নিশা দিয়া এইসমূহ লক্ষণ হ'ব পাৰে বৃক্ক বিকলৰ ইংগিত!

12   Nov 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰে। কিন্তু আজিকালি বৃক্কজনিত বিভিন্ন সমস্যাই দেখা দিয়ে। সমস্যা বেছি হ'লে বৃক্ক বিকল পৰ্যন্ত হ'ব পাৰে।

বৃক্ক

বৃক্কই ঠিকমতে কাম নকৰিলে নিশা কিছুমান সংকেতে দেখা দিয়ে। এইবোৰ বৃক্ক বিকলৰ প্ৰাৰম্ভিক ইংগিত হ'ব পাৰে। কিন্তু বহুতে সাধাৰণ সমস্যা বুলি এইবোৰ আওকাণ কৰে।

লক্ষণ

যদি নিশা আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ আহে তেন্তে এয়া বৃক্কৰ সমস্যাৰ ইংগিত হ'ব পাৰে। সাধাৰণ বৃক্কই প্ৰস্ৰাৱৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু ঠিকমতে কাম নকৰিলে বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে।

প্ৰস্ৰাৱ

যেতিয়া বৃক্কই শৰীৰৰ পৰা বেছি নিমখ আৰু পানী বাহিৰ কৰিব নোৱাৰে তেতিয়া ভৰি, গোৰোহা, হাত আদিত জমা হয়। যাৰ বাবে ফুলিবলৈ আৰম্ভ কৰে। এই সমস্যা নিশা বেছিকৈ হয়।

ভৰি ফুলা

যদি আপোনাৰ ছাল নিশা বাৰে বাৰে খজুৱাই থাকে বা জলা-পোৰা লাগে তেন্তে শৰীৰত জমা হোৱা বেয়া পদাৰ্থৰ বাবে হ'ব পাৰে। বৃক্কই বেয়া পদাৰ্থ বাহিৰ কৰিব নোৱাৰিলে ছালত এইবোৰ জমা হয়।

খজুৱতি

বৃক্কত সমস্যা হ'লে টোপনিৰ সমস্যা হয়। নিশা বাৰে বাৰে টোপনি ভাঙিব পাৰে। ইয়াৰোপৰি দুৰ্বলতা, ভাগৰুৱা আদি সমস্যাই দেখা দিব পাৰে। শৰীৰত বেয়া পদাৰ্থ জমা হোৱা বাবে এনে হয়।

টোপনি

যদি শুৱাৰ সময়ত উশাহ-নিশাহত সমস্যা হয় তেন্তে ই বৃক্কৰ সমস্যাৰ কাৰণ হ'ব পাৰে। গতিকে দীৰ্ঘদিন ধৰি যদি এই লক্ষণসমূহে দেখা দি থাকে তেতিয়া বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

উশাহত সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

কলেষ্টেৰল নিয়ন্ত্ৰণৰ উপায়