আজি দেশজুৰি বিজেপিয়ে পালন কৰিব সংবিধান হত্যা দিৱস, জানক ইয়াৰ কাৰণ আৰু ইতিহাস…

ভাৰতীয় জনতা পাৰ্টিয়ে ১৯৭৫ চনৰ ২৫ জুনত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে "সংবিধান হত্যা দিৱস" নামেৰে উদযাপন কৰিছে। ৰাজধানী দিল্লীৰ ৰাজপথত জৰুৰীকালীন অৱস্থাৰ বহু বেনাৰ পোষ্টাৰ লগোৱা হৈছে।  জৰুৰীকালীন অৱস্থাক একনায়কত্ববাদী মানসিকতাৰ ফল বুলি অভিহিত কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।

আজি দেশজুৰি বিজেপিয়ে পালন কৰিব সংবিধান হত্যা দিৱস, জানক ইয়াৰ কাৰণ আৰু ইতিহাস...

সংবিধান হত্যা দিৱস

Published: 

25 Jun 2025 09:29 AM

আজিৰ দিনটো “সংবিধান হত্যা দিৱস” হিচাপে উদযাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ।  ১৯৭৫ চনৰ ২৫ জুন অৰ্থাৎ আজিৰ দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সেয়ে এই দিনটোক বিজেপিয়ে প্ৰতি বছৰে জৰুৰীকালীন দিৱসৰ আয়োজন কৰি আহিছে। এইবাৰ দলে এই দিনটোৰ নাম সংবিধান হত্যা দিৱস ৰাখিছে। ৰাজধানী দিল্লীকে ধৰি দেশৰ বহু অঞ্চলত লগোৱা হৈছে পোষ্টাৰ।

জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পোষ্টাৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত পোষ্টাৰ  লগোৱা হৈছে । এই দিনটোক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰিব  বিজেপিয়ে । ইতিমধ্যে জিলা পৰ্যায়ত গাইডলাইন জাৰি কৰিছে দলটোৱে। দেশৰ প্ৰতিখন ৰাজ্যতে বিজেপিয়ে পালন কৰিব ‘সংবিধান হত্যা দিৱস’ । বুথ, মণ্ডল, জিলা আৰু ৰাজ্যিক পৰ্যায়ত আয়োজন কৰা হ’ব বিশেষ কাৰ্যসূচীৰ ।

বিজেপি নেতাসকলে কয় যে এই কাৰ্যসূচীসমূহৰ উদ্দেশ্য নতুন প্ৰজন্মক জৰুৰীকালীন সময়ৰ অন্ধকাৰ অধ্যায়ৰ বিষয়ে সচেতন কৰি সাধাৰণ মানুহৰ অধিকাৰ কেনেকৈ কাঢ়ি লোৱা হ’ল সেই কথা কোৱা।  এই উপলক্ষে আজি বহু ঠাইত প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব।

সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “২৫ জুন৷ আজিৰ পৰা ৫০ বছৰ পূৰ্বে এই দিনটোতে ভাৰতীয় সংবিধানক নস্যাৎ কৰি গণতন্ত্ৰক হত্যা কৰাৰ এক ক’লা অধ্যায়ৰ সূচনা কৰিছিল৷ স্মৰ্তব্য যে যিসকলে সংবিধানক বুঢ়া আঙুলি দেখুৱাইছিল, সেইসকলেই আজি সংবিধান ৰক্ষাৰ প্ৰবচন আগবঢ়ায়৷
জৰুৰীকালীন সময়ৰ সেই ক’লা ইতিহাসক কোনেও পাহৰিব নোৱাৰে, ইতিহাসে মনত ৰাখিব সেই সময়ক…”

জৰুৰীকালীন অৱস্থা একনায়কত্ববাদী মানসিকতা – শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এদিন পূৰ্বে কৈছিল, “জৰুৰীকালীন অৱস্থা পৰিস্থিতি আৰু বাধ্যবাধকতাৰ ফল নহয় বৰঞ্চ একনায়কত্ববাদী মানসিকতা আৰু ক্ষমতাৰ ক্ষুধাৰ ফল।” শ্বাহে লগতে কয়, “২৫ জুনে সকলোকে সোঁৱৰাই দিয়ে যে কংগ্ৰেছে ক্ষমতাৰ বাবে কিমান দূৰ আগবাঢ়িব পাৰে।”

শ্বাহে কয়, “১৯৭৫ চনৰ ২৪ জুন তাৰিখটো স্বাধীন ভাৰতৰ আটাইতকৈ দীঘলীয়া নিশা আছিল, কাৰণ ইয়াৰ পুৱা ২১ মাহৰ পিছত হৈছিল। একে সময়তে আটাইতকৈ চুটি নিশাও আছিল কাৰণ যিখন সংবিধান বনাবলৈ দুবছৰ ১১ মাহতকৈ অধিক সময় লাগিছিল, সেই সংবিধানখনক কেবিনেটে ক্ষন্তেকতে বাতিল কৰিছিল। যদি জৰুৰীকালীন অৱস্থাৰ স্মৃতি ম্লান হৈ যায়, তেন্তে সেয়া দেশৰ বাবে বিপদজনক। মোৰ গাঁৱৰ পৰাই ১৮৪ জন লোকক জে’ললৈ পঠিওৱা হৈছিল। মৃত্যুৰ আগলৈকে সেই দিনটো আৰু সেই দৃশ্যবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো।”

নকৰিব এই ৫টা ভুল! অন্যথা ভৱিষ্যত হ'ব অন্ধকাৰ...
মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব?
বাৰিষা ঋতুত পেটৰ সমস্যা কিয় হয়? জানক কি কি বস্তু খাব নালাগে
সৰিয়হ নে নাৰিকলৰ তেল? ঘন, ক’লা চুলিৰ বাবে কোনটো উত্তম?