শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

খিলঞ্জীয়াৰ স্বাৰ্থত চলোৱা উচ্ছেদক সমৰ্থন কৰি দেখুৱাওক কংগ্ৰেছে, ডাঙৰ প্ৰত্যাহ্বান বিজেপিৰ

সোমবাৰে অসম ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা এত বিবৃতিত কোৱা হৈছে যে, অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমত এজনো বিদেশী থকাটো নিবিচাৰো বুলি দিয়া মন্তব্য অত্যন্ত হাস্যকৰেই নহয় আমোদজনকো। এই কথা কোনো খিলঞ্জীয়াই মানি নলয় বুলি কটাক্ষ বিজেপিৰ।

খিলঞ্জীয়াৰ স্বাৰ্থত চলোৱা উচ্ছেদক সমৰ্থন কৰি দেখুৱাওক কংগ্ৰেছে, ডাঙৰ প্ৰত্যাহ্বান বিজেপিৰ
গৌৰৱ গগৈ আৰু দিলীপ শইকীয়া
manas-borah
Manas Borah | Updated On: 04 Aug 2025 22:21 PM

হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক লৈ কংগ্রেছ শংকিত। এই বেদখলকাৰীসকলে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত অসমৰ চৰকাৰী ভূমি, বনাঞ্চল বা জলাশয় বেদখল কৰি বহিছিল। গতিকে এতিয়া খিলঞ্জীয়াৰ স্বাৰ্থত এই বেদখলীকৃত ভূমি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুক্ত কৰাটো কংগ্ৰেছে সহজভাৱে ল’ব পৰা নাই। এই দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে।

সোমবাৰে অসম ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা এত বিবৃতিত কোৱা হৈছে যে, অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমত এজনো বিদেশী থকাটো নিবিচাৰো বুলি দিয়া মন্তব্য অত্যন্ত হাস্যকৰেই নহয় আমোদজনকো। যি কংগ্ৰেছে নিজৰ দীৰ্ঘদিনীয়া শাসনৰ সময়ত অসমখনক অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰলৈকে ৰূপান্তৰ কৰিলে, তেনেকুৱা দলৰ সভাপতিয়ে অসমত এজনো বিদেশী থকাটো নিবিচাৰো বুলি কোৱা কথাটো কোনো খিলঞ্জীয়া মানুহে বিশ্বাসত নলয় বুলি দাবী কৰে বিজেপিয়ে।

লগতে দলটোৱে অভিযোগ কৰে যে, এই কংগ্ৰেছৰ শাসনতে অসমলৈ অবৈধ বাংলাদেশীৰ সোঁত বৈ ৰাজ্যখনৰ কেইবাখনো জিলাত জনগাঁথনিৰ ব্যাপক পৰিবৰ্তন সাধন কৰিছিল। কেইবাখনো জিলাত আজি খিলঞ্জীয়া বা হিন্দু লোকসকল সংখ্যালঘুত পৰিণত হৈছে। অৱশ্যে খিলঞ্জীয়াৰ এই দুৰৱস্থাৰ কৃতিত্ব কংগ্ৰেছৰ বুলিও বিবৃতিটোত অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিয়ে।

ৰাজ্যিক বিজেপিয়ে পুনৰ দাবী কৰে, “যি কংগ্ৰেছে অবৈধ অনুপ্রবেশকাৰীক ৰক্ষনাবেক্ষণ দিবলৈ আইএমডিটি আইন প্রণয়ন কৰিছিল, যি কংগ্ৰেছ চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াই কংগ্ৰেছৰ পূৰ্ববংগীমূলৰ বিধায়কৰ ধমকিত অসমত এজনো বিদেশী নাই বুলি ৰাজহুৱা মন্তব্য কৰিছিল, সেই দলটোৰ এতিয়াৰ উত্তৰাধিকাৰীয়ে অসমত এজনো বিদেশী থকাটো নিবিচাৰে বুলি মন্তব্য কৰি হাঁহিৰ খোৰাকহে যোগাইছে।”

“আনকি বিগত ১৫ টা বছৰে শাসনত থকা কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈ ডাঙৰীয়াইও অসমত বিদেশী থকা বুলি ক’বলৈ সাহস নকৰিলে। প্রদেশ কংগ্ৰেছ বা গৌৰৱ গগৈ যদিহে ইমানেই অবৈধ বিদেশীৰ বিৰোধী তেন্তে এনআৰছিৰ চূড়ান্ত খচৰাৰ ২০ শতাংশ পুনৰীক্ষণ কিয় নিবিচাৰে ?” এই প্ৰশ্ন ৰাজ্যিক বিজেপিৰ।

বিবৃতিটোত কোৱা হয় যে, পূৰ্বৰ ইউপিএ আমোলৰ চৰকাৰৰ গৃহৰাজ্য মন্ত্ৰী জয়চোৱালে অসমত কেইবালাখো বিদেশী থকা বুলি সংসদত স্বীকাৰ কৰিছিল। পূৰ্বৰ গৃহমন্ত্রী ইন্দ্রজিত গুপ্তাই অসমত ৪০ লাখ বিদেশী থকা বুলি দাবী কৰিছিল। তেন্তে এই বিদেশীবোৰ কলৈ গ’ল, প্রদেশ কংগ্ৰেছ আৰু গৌৰৱ গগৈয়ে অসমৰ জনতাক উত্তৰ দিব পাৰিবনে বুলিও বিজেপিয়ে প্রশ্ন কৰে।

“একমাত্র ভোটবেংকৰ স্বাৰ্থত কংগ্রেছ দলে অসমত বিদেশী থকা বুলি কেতিয়াও মানি নলয়। পূর্ববংগীমূলৰ মুছলমানে অসমৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰাৰ বিৰোধিতা কংগ্ৰেছে কেতিয়াও নকৰে। কংগ্ৰেছে অসমৰ চৰকাৰী ভূমি, বনাঞ্চল, জলাশয়, জনজাতীয় বেল্ট আৰু ব্লকৰ মাটি এইসকল সন্দেহযুক্ত লোকে দখল কৰি লোৱাৰ কেতিয়াও বিৰোধীতা কৰা দেখা নাই। অসমৰ কেবাখনো সত্ৰৰ ভূমি আজি এইসকল পূর্ববংগীমূলৰ লোকে বেদখল কৰি সত্ৰ সংস্কৃতিৰ প্ৰতি অনা তীব্র প্রত্যাহ্বানক কংগ্ৰেছ দলে প্রকাৰন্তৰে সমৰ্থন কৰাহে দেখা যায়।” এই বিস্ফোৰক অভিযোগ বিজেপিৰ।

কংগ্রেছ যদি ইমানেই খিলঞ্জীয়া প্রেমী তেন্তে সম্প্রতি খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ অসমত বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চলোৱা উচ্ছেদ অভিযানক কিয় সমর্থন কৰিব পৰা নাই। পূর্ববংগীমূলৰ মুছলমানক সাৰথি কৰি চলি থকা কংগ্রেছ দলৰ খিলঞ্জীয়াৰ স্বাৰ্থত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চলাই থকা উচ্ছেদ অভিযানক সমর্থন কৰাৰ নৈতিক সাহস নাই বুলি কংগ্রেছক কটাক্ষ কৰে বিজেপিয়ে।