বাংলাদেশ সীমান্তত নতুন বিপদ! চোৰাংচোৱাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য…

সীমান্তৱৰ্তী গাঁওসমূহৰ সৈতে সংযোগ বৃদ্ধি কৰিছে বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে। সন্দেহ প্ৰকাশ কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই। ইতিমধ্যে এই সন্দৰ্ভত চোৰাংচোৱা সংস্থাই প্ৰতিবেদন দাখিল কৰিছে গৃহ মন্ত্ৰালয়ক।

বাংলাদেশ সীমান্তত নতুন বিপদ! চোৰাংচোৱাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য...

Bsf

Published: 

23 Jun 2025 20:22 PM

ভাৰতৰ বিৰুদ্ধে নতুন ষড়যন্ত্ৰত লিপ্ত হৈছে নেতি বাংলাদেশ ? সীমান্তৰ কাষৰীয়া গাঁৱে গাঁৱে গঠন কৰা হৈছে কমিটী। সন্দেহ প্ৰকাশ কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই। ইতিমধ্যে এই সন্দৰ্ভত চোৰাংচোৱা সংস্থাই প্ৰতিবেদন দাখিল কৰিছে গৃহ মন্ত্ৰালয়ক। বাংলাদেশৰ আভ্যন্তৰীণ অস্থিৰতা বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ দেখা গৈছিল সীমান্তত। আশংকা কৰা ধৰণে ভাৰতত বৃদ্ধি পাইছিল বাংলাদেশীৰ অনুপ্ৰৱেশ। ইয়াৰ মাজতে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়েও গোপনে অনুপ্ৰৱেশত সহায় কৰিছিল বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। আনকি সীমান্ত অঞ্চলৰ পৰাও প্ৰতি মুহূৰ্তত হিংসাৰ খবৰ আহি আছিল।

এনে পৰিৱেশৰ মাজতে আন এক চোৰাংচোৱা প্ৰতিবেদন প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে, বাংলাদেশৰ সীমান্তৱৰ্তী গাঁওবোৰত বিজিবিৰ শক্তি বৃদ্ধি পাইছে। সেই ভিত্তিতে গঠন কৰা হৈছে একোখনকৈ কমিটী। এই কমিটী গঠনৰ আগভাগ লৈছে বিজিবিৰ উচ্চ পদস্থ বিষয়াসকলে। কমিটী গঠনৰ বাবে নিজা উদ্যোগত গাঁওবাসীৰ সৈতে যোগাযোগ কৰিছে।

কিন্তু এই কমিটী গঠন কৰা উদ্দেশ্য কি? মূলতঃ বি এছ এফৰ গতিবিধি নিৰীক্ষণৰ বাবে বিজিবিয়ে কমিটীসমূহ ব্যৱহাৰ কৰা সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে ।

কিন্তু কাৰ নিৰ্দেশত বিজিবিয়ে এই চোৰাংচোৱাগিৰিত লিপ্ত হ’বলৈ সাহস কৰিলে? সেই সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হৈছে। ইউনুছৰ চৰকাৰ গঠনৰ পিছৰে পৰা বাংলাদেশত ঘাটি পাতিছে কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে। দৰাচলতে শেহতীয়াকৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বিষয়াসকলে বহুবাৰ বাংলাদেশৰ সেনা বিষয়াৰ সৈতে গোপনে বৈঠকত মিলিত হৈছিল। ইয়াৰ ফলস্বৰূপে গঠন কৰা হৈছে নেকি এই কমিটীসমূহ?

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...