শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হোৰাহোৰে বাঢ়িছে সোণৰ দাম, ইয়াৰ আঁৰৰ প্ৰধান কাৰণ কি জানেনে?

হোৰাহোৰে বাঢ়িছে সোণৰ দাম, ইয়াৰ আঁৰৰ প্ৰধান কাৰণ কি জানেনে?

Trishna Kalita
Trishna Kalita | Published: 10 Sep 2025 22:39 PM

এইবাৰ ইতিমধ্যে সোণৰ মূল্য প্ৰায় ৪২ শতাংশ বৃদ্ধি পাইছে। আৰু বজাৰ বিশেষজ্ঞসকলে কয় যে যেতিয়ালৈকে ভূ-ৰাজনৈতিক উত্তেজনা বা অৰ্থনৈতিক মন্দাৱস্থা কমি নাযায়, তেতিয়ালৈকে সোণৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা নাই। বিশেষজ্ঞসকলে কয় যে চলিত বৰ্ষৰ শেষলৈকে সোণৰ মূল্য ১ লাখ ১৪ হাজাৰৰ ওপৰলৈ বৃদ্ধি পাব পাৰে।

বিগত কেইবছৰমানৰ পৰা সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। যদিও যোৱা ৪ মাহত এই দাম কিছু সুস্থিৰ আছিল। মঙলবাৰৰ দৰে আজি ১০ ছেপ্টেম্বৰতো বৃদ্ধি পাইছে সোণৰ দাম। প্ৰকৃত কাৰণ ক’বলৈ গ’লে বৰ্তমান সঠিক নহয় আমেৰিকাৰ বজাৰৰ পৰিস্থিতি। বৃদ্ধি পাইছে নিবনুৱা সমস্যা। আৰু সেই খবৰ পোহৰলৈ অহাৰ লগে লগে বৃদ্ধি পাইছে সোণৰ  দাম। বৰ্তমান ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১ লাখৰ ঘৰ অতিক্ৰম কৰিছে। কিন্তু এই হঠাৎ বৃদ্ধি কিয়? বিশেষজ্ঞসকলে কয় যে ইয়াৰ আঁৰত একাধিক আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে।

এই অভিলেখ মূল্যবৃদ্ধিৰ মূল কাৰণ হৈছে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ। আগষ্ট মাহত আমেৰিকাৰ চাকৰি বজাৰৰ প্ৰতিবেদন হতাশাজনক আছিল। ফলত ছেপ্টেম্বৰ মাহত ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনা বৃদ্ধি পাইছে।  আমি জানো যে যেতিয়া সুতৰ হাৰ কমি যায় তেতিয়া ডলাৰ দুৰ্বল হয় আৰু বণ্ডৰ ফলন কমি যায়। আৰু এই পৰিস্থিতিত বিনিয়োগকাৰীসকলে নিৰাপদ বিনিয়োগ হিচাপে সোণৰ দিশলৈ ঢাপনি মেলিছে।