অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচনা ‘ৰৈ ৰৈ বিনালে’ৰ

জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' অসমীয়া ছবিখনে নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। ১৩ দিনৰ ভিতৰত বক্স অফিচৰ শেহতীয়া আপডেট চাওক...

অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচনা ৰৈ ৰৈ বিনালেৰ

অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচনা 'ৰৈ ৰৈ বিনালে'ৰ

Published: 

14 Nov 2025 | 04:00 PM

জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ অসমীয়া চিনেমাৰ ইতিহাসত স্মৰণীয় হৈ থাকিব। মুক্তিৰ পিছতে বহুকেইটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ছবিখনে। এটিয়া বক্স অফিচত হিট জুবিন গাৰ্গৰ সপোনৰ ছবিখন। আপুনি জানেনে বক্স অফিচত কিমান উপাৰ্জন কৰিছে ‘ৰৈ ৰৈ বিনালে’?

Sacnilk ৰ মতে, ‘ৰৈ ৰৈ বিনালে’ই ভাৰতীয় বক্স অফিচত ১৮.১২ কোটি টকা উপাৰ্জন কৰিছে। ১৩ নম্বৰ দিনত ই ৮৯ লাখ টকা পুনৰ যোগ কৰিলে। মঙলবাৰে ৯০ লাখ উপাৰ্জনৰ কৰি বৰ্তমানলৈ শ্ৰেষ্ঠত্ব বজাই ৰাখিছে। এয়া প্ৰাণৰ শিল্পাজনৰ শেষৰ ছবি, গতিকে বৃহৎ সংখ্যক লোকে ছবিগৃহত ভিৰ কৰিছে।

তথ্যনুসৰি, পৰিচালক ৰাজেশ ভূঞাই প্ৰায় ৫ কোটিৰ বাজেটেৰে নিৰ্মাণ কৰিছে। মাত্ৰ ১৩ দিনতে ‘ৰৈ ৰৈ বিনালে’ই ১৩.১২ কোটি টকাৰ ৰিটাৰ্ণ লাভ কৰিছে। এই ছবিখন এখন ছুপাৰ হিট আৰু শেহতীয়া সময়ৰ অন্যতম লাভজনক অসমীয়া ছবি। কৰ সহ ইয়াৰ মুঠ আয় ২১.৩৮ কোটিত সমাপ্ত হৈছে।

বক্স অফিচৰ সংশোধিত সপ্তাহভিত্তিক বিভাজন (ভাৰতীয় নেট সংগ্ৰহ) চাওক:

প্ৰথম সপ্তাহ : ১১.৪৮ কোটি টকা
দ্বিতীয় সপ্তাহ: ৬.৬৪ কোটি (১ দিন বাকী)
মুঠঃ ১৮.১২ কোটি

অৰ্জন কৰিলে আন এক ঐতিহাসিক কৃতিত্ব

অসমীয়া চিনেমাৰ ইতিহাসত কোনো এখন ছবিয়ে বিশ্বজুৰি মুক্তি পোৱাৰ পিছতো ২০ কোটিৰ স্তৰ স্পৰ্শ কৰিব পৰা নাই। ‘ৰৈ ৰৈ বিনালে’ই ইতিহাসৰ সৃষ্টি কৰিছে, দুসপ্তাহ নৌহওঁতেই এই কৃতিত্ব অৰ্জন কৰিছে।

সৰ্বকালৰ শীৰ্ষ ৫ খন সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবি (বিশ্বব্যাপী উপাৰ্জন সংগ্ৰহ):

ৰৈ ৰৈ বিনালেঃ ২১.৩৮ কোটি
বিদুৰভাইঃ ১৫.৭৫ কোটি
ভাইমন দা : ১৪.৩১ কোটি টকা
শ্ৰী ৰঘুপতিঃ ১৩.৮১ কোটি

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...