AI ৰ বিকৃতকৰণ ৰোধ কৰিবলৈ ডিজিটেলভাৱে সংৰক্ষণ কৰিব জুবিন গাৰ্গৰ কণ্ঠ

এআইৰ জৰিয়তে হেতালি খেলাৰ পৰা ৰক্ষা কৰিবলৈ জুবিন গাৰ্গৰ কণ্ঠ ডিজিটেলভাৱে সংৰক্ষণ কৰা হ’ব। তেওঁৰ ঘনিষ্ঠ সহযোগী মানস ৰবিনে কয় যে তেওঁৰ কণ্ঠৰ প্ৰামাণ্যতা নিশ্চিত কৰিবলৈ এক অনন্য ‘ডিজিটেল চিগনেচাৰ’ সৃষ্টি কৰা হ’ব।

AI ৰ বিকৃতকৰণ ৰোধ কৰিবলৈ ডিজিটেলভাৱে সংৰক্ষণ কৰিব জুবিন গাৰ্গৰ কণ্ঠ
Published: 

24 Sep 2025 | 09:33 PM

অসমৰ মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰিছে মানস ৰবীনে। তেওঁ কয়, এআই আৰু অন্যান্য প্ৰযুক্তিৰ জৰিয়তে জুবিনৰ কণ্ঠৰ অপব্যৱহাৰ নকৰিবলৈ কণ্ঠক ডিজিটেলভাৱে সংৰক্ষণ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। গৰ্গৰ দীৰ্ঘদিনীয়া সহযোগী গায়ক-সুৰকাৰ মানস ৰবিনে নিশ্চিত কৰিছে যে প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ কণ্ঠৰ বাবে এক অনন্য ‘ডিজিটেল চিগনেচাৰ’ সৃষ্টিৰ কাম চলি আছে।

তেওঁ কয় যে আমি জুবিনৰ কণ্ঠক ডিজিটেলভাৱে সংৰক্ষণ কৰাৰ কাম কৰিম আৰু এনে এটা ‘ডিজিটেল চিগনেচাৰ’ সৃষ্টি কৰিম যে তেওঁৰ কণ্ঠ বজোৱাৰ মুহূৰ্ততে ইয়াৰ উৎপত্তি ধৰা পেলাব পৰা যাব।

এই ধাৰণাটো আৰু ব্যাখ্যা কৰি ৰবিনে কয় যে, “যদি কোনো ব্যক্তিৰ মুখখন ডিজিটেলভাৱে আন এজন ব্যক্তিৰ শৰীৰত ছুপাৰ-ইম্পোজ কৰা হয়, তেন্তে ইয়াক ধৰা পেলাব পাৰি। একেদৰে এনে ব্যৱস্থা বিকশিত কৰা হৈছে য’ত এটা কণ্ঠৰ উৎপত্তি মূল ব্যক্তি বা গায়কৰ ডিজিটেলভাৱে সংৰক্ষিত সংস্কৰণৰ পৰা অনুসন্ধান কৰিব পৰা যায়।”

মঙলবাৰে পঞ্চভূতত বিলিন হয় জুবিন গাৰ্গ কিন্তু এই প্ৰচেষ্টাই চিৰ যুগমীয়া কৰি ৰাখিব জুবিনৰ কণ্ঠ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...