একত্ৰিত ভাৰত, পাক, বাংলাদেশী সেনা! কোনখন যুদ্ধৰ প্ৰস্তুতি?
ৰাছিয়াৰ এই অনুশীলনত অংশগ্ৰহণ কৰা ২০খন দেশৰ ভিতৰত ভাৰত, পাকিস্তান আৰু বাংলাদেশ আছে। অপাৰেচন সেন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানী সেনাই একেলগে ‘জাপড’ অনুশীলন কৰিব।

দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই যেন শাম কটা নাম লোৱা নাই। এফালে যদি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে জি-২০ দেশসমূহক সঁহাৰি দিবলৈ আহ্বান জনাইছে। আনফালে আকৌ আটাইতকৈ ডাঙৰ অনুশীলনত নামি পৰিছে ৰাছিয়া-বেলাৰুছ। পাৰমাণৱিক অস্ত্ৰৰ সৈতে অব্যাহত থাকিব এই অনুশীলন। ইয়াৰ মাজৰ বিশেষ কথাটো হ’ল এই অনুশীলনৰ অংশ হ’বলৈ গৈ আছে ভাৰত, পাকিস্তান আৰু বাংলাদেশ! চুবুৰীয়া তিনিওখন দেশ এই অনুশীলনৰ অংশ হ’ব।
জেলেনস্কিয়ে কয় যে, আমেৰিকা আৰু ইউৰোপে ৰাছিয়াৰ সতৰ্কবাণীৰ উপযুক্ত উত্তৰ দিব লাগে। আৰু ইয়াৰ মাজতে ৰাছিয়া আৰু বেলাৰুছে একেলগে যুদ্ধ অনুশীলনত নামি পৰিছে। ১২-১৬ ছেপ্টেম্বৰৰ পৰা চলিব এই জাপড (Zapad) নামৰ যুদ্ধাভ্যাস। আনুমানিক ১৩ হাজাৰ সৈন্যই এই অনুশীলনত অংশগ্ৰহণ কৰিব। অৱশ্যে প্ৰকৃত সংখ্যা ইয়াতকৈ বেছি হ’ব পাৰে। ‘জাপড’ শব্দটোৰ অৰ্থ ৰাছিয়ান ভাষাত ‘পশ্চিম’।
ইতিমধ্যে বেলাৰুছত উপস্থিত হৈছে বৃহৎ সংখ্যক ৰাছিয়ান সৈন্য, সামৰিক সঁজুলি, যুদ্ধ বিমান, টেংক, মিছাইল। বেলাৰুছৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে, এই অনুশীলনত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰা হ’ব। জানিব পৰা মতে, ৰাছিয়াৰ আটাইতকৈ বিপজ্জনক অৰিছনিক মিছাইলৰ পৰীক্ষা এই অনুশীলতে কৰা হ’ব।
এতিয়া প্ৰশ্ন হয়, এই অনুশীলনৰ লক্ষ্য আমেৰিকা, ইউৰোপ নেকি? যাক লৈ সষ্টম হৈছে নাটো। বেলাৰুছত এনে বৃহৎ পৰিসৰৰ অনুশীলনক লৈ উদ্বেগ প্ৰকাশ কৰিছে নাটোৱে। পোলেণ্ড সীমান্ত বন্ধ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ৰাছিয়াৰ শক্তিশালী হোৱাৰ লগে লগে ইউৰোপত নিজৰ শক্তি বৃদ্ধি কৰিছে পোলেণ্ডে। নাটোৰ ৩২ খন সদস্যৰ ভিতৰত পোলেণ্ডত সেনাবাহিনীৰ বাবে সৰ্বাধিক আবণ্টন আছে।
২০২৪ চনত জিডিপিৰ ৪.১২ শতাংশ প্ৰতিৰক্ষা খণ্ডলৈ আবণ্টন দিছিল ৱাৰ্ছৱে।২০২৫ চনত সেই আবণ্টন ৪.৭ শতাংশলৈ বৃদ্ধি পাইছিল। শেহতীয়াকৈ ৩৫ বিলিয়ন ডলাৰৰ অভিলেখ সংখ্যক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে পোলেণ্ডে। যদিও ইয়াৰ জনসংখ্যা জাৰ্মানী বা ফ্ৰান্সতকৈ বহু কম, তথাপিও ইউৰোপীয় সংঘৰ ভিতৰত পোলেণ্ডত সৰ্বাধিক সেনাবাহিনী আছে। পোলেণ্ডত ২ লাখ ১৬ হাজাৰ সৈনিকৰ শক্তিশালী সেনাবাহিনী আছে, যি ব্ৰিটেইনতকৈও অধিক।
ৱাৰ্ছত ৭৫ হাজাৰ স্থল সেনা, ১৮ হাজাৰ নৌ সেনা, ৬৫০০ বায়ু সেনা আৰু প্ৰায় ৩৫০০ বিশেষ বাহিনী আছে। ৰাছিয়াৰ আক্ৰমণ ৰোধ কৰিবলৈ পোলেণ্ডে ২০২৩ চনত টেৰিটৰিয়েল ডিফেন্স ফৰ্চ বা টিডিএফ গঠন কৰিছিল। এই বাহিনীটোৱে চোৰাংচোৱাগিৰি, তথ্য সংগ্ৰহ, আৰু চাইবাৰ যুদ্ধৰ সৈতে জড়িত। ২০২২ চনত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত পোলেণ্ডে নিজৰ সেনাবাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক মনোযোগ দিছিল। য’ত ১০০০খন নতুন যুদ্ধ টেংক আৰু ৬০০ৰো অধিক হাউইটজাৰ লাভ কৰিছে পোলেণ্ড সেনা।
এই জাপড অনুশীলনৰ বিশেষ গুৰুত্ব আছে। কাৰণ ৰাছিয়াৰ এই অনুশীলনত অংশগ্ৰহণ কৰা ২০খন দেশৰ ভিতৰত ভাৰত, পাকিস্তান আৰু বাংলাদেশ আছে। অপাৰেচন সেন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানী সেনাই একেলগে ‘জাপড’ অনুশীলন কৰিব। লগতে থাকিব বাংলাদেশ, কংগো, মালি, ইৰাণ, নাইজাৰ, তাজিকিস্তান। কম্বোডিয়া, চীন, কিউবা, কাজাখস্তান, মংগোলিয়া, ম্যানমাৰ, উত্তৰ কোৰিয়া, ছাৰ্বিয়া, থাইলেণ্ড, সংযুক্ত আৰব আমিৰশ্বাহী আৰু উজবেকিস্তান পৰ্যবেক্ষক হিচাপে থাকিব।
জানিব পৰা মতে ভাৰতে এই সামৰিক অনুশীলনত অংশগ্ৰহণৰ বাবে ৭০ জনীয়া এটা বিশেষ দল প্ৰেৰণ কৰিছে। ইয়াৰে ভাৰতীয় সেনাৰ কুমাওন ৰেজিমেণ্ট বেটেলিয়নৰ ৫৭ জন, বায়ুসেনাৰ ৭ জন আৰু নৌসেনাৰ ১ জন থাকিব। চীন আৰু পাকিস্তানে এই অনুশীলনৰ বাবে গোট হিচাপে সৈন্য প্ৰেৰণ কৰিছে।
লগতে পঢ়ক: আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠক গুলীয়াই হত্যা, ভাষণ দি থকা সময়তে…