শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুম্বাইৰ স্থানীয় ৰে’ল বিস্ফোৰণত মৃত্যু ১৮৯ জনৰ! ১২ অভিযুক্তক দোষমুক্ত ঘোষণা বোম্বে আদালতৰ…

এক ভয়ংকৰ দুৰ্ঘটনাত অভিযুক্ত ১২ জন লোকক নিৰ্দোষী সাব্যস্ত আদালতৰ। জানিব পৰা মতে, ২০০৬ চনত মুম্বাইত হোৱা বিস্ফোৰণত এই ১২ অভিযুক্ত প্ৰথম অৱস্থাত দোষী সাব্যস্ত হৈছিল।

মুম্বাইৰ স্থানীয় ৰে’ল বিস্ফোৰণত মৃত্যু ১৮৯ জনৰ! ১২ অভিযুক্তক দোষমুক্ত ঘোষণা বোম্বে আদালতৰ…
মুম্বাইImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 21 Jul 2025 11:08 AM

সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে এক ডাঙৰ ৰায় প্ৰদান কৰে। ২০০৬ চনৰ মুম্বাইৰ লোকেল ট্ৰেইনত হোৱা বিস্ফোৰণৰ গোচৰত ১১ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰি দোষমুক্ত কৰে। এই ৰায়দান প্ৰদান কৰে ন্যায়াধীশ অনিল কিলোৰ আৰু ন্যায়াধীশ এছ.জি.চন্দকৰ বিভাগীয় বিচাৰপীঠে। এই গোচৰৰ মুঠ ১২জন অভিযুক্ত আছিল। এওঁলোকক পূৰ্বে নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল। সেই সময়ত আদালতে ইয়াৰে ৫জনক মৃত্যুদণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু ২১ জুলাইত উচ্চ ন্যায়ালয়ে এই আটাইকেইজনক দোষমুক্ত ঘোষণা কৰে। ১২ গৰাকী অভিযুক্তৰ ভিতৰত ইতিমধ্যে এজনৰ মৃত্যু হৈছে।

সূত্ৰ অনুসৰি এই গোচৰৰ চূড়ান্ত শুনানি চলিত বৰ্ষৰ জানুৱাৰী মাহত সম্পূৰ্ণ হৈছিল, তাৰ পিছত এই সিদ্ধান্ত সংৰক্ষিত কৰা হৈছিল। য়েৰাৱাদা, নাছিক, আমৰাৱতী আৰু নাগপুৰ কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত নিজৰ উপস্থিতি চিহ্নিত কৰিছিল দোষীসকলে।

মুম্বাইৰ ৰেল বিস্ফোৰণ

২০০৬ চনত মুম্বাইত সংঘটিত হৈছিল এক ডাঙৰ ঘটনা। মুম্বাইৰ লোকেল ট্ৰেইনৰ ৭টাকৈ স্থানত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। য’ত ১৮৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮২৪ জন লোক আহত হৈছিল। এই গোচৰত ২০১৫ চনত বিশেষ আদালতে মুঠ ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। ইয়াৰে ৫ জনক মৃত্যুদণ্ড আৰু ৭ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

মৃত্যুদণ্ড লাভ কৰাসকলৰ ভিতৰত আছে মহম্মদ ফৈছাল শ্বেখ, এহতেশ্বাম ছিদ্দিকী, নৱেদ হুছেইন খান, আছিফ খান আৰু কমল আনছাৰী। ইয়াৰে কমল আনছাৰী নামৰ অভিযুক্তজন ২০২২ চনত কোৰোনাত আক্ৰান্ত হৈ কাৰাগাৰতে মৃত্যু বৰণ কৰিছিল।

প্ৰতিৰক্ষা পক্ষই অভিযোগ কৰিছিল যে এমচিঅ’কা  (MCOCA)আইনৰ অধীনত লিপিবদ্ধ কৰা স্বীকাৰোক্তিসমূহ ‘বলপূৰ্বকভাৱে’ আৰু ‘নিৰ্যাতন’ কৰি লোৱা হৈছিল। সেই ভাষ্যসমূহ আছিল অবৈধ।  আনহাতে, ৰাজ্যই প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে এইটো আটাইতকৈ বিৰল গোচৰ। গতিকে দোষীক শাস্তি প্ৰদান কৰিব লাগে।

উল্লেখ্য যে, ২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ স্থানীয় ৰে’লত ১১ মিনিটৰ ব্যৱধানত সাতটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল। বোমাত আৰ ডি এক্স ব্যৱহাৰ কৰা হৈছিল আৰু ২০০৬ চনৰ নৱেম্বৰ মাহত মুম্বাই এ টি এছে অভিযোগনামা দাখিল কৰিছিল।

২০১৫ চনৰ পৰাই উচ্চ ন্যায়ালয়ৰ শুনানি আৰম্ভ হৈছিল। এই সময়চোৱাত ৰাজ্যই দোষীৰ শাস্তি নিশ্চিক কৰিবলৈ আহ্বান জনাইছিল আৰু দোষী সাব্যস্ত হোৱাসকলেও আত্মৰক্ষাৰ বাবে আবেদন দাখিল কৰিছিল। এই গোচৰ ইমানেই দীঘলীয়া হয়, যাৰ বাবে ১১খনতকৈও অধিক বিচাৰপীঠ সলনি হয়। ইয়াৰ পাছত ২০২৪ চনৰ জুলাই মাহত এখন বিশেষ বিচাৰপীঠ গঠন কৰা হয়।২০২৫ চনৰ জানুৱাৰী মাহত শুনানি সম্পূৰ্ণ হোৱাৰ পিছত এই সিদ্ধান্ত সংৰক্ষিত কৰা হয়। ইয়াৰ পাছতে  আজি ৰায় প্ৰদান কৰে আদালতে। আদালতৰ এই সিদ্ধান্ত তদন্তকাৰী সংস্থাসমূহৰ ডাঙৰ বিফলতা বুলি চিনাক্ত হৈছে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ চোৰাংচোৱা বিভাগত কাম কৰাৰ সুযোগ! হাজাৰ হাজাৰ পদ খালী, ক’ত, কেনেকৈ আবেদন কৰিব, জানক…