কি হৈছে দিল্লীত? উৰিব পৰা নাই ১০০ খনৰো অধিক বিমান, যাত্ৰীৰ মাজত হাহাকাৰ…
দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰীৰ হাহাকাৰ। এখনৰ পাছত আনখন বিমানৰ উৰণত পলম হৈছে। যাৰ বাবে যাত্ৰীসকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছে।

বিমান (প্ৰতীকী ফটো)
দিল্লী বিমান বন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ। পলম হৈছে এখনৰ পাছত আনখন বিমানৰ উৰণ। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC) চাৰ্ভাৰত হোৱা কাৰিকৰী বিজুতিৰ বাবে এনে হোৱা বুলি জানিব পৰা গৈছে। ATC য়ে বৰ্তমান সমস্যা সমাধানৰ বাবে কাম কৰি আছে যদিও সফল হোৱা নাই। বৰ্তমানলৈকে ১০০ খনৰো অধিক বিমানৰ উৰণ পলম হৈছে। যাৰ বাবে যাত্ৰীসকল যথেষ্ঠ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।
ATC য়ে জনোৱা মতে, কাৰিকৰী বিজুতিৰ বাবে দিল্লী বিমান বন্দৰত বিমান সেৱা বিঘ্নিত হৈছে। ইয়ৰ বাবে বহু বিমানৰ উৰণ পলম হৈছে। শীঘ্ৰেই সমস্যাৰ সমাধানৰ বাবে এতিয়া কাম কৰি থকা হৈছে। গতিকে যাত্ৰীসকলক ধৈৰ্য সহকাৰে অপেক্ষা কৰিবলৈ আহ্বান জনাই বিমান বন্দৰ কৰ্তৃপক্ষই। ইয়াৰোপৰি শেহতীয়া আপডেটৰ বাবে যাত্ৰীক বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে।
Flight operations at #Delhi Airport are currently experiencing delays due to a technical issue with the Air Traffic Control (ATC) system. As a result, flight operations at Delhi and several northern regions are impacted.
We understand that extended wait times,…
— IndiGo (@IndiGo6E) November 7, 2025
১০০ৰো অধিক বিমান
ATC ৰ তথ্য অনুসৰি, এই বিজুতিৰ বাবে এতিয়ালৈকে ১০০ খনৰো অধিক বিমান উৰণত পলম হৈছে। ইয়াৰ ফলত আগমন আৰু প্ৰস্থান দুয়োটাতে সাময়িকভাৱে প্ৰভাৱ পৰে। যাৰ বাবে বৰ্ডিং গেটত যানজঁটৰ সৃষ্টি হোৱা দেখা যায়।
ইণ্ডিগ’ই কি ক’লে
এই সন্দৰ্ভত ইণ্ডিগই সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে, ATC ব্যৱস্থাৰ কাৰিকৰী সমস্যাপ বাবে দিল্লী বিমানবন্দৰত বিমান পৰিচালনাত পলম হৈছে। যাৰ বাবে দিল্লী আৰু উত্তৰৰ বিভিন্ন অঞ্চলৰ বিমান সেৱাত ব্যাঘাত জন্মিছে। আপডেটৰ বাবে যাত্ৰীসকলক ইণ্ডিগ ৱেবচাইত পৰীক্ষা কৰিবলৈ আহ্বান জনায়।
ইফালে এয়াই ইণ্ডিয়াইও যাত্ৰীসকলক ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে। বিমান সংস্থাটোৱে কৈছে যে, বিভাগীয় কৰ্তৃপক্ষই সমস্যাৰ সমাধানৰ বাবে বৰ্তমান কাম কৰি আছে। সমস্যা ঠিক হ’লে পুনৰ আৰম্ভ হ’ব বিমান সেৱা।
অন্য খবৰ পঢ়কঃ মোদী মোৰ বন্ধু, শীঘ্ৰেই মই ভাৰত ভ্ৰমণ কৰিম…ট্ৰাম্পৰ পুনৰ এক ডাঙৰ দাবী…