আছিল গৰ্ভৱতী, প্ৰেমিকে দিছিল ইছলাম ধৰ্ম গ্ৰহণৰ হেঁচা…মৰণোত্তৰ পৰীক্ষাত ভয়ংকৰ তথ্য পোহৰলৈ…
এগৰাকী যুৱতীৰ মৃত্যুৰ পাছতে প্ৰেমিক কাছিম আহমেদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কাছিমৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই সময়চোৱাত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
কিছুদিন পূৰ্বে এগৰাকী মডেলৰ অতি ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল। ইয়াৰ পাছতে গ্ৰেপ্তাৰ হৈছে যুৱতীগৰাকীৰ প্ৰেমিক কাছিম আহমেদ। অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আক্ৰমণ, ধৰ্মীয় স্বাধীনতা আইন, অনুসূচিত জাতি অনুসূচিত জাতি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ভোপালত।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, কাছিমে যুৱতীগৰাকীক বিয়াৰ বাবে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। ইয়াৰ মাজতে দেওবাৰে উজ্জেনৰ পৰা ভোপাললৈ অহাৰ সময়ত ৰহস্যজনক পৰিস্থিতিত যুৱতীগৰাকীৰ মৃত্যু হয়। যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া মাতৃৰ ওপৰত সৰগ ভাগি পৰিছে। কিয়নো পিতৃ-ভাতৃৰ মৃত্যুৰ পাছত যুৱতীগৰাকী আছিল পৰিয়ালটোৰ একমাত্ৰা জীৱিকাৰ উৎস।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
এতিয়া এই যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ আহিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, যুৱতীগৰাকী গৰ্ভৱতী আছিল। গৰ্ভাশয়ৰ নলী ফাটি যোৱাৰ ফলতে যুৱতীগৰাকীয়ে মৃত্যুক সাৱতি লয়। মৃত্যুৰ সময়ত যুৱতীগৰাকীৰ অতিমাত্ৰা অভ্যন্তৰীণ ৰক্তক্ষণৰ হৈছিল। আৰক্ষীৰ মতে, কাছিম আৰু যুৱতীগৰাকী প্ৰায় একেলগে বাস কৰিছিল। সেই সন্তানটি কাছিম আহমেদৰ আছিল।
কিন্তু এতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কাছিমৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ লোকে কয় যে, কাছিমে নিজকে ৰাহুল বুলি পৰিচয় দি যুৱতীগৰাকীৰ সৈতে চিনাকী হৈছিল। যেতিয়া যুৱতীগৰাকীয়ে সত্য জানিব পাৰিছিল তেতিয়া তেওঁ কাছিমৰ পৰা আঁতৰি আহিব বিচাৰিছিল। গতিকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকে লগতে কয় যে, যুৱতীগৰাকীৰ ওচৰৰ পৰা তেওঁলোকে বোৰ্খা লাভ কৰিছে। সেই বোৰ্খা পৰিধান কৰাই কাছিমে যুৱতীগৰাকীক ৰোজা ৰাখিবলৈ বাধ্য কৰাইছিল। পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো মিছা বুলি কয়। পৰিয়ালৰ লোকে কয় যে, যুৱতীগৰাকী গৰ্ভৱতী হটবই নোৱাৰে। এই ক্ষেত্ৰত পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি দোষীৰ শাস্তিৰ দাবী কৰিছে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে কাছিম। তেওঁ স্বীকাৰ কৰিছে যে যুৱতীগৰাকী গৰ্ভৱতী আছিল। তেওঁ কয় যে, “সেয়া আমাৰ সন্তান আছিল। আমি সোনকালে বিয়া পাতিলোহেতেন”। কাছিমে উল্লেখ কৰা অনুসৰি, ঘটনাৰ দিনা তেওঁ যুৱতীগৰাকীক পৰিয়ালৰ ওচৰলৈ লৈ গৈছিল। কিন্তু তেতিয়াই আধা ৰাস্তাত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি হয় আৰু পাছত মৃত্যুক সাৱতে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ আহিব পাৰে।
অন্য খবৰ পঢ়কঃ লাভ জেহাদ! ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃত্যু; সন্দেহৰ আৱৰ্তত প্ৰেমিক কাছিম আহমেদ…