কটকটীয়া নিৰাপত্তাৰ পাছতো ছলমান খানৰ বাসগৃহত প্ৰৱেশ যুৱক-যুৱতীৰ, পাছত…

বিগত কেইবাবছৰ ধৰি লৰেন্স বিষ্ণোই গেঙে অভিনেতা ছলমান খানক বিভিন্ন ভাবুকি দি আহিছে। ইয়াৰ মাজতে এগৰাকী যুৱক আৰু এজন যুৱক অবৈধভাৱে গেলেক্সিত প্ৰৱেশ কৰে।

কটকটীয়া নিৰাপত্তাৰ পাছতো ছলমান খানৰ বাসগৃহত প্ৰৱেশ যুৱক-যুৱতীৰ, পাছত...

ছলমান খান

Published: 

22 May 2025 15:30 PM

লৰেন্স বিষ্ণোই গেঙে ধাৰাবাহিকভাৱে ছলমান খানক ভাবুকি দি অহাৰ পাছতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে অভিনেতাগৰাকীৰ। তেওঁৰ গেলেক্সি এপাৰ্টমেণ্টত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। কিন্তু ইয়াৰ পাছতো ১৯ আৰু ২০ মে’ত দুজন লোকে অবৈধভাৱে ছলমানৰ অট্টালিকাত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। অৱশ্যে দুয়োকে অট্টালিকাৰ তলত থকা নিৰাপত্তাৰক্ষীয়ে ধৰি আৰক্ষীক গতাই দিয়ে।

ইয়াৰে প্ৰথমটো ঘটনা সংঘটিত হয় ১৯ মে’ৰ পুৱতি নিশা। জানিব পৰা মতে, ১৯ মে’ৰ পুৱতি নিশা প্ৰায় ৩.৩০ বজাত এগৰাকী যুৱতীয়ে ছলমানৰ ঘৰত প্ৰৱেশ কৰিছিল। ইছা ছাব্ৰা নামৰ ৩২ বছৰীয়া যুৱতীগৰাকীৰ গেলেক্সিৰ ভিতৰত প্ৰৱেশ কৰে আৰু বিল্ডিঙৰ লিফ্ট এৰিয়াত উপস্থিত হ’বলৈ সক্ষম হয়। কিন্তু তেতিয়াই গেলাক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে যুৱতীগৰাকীক আটক কৰি বান্দ্ৰা আৰক্ষীক গতাই দিয়ে। নিৰাপত্তাৰক্ষীৰ অভিযোগৰ ভিত্তিত বান্দ্ৰা আৰক্ষীয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

ইয়াৰ পাছতে দ্বিতীয়টো ঘটনা সংঘটিত হয় ২০মে’ত। ঘটনাৰ বিৱৰণী অনুসপি ২০ মে’ মঙলবাৰে সন্ধিয়া ৭:১৫ বজাত জিতেন্দ্ৰ কুমাৰ সিং নামৰ এজন লোকজনে গাড়ীৰ পিছফালে লুকুৱাই ছলমানক লগ কৰিবলৈ গেলেক্সিত প্ৰৱেশ কৰিছিল। কিন্তু দীৰ্ঘদিন ধৰি পোৱা ভাবুকিৰ বাবে ছলমান আৰু তেওঁৰ ঘৰৰ নিৰাপত্তা কটকটীয়া কৰি ৰখা হৈছিল। সেয়েহে নিৰাপত্তাৰক্ষীয়ে সেই ব্যক্তিজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।

পুৱতি নিশা ছলমানৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা মহিলাগৰাকী খাৰ পশ্চিম অঞ্চলৰ বাসিন্দা। এই অঞ্চলটো ছলমানৰ ঘৰৰ ওচৰত। আনহাতে ২৩ বছৰীয়া জিতেন্দ্ৰ কুমাৰ সিং ছত্তীশগড়ৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জীতেন্দ্ৰ কুমাৰ সিং সন্দৰ্ভত কৰা তদন্তত প্ৰকাশ পাইছে যে তেওঁ কেৱল ছলমানক লগ কৰিবলৈহে গেলাক্সি এপাৰ্টমেণ্টত প্ৰৱেশ কৰিছিল। অট্টালিকাটোত বাস কৰা কোনো এজনৰ গাড়ীৰ আঁৰত লুকাই বিল্ডিংটোত সোমাবলৈ চেষ্টা কৰিছিল। কিন্তু তেতিয়াই আটক হয় তেওঁ।

উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি লৰেন্স বিষ্ণোই গেঙৰ পৰা ছলমান খানে বিভিন্ন ভাবুকি লাভ কৰি আহিছে। যাৰ বাবে সকলো সময়তে তেওঁৰ নিৰাপত্তা কটকটীয়া কৰি ৰখা হয়। আনকি তেওঁৰ ঘৰক লক্ষ্য কৰি গুলীচালনা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল।  গতিকে আৰক্ষীৰ তদন্তৰৰ অন্ততহে জানিব পৰা যাব যে, অবৈধভাৱে প্ৰৱেশ কৰিব বিচৰা দুজন ছলমানৰ অনুৰাগী নে অইন কিবা।

 

অন্য খবৰ পঢ়কঃ ছেইফৰ প্ৰথম পত্নীক বলপূৰ্বকভাবে সকলোৰে আগত চুম্বন কৰিছিল অমিতাভ বচ্চনে, পাছত…

ডায়েবেটিছ হ'লে প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
কেঁচা অমিতা খোৱাৰ পৰা বিৰত থাকক এইসকল লোকে, অন্যথা হ’ব পাৰে কোনো সমস্যা
শৰীৰত তেজৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...
IPL 2025ত ১ নম্বৰত উপনীত হ’ল বৈভৱ সূৰ্যবংশী