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ কৰ্ম সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ চৰকাৰে নিয়ম সলনি কৰি কৰ্মচাৰীৰ সৰ্বোচ্চ কৰ্ম সময় ৯ ঘণ্টাৰ পৰা ১০ ঘণ্টালৈ বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ লগতে ক্ৰমান্বয়ে কামৰ সময়ৰ সীমা ১২ ঘন্টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। এই পৰিৱৰ্তন ব্যক্তিগত কোম্পানীত প্ৰযোজ্য হ’ব।

কৰ্মৰ সময় বৃদ্ধিৰ অৰ্থ কি হ’ব?

এই নতুন নিয়ম অনুসৰি এতিয়া ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে দৈনিক ৯ ঘণ্টাৰ পৰিৱৰ্তে ১০ ঘণ্টা কাম কৰিব লাগিব। লাহে লাহে ইয়াক ১২ ঘণ্টালৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ উপৰিও এতিয়া ৫ ঘণ্টাৰ পৰিৱৰ্তে ৬ ঘণ্টাৰ পিছত জিৰণি লোৱাৰ সময় উপলব্ধ হ’ব। লগতে কামৰ অতিৰিক্ত সময়সীমাও বৃদ্ধি কৰা হৈছে। আগতে এই সীমা প্ৰতি ত্ৰিমাসিকত ১১৫ ঘণ্টা আছিল, এতিয়া ১৪৪ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে অতিৰিক্ত সময়ৰ বাবে কৰ্মচাৰীসকলৰ লিখিত সন্মতিৰ প্ৰয়োজন হ’ব।

কৰ্মচাৰীৰ চিন্তা: পৰিয়াল আৰু মানসিক স্বাস্থ্য

এতিয়া চৰকাৰৰ এই সিদ্ধান্তক লৈ চিন্তিত হৈ পৰিছে মুম্বাইৰ বহু যুৱক-যুৱতী আৰু শ্ৰমিক। তেওঁলোকৰ মতে কামৰ সময় ইমান বাঢ়িলে পৰিয়ালক সময় দিব নোৱাৰিব। দিনটোত ১২ ঘণ্টা কাম কৰাটো মানসিক স্বাস্থ্যৰ বাবে ভাল নহয়। ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু শ্ৰমিকৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰিব পাৰে। অভাৰটাইমৰ ধন পোৱাৰ ক্ষেত্ৰত কোম্পানীয়ে সম্পূৰ্ণ ধন দিব নে নিদিয়ে, এই প্ৰশ্ন উত্থাপন হৈছে।

চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুম্বাইৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ বাবে কাম কৰা ধড়ক কামগাৰ ইউনিয়নৰ সভাপতি অভিজিৎ ৰাণে। তেওঁ কয় যে যদি কৰ্মচাৰীসকলে অধিক সময় কাম কৰিবলগীয়া হয়, তেন্তে তেওঁলোকৰ বাবে অতিৰিক্ত ভাট্টা আৰু উন্নত সুবিধাও নিশ্চিত কৰিব লাগে। এই বিষয়ত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ সৈতে কথা পাতিব বুলিও কয় যাতে কৰ্মচাৰীসকলৰ স্বাৰ্থৰ যত্ন ল’ব পৰা যায়। লগতে তেওঁ চৰকাৰৰ পৰা নিয়োগ সুৰক্ষা আৰু ষ্টাৰ্টআপ কোম্পানীক উৎসাহিত কৰাৰ দাবী জনায়।

লগতে পঢ়ক: ভয়ংকৰ হিমস্খলন! কৰ্তব্য পালন কৰি থকা অৱস্থাতে ৩ সেনা জোৱান শ্বহীদ