মাত্ৰ দুবছৰ পূৰ্বে প্ৰেম বিবাহ! কিন্তু স্বামীয় ল’লে অন্য ৰূপঃ প্ৰথমে কৰিলে গৰ্ভপাত, দাবী ৩ লাখ টকা; তাৰ পিছতে…
মাত্ৰ দুবছৰ পূৰ্বে মহিলাগৰাকীয়ে প্ৰেমৰ সম্পৰ্কৰ থকা ব্যক্তিজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত স্বামীয়ে তেওঁক মুম্বাইলৈ লৈ যায়। প্ৰথম অৱস্থাত সকলো ঠিকেই চলিছিল যদিও পিছলৈ স্বামীয়ে ল’লে অন্য এক ৰূপ। প্ৰথমে বলপূৰ্বক গৰ্ভপাত আৰু তাৰ পিছত আৰমভ কৰিলে মাৰপিটৰ দৰে নিৰ্যাতন।

প্ৰতিনিধিত্বমূলক ছবি
পোহৰলৈ আহিছে ঘৰুৱা হিংসাৰ এক নৃশংস ঘটনা। প্ৰেমৰ পূৰ্ণতাৰে বিবাহত আৱদ্ধ হোৱা এগৰাকী মহিলা নিজ ‘প্ৰেমিক’ স্বামীৰ দ্বাৰাই সন্মুখীন হৈছে অকথ্য নিৰ্যাতনৰ। মাত্ৰ দুবছৰ পূৰ্বে মহিলাগৰাকীয়ে প্ৰেমৰ সম্পৰ্কৰ থকা ব্যক্তিজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত স্বামীয়ে তেওঁক মুম্বাইলৈ লৈ যায়। প্ৰথম অৱস্থাত সকলো ঠিকেই চলিছিল যদিও পিছলৈ স্বামীয়ে ল’লে অন্য এক ৰূপ। প্ৰথমে বলপূৰ্বক গৰ্ভপাত আৰু তাৰ পিছত আৰমভ কৰিলে মাৰপিটৰ দৰে নিৰ্যাতন।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰত। চুবুৰীৰে বেলেগ জাতিৰ এজন যুৱকৰ প্ৰেমত পৰিল এগৰাকী যুৱতী। ২০২৩ চনৰ মে’ মাহত হিন্দু ৰীতি-নীতি অনুসৰি দুয়ো বিবাহপাশত আবদ্ধ হয়। মহিলাগৰাকীৰ পিতৃৰ ইতিমধ্যে মৃত্যু হৈছিল। মাকে শ্ৰমিক হিচাপে কাম কৰি কোনোমত পৰিয়ালটো পোহপাল দিছিল। বিয়াৰ পিছত স্বামীয়ে তেওঁক মুম্বাইলৈ লৈ যায় আৰু তাতেই ভাড়াঘৰত থাকে।
স্বামী আৰু ভগ্নীয়ে কৰায় গৰ্ভপাত
মুম্বাইৰ তেওঁলোকৰ ভাড়াঘৰৰ সমীপতে স্বামীৰ ভগ্নী আৰু দেউতাকেও বাস কৰিছিল। প্ৰথম অৱস্থাত দুয়োৰে মাজত সকলো স্বাভাৱিক আছিল। প্ৰায় এবছৰৰ পিছত মহিলাগৰাকী গৰ্ভৱতী হয় যদিও তেওঁৰ স্বামী আৰু ভগ্নীয়ে ঔষধ যোগান ধৰাৰ অজুহাতত তেওঁক জোৰকৈ গৰ্ভপাত কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
এই কথাৰ বিৰোধ কৰাৰ লগে লগে স্বামীয়ে তেওঁক গালি-গালাজ তথা শাৰীৰিক আক্ৰমণ কৰে। অভিযোগ অনুসৰি স্বামীয়ে তেওঁক ৩ লাখ টকা দাবী কৰে আৰু তেতিয়াহে লগত ৰাখিব বুলি ভাবুকি দিয়ে। মহিলাগৰাকীয়ে নিজ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ দোহাই দি ইমান টকা যোগাৰ কৰা সম্ভৱ নহ’ব বুলি উল্লেখ কৰে যদিও মান্তি নহয় স্বামী।
ইয়াৰ পিছত স্বামীয়ে তেওঁক মুম্বাইৰ এটা কোম্পানীত চাকৰি যোগাৰ কৰি দিয়ে। এই সময়ছোৱাত মহিলাগৰাকী পুনৰ গৰ্ভৱতী হয় যদিও এইবাৰো স্বামীয়ে চলায় হাৰাশাস্তি। অভিযোগ মতে, স্বামীয়ে মহিলাগৰাকীৰ সকলো উপাৰ্জন নিজৰ হাতলৈ নি পুনৰ ৩ লাখ টকা দাবী কৰে।
আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
ভুক্তভোগী মহিলাগৰাকীৰ মতে, ১ ডিচেম্বৰৰ নিশা তেওঁৰ স্বামীয়ে দেউতাকৰ লগতে আন কিছু লোকৰ সৈতে মদ্যপান কৰি ঘৰলৈ আহি পুনৰ ধন দাবী কৰিবলৈ আৰম্ভ কৰে। বাধা প্ৰদান কৰাত তেওঁক নিৰ্মমভাৱে আক্ৰমণ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে স্বামীয়ে। বাধ্য হৈ বিবাহিত মহিলাগৰাকীয়ে কোনোমতে ৰে’লেৰে গাজীপুৰৰ নিজ পিতৃগৃহত উপস্থিত হয়।
ইয়াৰ পিছত মহিলাগৰাকীয়ে প্ৰথমে মহিলা থানাত এজাহাৰ দাখিল কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্বামীকে ধৰি কেইবাজনো অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে সদৰ কোতৱালি থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে সম্প্ৰতি মহিলাগৰাকীৰ অভিযোগ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।