Medicine Price: ডায়েবেটিছৰ পৰা হৃদৰোগলৈকে, NPPA য়ে হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য
বহু কেইবিধ অত্যাৱশ্যকীয় ঔষধৰ দাম কমিবলৈ গৈ আছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই(National Pharmaceutical Pricing Authority (NPPA)) ৩৫ টা এনে ঔষধৰ খুচুৰা মূল্য হ্ৰাস কৰিছে ।

চিকিৎসাৰ খৰচ বহন কৰাটো বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰ বাবে ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষকৈ সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ বাবে ই মূৰৰ বিষৰ কাৰণ বুলি ক’লেও ভুল নহ’ব। অৱশ্যে বহু কেইবিধ অত্যাৱশ্যকীয় ঔষধৰ দাম কমিবলৈ গৈ আছে। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই(National Pharmaceutical Pricing Authority (NPPA)) ৩৫ টা এনে ঔষধৰ খুচুৰা মূল্য হ্ৰাস কৰিছে ।
এই ঔষধৰ তালিকাত হৃদৰোগৰ ঔষধ, এন্টিবায়টিক, ডায়েবেটিছৰ ঔষধ আদি অন্তৰ্ভুক্ত কৰা হৈছে। জনা গৈছে যে, তালিকাত মানসিক বিকাৰৰ ঔষধো আছে। এই মূল্য হ্ৰাস কৰাৰ পাছত ক্ৰেতাই কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে এন পি পি এয়ে নিৰ্ধাৰণ কৰা মূল্যৰ ভিত্তিত কেন্দ্ৰীয় মন্ত্ৰালয়ে জাননী জাৰি কৰিছে।
এই সিদ্ধান্তই কেইবাবিধো ঔষধৰ কম্বিনেচনৰ মূল্যত প্ৰভাৱ পেলাব। উদাহৰণস্বৰূপে, পেৰাচিটামল আৰু ট্ৰিপচিন চাইম’ট্ৰিপচিন, এমোক্সিচিলিন আৰু পটাছিয়াম ক্লেভুলেনেট, এট’ৰভাষ্টেটিন আদি। ডাঃ ৰেড্ডীজ লেবৰেটৰীৰ এচিক্ল’ফেনাক-পেৰাচিটামল-ট্ৰিপচিন চাইম’ট্ৰিপচিনৰ কম্বিনেচন মূল্য ১৫.০১ টকাৰ পৰা ১৩ টকালৈ হ্ৰাস কৰা হৈছে। হৃদযন্ত্ৰৰ সমস্যাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা এট’ৰভাষ্টেটিন ৪০ মিলিগ্ৰাম আৰু ক্ল’পিড’গ্ৰেলৰ মূল্য ৭৫ মিলিগ্ৰামৰ কম্বিনেচন দাম হ্ৰাস কৰা হৈছে।
কেন্দ্ৰৰ গাইডলাইনত উল্লেখ আছে যে, পৰিৱৰ্তিত মূল্য দোকান বা প্ৰাসংগিক স্থানত প্ৰদৰ্শন কৰিব লাগে যাতে সকলোৱে চাব পাৰে। পৰিৱৰ্তিত মূল্য লোৱা নহ’লে ডিপিচিঅ’ আৰু অত্যাৱশ্যকীয় সামগ্ৰী কৰ্তৃপক্ষৰ(Essential Commodities Authority) ওচৰত অভিযোগ দাখিল কৰিব পাৰে।
NPPA য়ে জনাইছে যে, যিবোৰ ঔষধৰ বাবে জি এছ টি আৰোপ কৰা হয়, সেইবোৰৰ ওপৰত জি এছ টি আৰোপ কৰা হ’ব। মন কৰিবলগীয়া যে, কেমিকেল আৰু ফাৰ্টিলাইজাৰ মন্ত্ৰালয়ৰ অধীনস্থ এন পি পি এয়ে দেশৰ সকলো ঔষধৰ দাম নিয়ন্ত্ৰণ কৰে।