শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
গৌৰৱ গগৈৰ তদন্ত প্ৰতিবেদনৰ পৰা এছিয়া কাপলৈ দিনটোৰ শীৰ্ষ খবৰ...

গৌৰৱ গগৈৰ তদন্ত প্ৰতিবেদনৰ পৰা এছিয়া কাপলৈ দিনটোৰ শীৰ্ষ খবৰ…

barasha-sarma
Barasha Sarma | Published: 10 Sep 2025 23:00 PM

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত তদন্ত কৰি আজি এছ আই টিয়ে প্ৰতিবেদন দাখিল কৰে। অৱশ্যে এই প্ৰতিবেদনত কি আছে এতিয়ালৈকে সেয়া ফাদিল হোৱা নাই।

১. আজি এছ আই টিয়ে গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত তদন্তৰ ফাইল মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰে।

২. মুখ্যমন্ত্ৰীক কটাক্ষ গৌৰৱ গগৈৰ। তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ বিবেকক সন্মান কৰিব নাজানে।

৩. বিদেশী বহিষ্কৰণ সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণী জনাইছে ৰাজ্যিক বিজেপিয়ে।

৪.  AIUDF ৰ বিধায়ক আমিনুল ইছলামে  কা’ৰ ক্ষেত্ৰত ১০ বছৰ ম্য়াদ বৃদ্ধিৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

৫. অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ অন্তৰ্গত ৫৬ খন সৰু বৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বোনাচ লাভ কৰিব।

৬. নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে পৰিবেশন কৰিলে ‘মানুহে মানুহৰ বাবে’।

৭. ঘোচ লোৱা অৱস্থাত হাতে-লোটে আটক যোগান বিভাগৰ অধীক্ষক নাগুইব খানক।

৮.  গ্ৰেপ্তাৰ দুটা সন্দেহযুক্ত ISIS সদস্য।দিল্লী আৰক্ষীৰ বিশেষ কোষ, ঝাৰখণ্ড এটিএছ আৰু ৰাঁচী আৰক্ষীয়ে চলোৱা এক যৌথ অভিযানত গ্ৰেপ্তাৰ দুয়ো।

৯. এছিয়া কাপত আজি সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ বিৰুদ্ধে যুঁজত নামিছে ভাৰত।