ভেৰগাঁৱৰ ইউ পি পি এল প্ৰাৰ্থী দাওবৈছা বড়োৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ…
BTC election: সমাগত বিটিচি নিৰ্বাচন। ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল-সংগঠন। পিছ পৰি ৰোৱা নাই ইউ পি পি এলো। দলটোৱে ইতিমধ্যে সম্পূৰ্ণ কৰিলে সকলো প্ৰস্তুতি।
মাজত মাত্ৰ কেইটামান দিন বাকী। অহা ২২ ছেপ্টেম্বৰত বিটিচিত অনুষ্ঠিত হব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা প্ৰস্তুতি চলাই গৈছে। পিছ পৰি ৰোৱা নাই ইউ পি পি এলো। পিছে দলটোৰ নিৰ্বাচনক লৈ পৰিকল্পনা কি, কেনেধৰণে প্ৰস্তুতি চলাইছে এই সকলো দিশ সামৰি টিভি৯ ৰ সাংবাদিক দ্বিগজ্যোতি লহকৰৰ সৈতে প্ৰাৰ্থী দাওবৈছা বড়োৰ আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হয়। য’ত প্ৰাৰ্থীগৰাকীয়ে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে।
উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী। ২০২০ বৰ্ষৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩,৮৭,০৪৬ গৰাকী।