শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Nepal: অগ্নিসংযোগৰ ২৪ ঘন্টাৰ পিছতো উমি উমি জ্বলি আছে নেপালত বিভিন্ন Mall

Nepal: অগ্নিসংযোগৰ ২৪ ঘন্টাৰ পিছতো উমি উমি জ্বলি আছে নেপালত বিভিন্ন Mall

barasha-sarma
Barasha Sarma | Updated On: 10 Sep 2025 14:49 PM

নেপালত বৰ্তমান উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীসকলে নেপালৰ বিভিন্ন শ্বপিং মল, ৰাজহুৱা সম্পত্তি আদিত অগ্নিসংযোগ কৰিছে। ইতিমধ্যে নেপালত পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে।

নেপালত বৰ্তমান উত্তপ্ত পৰিস্থিতি। দুৰ্নীতি আৰু সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বিৰুদ্ধে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত লাখ লাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত বিশেষকৈ Gen-Z সকলে অংশগ্ৰহণ কৰিছে। প্ৰতিবাদ এই পৰ্যায় পায়গৈ যে নেপালৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আদিয়ে পদত্যাগ কৰিবলগীয়া হয়। বিগত সময়চোৱাত নেপালত বহু অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে।

প্ৰতিবাদকাৰীসকলে বহু ৰাজহুৱা-ব্যক্তিগত সম্পত্তিৰো অনিষ্টসাধন কৰে। এই প্ৰতিবাদত এতিয়ালৈকে প্ৰায় ২০ জনৰ মৃত্যু আৰু শ শ লোক আহত হোৱা বুলি জানিব পৰা গৈছে।  বহু শ্বপিং মল, ঘৰ আদি জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে। অগ্নিসংযোগৰ ২৪ ঘন্টাৰ পিছতো উমি উমি জ্বলি আছে নেপালত বিভিন্ন মল। নেপালৰ আকাশমাৰ্গো আনকি বন্ধ কৰি দিছে।