শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পৰিয়ালৰ বিৰুদ্ধে গৈ কৰিছিল প্ৰেম বিবাহ! টকুৰ-টুকুৰ অৱস্থাত উদ্ধাৰ গৰ্ভৱতী মহিলাৰ মৃতদেহ, আটক স্বামী…

এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। নিজ স্বামীয়ে হত্যা কৰিলে গৰ্ভৱতী পত্নীক। জানিব পৰা মতে, দুয়োৰ আছিল প্ৰেম বিবাহ। কিন্তু কাজিয়াৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

পৰিয়ালৰ বিৰুদ্ধে গৈ কৰিছিল প্ৰেম বিবাহ! টকুৰ-টুকুৰ অৱস্থাত উদ্ধাৰ গৰ্ভৱতী মহিলাৰ মৃতদেহ, আটক স্বামী…
ভুক্তভোগী-অভিযুক্তImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 24 Aug 2025 16:20 PM

প্ৰায়ভাগ দম্পতীয়ে সপোন দেখে স্বামী, স্ত্ৰী, সন্তানৰ সৈতে এখন ভাল সংসাৰৰ। কিন্তু মানুহ কিমান নৃশংস হ’লে নিজৰ গৰ্ভৱতী পত্নীক হত্যা কৰিব পাৰে? যি আহিবলগীয়া সন্তানে পৃথিৱীখনকে নেদেখিলে সেই সন্তানটিৰ প্ৰাণ কেনেকৈ ল’ব পাৰে? শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। শেহতীয়াকৈ এনে এজনৰ পাষাণৰ কু কাণ্ড পোহৰলৈ আহিছে যিয়ে মানৱতাৰ নামত এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। এই লোকজনে অতি নৃশংসভাৱে নিজৰ ৫ মহীয়া গৰ্ভৱতী পত্নীক হত্যা কৰে।

অভিযোগ অনুসৰি, নিজ স্বামীয়ে নিজৰ গৰ্ভৱতী পত্নীৰ প্ৰাণ লয়। তাৰ পাছতে মৃতদেহটো টুকুৰা টুকুৰ কৰি বেগত ভৰাই ঘটনা গাপ দিয়াৰ চেষ্টা কৰে।  কিন্তু তাৰ মাজতে এই ঘটনা পোহৰলৈ আহে। গাৰ নোম শিঁয়ৰি উঠা এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ মেডচল জিলাৰ মেডিপল্লীৰ থানাৰ অন্তৰ্গত এটা অঞ্চলত। মৃত মহিলাগৰাকীৰ অভিযুক্ত স্বামী মহেন্দ্ৰ ৰেড্ডী বুলি চিনাক্ত হৈছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ২২ বছৰীয়া মহিলাগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰি মহেন্দ্ৰ ৰেড্ডীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এয়া আছিল প্ৰেম বিবাহ। দুয়ো মেডিপল্লীৰ বোডুপ্পল নামৰ এটা ঠাইৰ ভাড়াঘৰত বাস কৰিছিল। প্ৰায় এমাহ ধৰি দম্পতীহাল এই অঞ্চলত বাস কৰি আছিল। মহিলাগৰাকী আৰু স্বামী মূলতঃ বিকাৰাবাদ জিলাৰ বাসিন্দা আছিল।

মহেন্দ্ৰ ৰেড্ডীয়ে গাড়ী চলাই পৰিয়ালটো পোহপাল দিছিল। কিন্তু বিয়াৰ পাছতে তেওঁলোকৰ মাজত কাজিয়া বৃদ্ধি পাইছিল। এই সকলোবোৰৰ মাজতে গৰ্ভৱতী হৈছিল তেওঁৰ পত্নী।

ঘটনাৰ দিনাও (২৪ আগষ্ট পুৱতি নিশা) দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পাছতে ওচৰ চুবুৰীয়াই তেওঁলোকৰ ভাড়াঘৰটোৰ পৰা কিবা শব্দ শুনা পায়। যেতিয়া চুবুৰীয়াৰ লোক সেই স্থানত উপস্থিত হয় তেতিয়া দেখে যে মহেন্দ্ৰই নিজ পত্নীৰ মৃতদেহটোৰ টুকুৰা টুকুৰ কৰি আছিল। পাছত সেইবোৰ এটা বেগত ৰাখিছিল। লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে উপস্থিত হৈ অভিযুক্তক আটক কৰে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে, মহিলাগৰাকীক হত্যা কৰি অভিযুক্তই টুকুৰা টুকুৰ কৰিছিল, আৰু পাছত সেইবোৰ বেগত ভৰাই পেলাই দিয়াৰ সুযোগ বিচাৰি ফুৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ দেওৰেকে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে মৃতকৰ মৃতদেহৰ টুকুৰাবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত জানিব পৰা যাব কিয় মহেন্দ্ৰই এই কাণ্ড সংঘটিত কৰিলে।

 

অন্য খবৰ পঢ়কঃ বিয়াত দিছিল ৩৫ লাখ টকা, পুনৰ কৰিছিল দাবী! পত্নীক জীৱন্তে জ্বলোৱা স্বামীক আৰক্ষীৰ এনকাউন্টাৰ…