শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Delhi blast: দিল্লীত বিস্ফোৰণ হোৱা I20 বাহনত আছিল সন্ত্ৰাসবাদী ডাঃ উমৰ, DNA পৰীক্ষাত বিস্ফোৰক তথ্য…

দিল্লীৰ বিস্ফোৰণক সন্ত্ৰাসবাদী আক্ৰমণ বুলি ঘোষণা কৰিছে চৰকাৰে। ডি এন এ মেচিঙৰ জৰিয়তে i20 ৰ চালক ডাঃ উমৰৰ পৰিচয় নিশ্চিত কৰিছে তদন্তকাৰী সংস্থাসমূহে। ডাঃ উমৰৰ মাতৃৰ ডি এন এৰ নমুনা গাড়ীখনত পোৱা অৱশিষ্টৰ সৈতে মিল থকাৰ ফলত বিস্ফোৰণৰ সময়ত তেওঁ গাড়ীখন চলাইছিল বুলি নিশ্চিত হয়।

Delhi blast: দিল্লীত বিস্ফোৰণ হোৱা I20 বাহনত আছিল সন্ত্ৰাসবাদী ডাঃ উমৰ, DNA পৰীক্ষাত বিস্ফোৰক তথ্য…
ডাঃ উমৰ
trishna-kalita
Trishna Kalita | Published: 13 Nov 2025 08:21 AM

সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত বিভিন্ন তথ্য প্ৰকাশ পাইছে । চৰকাৰেও ইয়াক সন্ত্ৰাসবাদী আক্ৰমণ বুলি ঘোষণা কৰিছে। ইফালে এতিয়া নিশ্চিত হৈছে যে i20 গাড়ীখন চলোৱা লোকজন আছিল ডাঃ উমৰ। ডি এন এ পৰীক্ষাৰ জৰিয়তে এই কথা নিশ্চিত হৈছে।

তদন্তকাৰী সংস্থাসমূহে ডাঃ উমৰৰ মাতৃৰ ডি এন এৰ নমুনাৰ সৈতে i20 গাড়ীখনৰ পৰা উদ্ধাৰ হোৱা হাড় আৰু দাঁতৰ ডি এন এৰ নমুনা মিলাইছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ডাঃ উমৰৰ মাতৃৰ ডি এন এ আই ২০ গাড়ীৰ পৰা উদ্ধাৰ হোৱা হাড় আৰু দাঁতৰ ডি এন এৰ নমুনাৰ সৈতে মিল খাইছে। লগতে প্ৰকাশ পাইছে যে বিস্ফোৰণৰ পিছত ডাঃ উমৰৰ ভৰিখন ষ্টিয়াৰিং আৰু এক্সিলেটৰৰ মাজত আবদ্ধ হৈ পৰিছিল।

বিস্ফোৰণৰ পূৰ্বে কেইবাজনো গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণৰ পূৰ্বে আৰক্ষীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল। যিসকলৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে। কোৱা হৈছে যে উমৰ এই আৰক্ষীৰ কাৰ্যত ভয় খাইছিল, যাৰ বাবে তেওঁ খৰখেদাকৈ আক্ৰমণ সংঘটিত কৰিছিল।

দুবছৰ ধৰি বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰখা হৈছিল

দিল্লী বিস্ফোৰণৰ পিছৰে পৰা সমগ্ৰ দেশৰ বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে অভিযান চলোৱা হৈছে। শেহতীয়াকৈ ফৰিদাবাদৰ পৰা ডাঃ শ্বাহীন শ্বাহিদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জেৰাৰ সময়ত তেওঁ জানিবলৈ দিয়ে যে বিগত দুবছৰ ধৰি বিস্ফোৰক সামগ্ৰী জমা কৰি ৰাখিছিল। লগতে কোৱা হৈছে যে, এই চিকিৎসকসকলৰ সমগ্ৰ গোটটো ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ পৰা পৰিচালনা কৰা  হৈছিল।

দিল্লী বিস্ফোৰণৰ পিছত তদন্তকাৰী সংস্থাই ১৮ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজনো লোকক আটক কৰি ৰাখিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোকক সোধা-পোছা কৰা হৈছে।

আহতসকলৰ সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

ভূটান ভ্ৰমণৰ লগে লগে বুধবাৰে বিয়লি দিল্লীৰ এল এন জে পি হাস্পতালত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পিছতে লগে লগে তেওঁ আহতসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। লগতে তেওঁ স্পষ্টভাৱে কয় যে কোনো কাৰণতে আক্ৰমণৰ দোষীক ৰেহাই দিয়া নহ’ব।