শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আহমেদাবাদ বিমান দুৰ্ঘটনাঃ DNA পৰীক্ষাত চিনাক্ত ৩১ জন লোকৰ মৃতদেহ, চৰকাৰে লৈছে এনে পদক্ষেপ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহৰ অংগসমূহ ক্ষত-বিক্ষত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত মৃতদেহ চিনাক্তৰ বাবে DNA পৰীক্ষাৰ সহায় ল’বলগীয়া হৈছিল। এইপৰ্যন্ত DNA পৰীক্ষাত ৩১ জন লোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

আহমেদাবাদ বিমান দুৰ্ঘটনাঃ DNA পৰীক্ষাত চিনাক্ত ৩১ জন লোকৰ মৃতদেহ, চৰকাৰে লৈছে এনে পদক্ষেপ
আহমেদাবাদ দুৰ্ঘটনাত নিহত ৩১ জন লোকক চিনাক্তImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 15 Jun 2025 15:26 PM

যোৱা ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ হৃদয় বিদাৰক ঘটনা এতিয়াও পাহৰিব পৰা নাই সমগ্ৰ দেশে। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জনেই প্ৰাণ হেৰুৱাইছিল। সৌভাগ্যক্ৰমে দুৰ্ঘটনাত মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিছিল এগৰাকী ব্যক্তি। লক্ষণীয়ভাৱে ঘটনাত নিহত লোকসকলৰ মৃতদেহৰ অংগসমূহ ক্ষত-বিক্ষত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত মৃতদেহ চিনাক্তৰ বাবে DNA পৰীক্ষাৰ সহায় ল’বলগীয়া হৈছিল। এইপৰ্যন্ত DNA পৰীক্ষাত ৩১ জন লোকৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

স্বাস্থ্য বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া মতে, ডি এন এ পৰীক্ষাৰ জৰিয়তে ৩১ জন লোকক বিষয়াসকলে চিনাক্ত কৰিছে আৰু এতিয়ালৈকে ১২টা পৰিয়ালে মৃতদেহ চমজি লোৱাৰ বাবে আগবাঢ়ি আহিছে। গুজৰাট চৰকাৰে ইতিমধ্যে এই মৃতদেহকেইটা পৰিয়ালক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও বিষয়াগৰাকীয়ে লগতে সদৰী কৰিছে।

উল্লেখ্য যে এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু ঘটিছিল। চৰকাৰী বিজে মেডিকেল কলেজৰ অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপক ডাঃ ৰজনীশ পেটেলে সদৰী কৰা মতে বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত কৰাৰ বাবে ডি এন এ পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত আছে। ঘটনাত নিহত লোকসকলৰ পৰিয়ালৰ সৈতে সমন্বয় বজাই ৰাখিবলৈ ২৩০টা দল গঠন কৰা হৈছে বুলি ইতিপূৰ্বে কৰ্তৃপক্ষই জানিবলৈ দিছিল।

বিমান দুৰ্ঘটনাৰ তৃতীয় দিনা গুজৰাট চৰকাৰে নিহত লোকসকলৰ মৃতদেহ আত্মীয়ক গতাই দিয়াৰ কাম আৰম্ভ কৰিছে। TV9- এ লাভ কৰা তথ্য অনুসৰি এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে প্ৰায় এক হাজাৰ লোকৰ এটা দল সাজু কৰা হৈছে। গুজৰাট চৰকাৰে এই প্ৰক্ৰিয়াৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা এম্বুলেন্স নিয়োগ কৰিছে। এই কামৰ বাবে মুঠ ১৯২খন এম্বুলেন্স নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰতিখন এম্বুলেন্সত সহায়ক কৰ্মচাৰীৰ লগতে এজনকৈ চালক থাকে। চৰকাৰে ঘোষণা কৰিছে যে মৃতদেহসমূহ আত্মীয়ৰ ঘৰলৈ লৈ যোৱাৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব। জনসাধাৰণৰ সহায় হোৱাকৈ তথ্য প্ৰকাশৰ বাবে আহমেদাবাদ অসামৰিক চিকিৎসালয়ে প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে মেডিকেল বুলেটিন জাৰি কৰাৰ কথা ঘোষণা কৰিছে।

ইয়াৰ বাবে আহমেদাবাদ অসামৰিক চিকিৎসালয়ত ৫৯০জন চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ এটা দল মোতায়েন কৰা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে ২৩০ জন লোকৰ পৰিবহণৰ বাবে এটা সুকীয়া দল গঠন কৰিছে।