অভেলত জয় আশা ভংগ হ’ব ভাৰতৰ! পোহৰলৈ এনে খবৰ

1 August 2025

TV9 ASSAM

লণ্ডনৰ অভেলত কালিৰ পৰা আৰম্ভ হৈছে ভাৰত-ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট। মেচখনত প্ৰথমে বেটিং কৰিছে ভাৰতে।

পঞ্চম টেষ্ট

মেচৰ প্ৰথমদিনা ভাৰতে বেটিং কৰি ৬টা উইকেট হেৰুৱাই ২০৪ ৰান কৰিছে। নায়াৰে ৫২ আৰু সুন্দৰ ১৯ ৰানত অপৰাজিত হৈ আছে।

প্ৰথম দিনাৰ খেল

প্ৰথম দিনাৰ খেলত বৰষুণে খেলত যথেষ্ট ব্যাঘাত জন্মায়, যাৰ বাবে কেইবাবাৰো খেল বন্ধ কৰিবলগীয়া হৈছিল। বৰষুণৰ বাবে প্ৰথম দিনা কেৱল ৬৪ অভাৰৰ খেল হয়।

বৰষুণ

আজিও অভেলত বৰষুণে বাধাৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইংলেণ্ডৰ স্থানীয় সময় অনুসৰি দুপৰীয়া ২ বজাৰ পিছত বৰষুণৰ সম্ভাৱনা ৪৬ শতাংশ বুলি কোৱা হৈছে।

চিন্তা

বৰষুণে কেৱল আজিৰ খেলকে প্ৰভাৱিত কৰাই নহয়, এই মেচৰ লগতে শৃংখলাৰ ফলাফলতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত লোকচানৰ সন্মুখীন হ’ব ভাৰত।

প্ৰভাৱ

এইপৰ্যন্ত ভাৰত শৃংখলাত ১-২ ব্যৱধানত পিছ পৰি আছে। গতিকে শৃংখলাত সমতা স্থাপন কৰিবলৈ হ’লে এই মেচখনত ভাৰতৰ জয়ৰ অনিবাৰ্য।

ফলাফল

যদি বৰষুণৰ বাবে এই মেচৰ কোনো ফলাফল নোলায়, তেতিয়া শৃংখলা হেৰুৱাব ভাৰতে। গতিকে ভাৰতৰ বাবে বৰষুণ হৈ পৰিব পাৰে প্ৰধান বাধা।

হেৰুৱাব শৃংখলা

পঢ়িবলৈ ক্লিক কৰক 

অভেলত এই অভিলেখৰ সুযোগ ৰাহুলৰ হাতত