বিপাঙত প্ৰশান্ত কিশোৰ! বিহাৰ-পশ্চিম বংগ দুয়োখন ৰাজ্যৰ ভোটাৰ তালিকাত পিকেৰ নাম

নিৰ্বাচনী কৌশলবিদৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা প্ৰশান্ত কিশোৰ পুনৰ চৰ্চালৈ আহিছে। তেওঁৰ নৱগঠিত জন সুৰজ পাৰ্টিয়ে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও দুখন ভিন্ন ৰাজ্য (পশ্চিম বংগ আৰু বিহাৰ)ৰ ভোটাৰ তালিকাত কিশোৰৰ নাম তালিকাভুক্ত হৈছে।

বিপাঙত প্ৰশান্ত কিশোৰ! বিহাৰ-পশ্চিম বংগ দুয়োখন ৰাজ্যৰ ভোটাৰ তালিকাত পিকেৰ নাম

প্ৰশান্ত কিশোৰ

Published: 

28 Oct 2025 14:02 PM

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিহাৰত নিৰ্বাচনী কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে, অনুষ্ঠিত হৈছে ৰাজনৈতিক সভা। ইফালে নিৰ্বাচনী কৌশলবিদৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা প্ৰশান্ত কিশোৰ পুনৰ চৰ্চালৈ আহিছে। তেওঁৰ নৱগঠিত জন সুৰজ পাৰ্টিয়ে বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও দুখন ভিন্ন ৰাজ্য (পশ্চিম বংগ আৰু বিহাৰ)ৰ ভোটাৰ তালিকাত কিশোৰৰ নাম তালিকাভুক্ত হৈছে।

পশ্চিম বংগত তেওঁৰ ঠিকনা ১২১ কালিঘাট ৰোড বুলি তালিকাভুক্ত কৰা হৈছে, য’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমষ্টি ভৱানীপুৰত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ো আছে। প্ৰশান্ত কিশোৰে বংগৰ বিগত (২০২১) বিধানসভা নিৰ্বাচনৰ সময়ত টিএমচিৰ সৈতে ৰাজনৈতিক পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। তেওঁৰ ভোটগ্ৰহণ কেন্দ্ৰটো বি ৰাণীশংকৰী লেনত অৱস্থিত ছেইণ্ট হেলেন স্কুল বুলি তালিকাভুক্ত কৰা হৈছে।

বিহাৰৰ সাসাৰামতো ভোটাৰ তালিকাত নাম

বিহাৰত থকাৰ সময়ত তেওঁ সাসাৰাম সংসদীয় সমষ্টিৰ অন্তৰ্গত কাৰ্গহাৰ বিধানসভা সমষ্টিত ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছে। তেওঁৰ ভোটগ্ৰহণ কেন্দ্ৰ ৰোহতাছ জিলাৰ কোনাৰৰ মধ্য বিদ্যালয়। কোনাৰ তেওঁৰ পূৰ্বপুৰুষৰ গাঁও।

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, প্ৰশান্ত কিশোৰে এই সন্দৰ্ভত মন্তব্য বিচৰা ফোন বা মেছেজৰ কোনো সঁহাৰি নিদিলে যদিও তেওঁৰ দলৰ এজন জ্যেষ্ঠ সদস্যই বংগ নিৰ্বাচনৰ পিছত বিহাৰত ভোটাৰ হোৱা বুলি কয়। তেওঁলোকে কয় যে প্ৰশান্ত কিশোৰে নিজৰ বংগৰ ভোটাৰ কাৰ্ড বাতিল কৰিবলৈ আৱেদন কৰিছে, কিন্তু আবেদনৰ স্থিতি সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰা নাই। বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালেও এই প্ৰশ্নৰ কোনো উত্তৰ নিদিলে।

১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৭ নং ধাৰা অনুসৰি “কোনো ব্যক্তিৰ এটাতকৈ অধিক সমষ্টিৰ ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰাৰ অধিকাৰ নাথাকে।” ১৮ নং ধাৰাতো উল্লেখ আছে যে একেটা সমষ্টিৰ ভোটাৰ তালিকাত কোনো ব্যক্তিয়ে এবাৰতকৈ অধিক পঞ্জীয়ন কৰিব নোৱাৰিব। পঞ্জীয়ন হোৱাৰ পিছত কোনো ভোটাৰে বাসস্থান সলনি বা ভুল শুধৰণিৰ বাবে নিৰ্বাচন আয়োগৰ প্ৰ-পত্ৰ ৮ নং প্ৰ-পত্ৰ পূৰণ কৰি নিজৰ প্ৰয়োজনীয় সংশোধন কৰিব পাৰে।

একাধিক ভোটাৰ তালিকাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগ

নিয়মৰ মাজতো একাধিক স্থানত পঞ্জীয়নভুক্ত বহু সংখ্যক ভোটাৰ পোৱা যায়। ইয়াৰ ফলত নিৰ্বাচন আয়োগে বিহাৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) কৰাৰ সিদ্ধান্ত লয়। যোৱা মাহৰ ৩০ ছেপ্টেম্বৰত ভোটাৰ তালিকাৰ চূড়ান্ত প্ৰকাশৰ লগে লগে বিহাৰত SIR প্ৰক্ৰিয়াৰ সামৰণি পৰে।

এই প্ৰক্ৰিয়াত মুঠ ৬৮.৬৬ লাখ ভোটাৰক আঁতৰাই দিয়া হয়, ইয়াৰে ৭ লাখ একাধিক স্থানত পঞ্জীয়নভুক্ত ভোটাৰ আছিল। অৱশ্যে ভোটাৰ তালিকাত এতিয়াও ডুপ্লিকেট নাম থাকিব পাৰে বুলিও বিষয়াসকলে কয়।

৭৩ নং ৱাৰ্ডৰ স্থানীয় তৃণমূল কাউন্সিলাৰ তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভনীয়েক কাজৰী বেনাৰ্জীয়ে কয় যে ১২১ নং কালিঘাট ৰোডত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ দলীয় কাৰ্যালয়। “তেওঁ (প্ৰশান্ত কিশোৰ) সেই অট্টালিকাটোত (টিএমচিত কাৰ্যকালত) আহি থাকিছিল। কিন্তু তেওঁ ইয়াৰ পৰা (ভোটাৰ হিচাপে) পঞ্জীয়ন কৰিছিল নে নাই মনত নাই।”

কিন্তু যোৱা বছৰৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰশান্ত কিশোৰ তাত ভোটাৰ হোৱাত বাওঁপন্থী চিপিএমৰ তীব্ৰ আপত্তি আছিল। ভৱানীপুৰ-২ এলেকা সমিতিৰ সম্পাদক বিশ্বজিৎ সৰকাৰে কয়, ‘‘কিশোৰ ইয়াৰ বাসিন্দা নহয়, সেয়েহে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিব লাগে বুলি আমি নিৰ্বাচন আয়োগলৈ লিখিছিলো।‘‘

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...