মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰঃ ৮৯টা গোচৰেৰে শীৰ্ষত এইগৰাকী মুখ্যমন্ত্ৰী, গোচৰবিহীন হিমন্ত
দেশৰ ১২ গৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীয়ে দিয়া শপতনামাৰ বিশ্লেষণ কৰা হৈছে। মুখ্যমন্ত্ৰীসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে দাখিল কৰা শপতনামাৰ পৰা এই তথ্য লোৱা হৈছে বুলি এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰিছে।

প্ৰতিনিধিত্বমূলক ছবি
দেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ১২ গৰাকী অৰ্থাৎ ৪০ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। মুখ্যমন্ত্ৰীসকলে নিজেই ঘোষণা কৰিছে এই বিষয়ে। এই অপৰাধমূলক গোচৰৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বিৰুদ্ধে সৰ্বাধিক ৮৯টা গোচৰ থকা বুলি ঘোষণা কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ বিৰুদ্ধেও আছে ৪৭টা গোচৰ। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
নিৰ্বাচনী অধিকাৰ সংস্থা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰিছে এই প্ৰতিবেদন। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ এই প্ৰতিবেদন অনুসৰি দেশৰ ১২ গৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীয়ে দিয়া শপতনামাৰ বিশ্লেষণ কৰা হৈছে।
মুখ্যমন্ত্ৰীসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে দাখিল কৰা শপতনামাৰ পৰা এই তথ্য লোৱা হৈছে বুলি এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰিছে। প্ৰতিবেদন মতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে ১৯টা, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই ১৩টা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে ৫টা গোচৰ ঘোষণা কৰিছে।
মহাৰাষ্ট্ৰ আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ আৰু সুখবিন্দৰ সিং চুখুৱে চাৰিটাকৈ গোচৰ ঘোষণা কৰিছে। কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে দুটা আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এটাকৈ গোচৰ ঘোষণা কৰিছে। অৱশ্যে এই প্ৰতিবেদনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো গোচৰৰ কথা কোৱা হোৱা নাই।
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি, দেশৰ ১০ গৰাকী বা ৩৩ শতাংশ মুখ্যমন্ত্ৰীয়ে হত্যাৰ চেষ্টা, অপহৰণ, উৎকোচ আৰু অপৰাধমূলক ভয়-ভাবুকিৰ সৈতে জড়িত গোচৰকে ধৰি গুৰুতৰ অপৰাধমূলক গোচৰ ৰুজু কৰা বুলি ঘোষণা কৰিছে। সংস্থাটোৰ এই প্ৰতিবেদনক লৈ এতিয়া যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংবিধান (১৩০ সংশোধনী) বিধেয়ক উত্থাপন কৰিছে। এই নতুন বিধেয়কখনৰ জৰিয়তে অপৰাধমূলক অভিযোগত গ্ৰেপ্তাৰ হৈ ৩০ দিনৰ বাবে জিম্মাত থাকিলে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক আঁতৰোৱাৰ ব্যৱস্থা কৰোৱা হৈছে। তেনে সময়তে প্ৰকাশ পাইছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ এই প্ৰতিবেদন।