শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Twinkle Khanna, Akshay Kumar: মেনোপজক লৈ মুখ খুলিলে টুইংকল খান্নাই!

Twinkle Khanna, Akshay Kumar: মেনোপজক লৈ মুখ খুলিলে টুইংকল খান্নাই!

manas-borah
Manas Borah | Published: 12 Nov 2025 08:02 AM

টুইংকলে কয় যে, তেওঁ কেতিয়াবা অত্যন্ত গৰম অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ৰাতি হঠাতে তেওঁৰ ঘাম ওলাবলৈ আৰম্ভ কৰে।

বৰ বেছি বয়স হোৱা নাই। মাত্ৰ ৫০ বছৰ সম্পূৰ্ণ কৰিছে বলিউডৰ অভিনেত্ৰী টুইংকল খান্নাই। এই বয়সতে বন্ধ হ’ল ঋতুস্ৰাব। যাৰ ফলস্বৰূপে টুইংকলৰ শৰীৰত বিভিন্ন পৰিৱৰ্তন দেখা দিবলৈ আৰম্ভ কৰিছে। মিচেছ ফানি ব’নছে প্ৰতিদিনে বিভিন্ন নতুন অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ আহিছে। শেহতীয়াকৈ সেই অভিজ্ঞতাক লৈয়ে কলম হাতত তুলি ল’লে টুইংকলে । তেওঁ স্পষ্টকৈ ভাৱ প্ৰকাশ কৰিছে যে, পুৰুষৰ খুব ঈৰ্ষা হয়, তেওঁলোকৰ হৰম’ন কমি নাযায়।

ৰজোনিবৃত্তি মানে মহিলাৰ ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণ কমি যায়। ফলত শৰীৰত কেলচিয়ামৰ অভাৱ হ’ব পাৰে, যাৰ ফলত বাতবিষৰ বিষ আৰু মেজাজ সলনি হ’ব পাৰে। টুইংকলে কয় যে, তেওঁ কেতিয়াবা অত্যন্ত গৰম অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ৰাতি হঠাতে তেওঁৰ ঘাম ওলাবলৈ আৰম্ভ কৰে। তেওঁ দাবী কৰে যে, ছালখনো ক্ৰমান্বয়ে পাতল হৈ আহিছে। তেওঁৰ থুঁতৰিৰ তলত চুলি গজিছে।