শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমুৱালে নেকি ৰাজনীতিয়ে! পুনৰ টেলিভিচনৰ পৰ্দাত দেখা যাব স্মৃতি ইৰানীক

‘কিউকি চাশ ভি কভী বহু থী’ শীৰ্ষক এই ধাৰাবাহিকখনৰ জৰিয়তে দৰ্শকৰ অতি পৰিচিত মুখ হৈ পৰিছিল স্মৃতি ইৰাণী, লাভ কৰিছিল যথেষ্ট সমাদৰ। আৰু পিছলৈ এইগৰাকী অভিনেত্ৰীয়েই হৈ পৰিছিল নৰেন্দ্ৰ মোদী চৰকাৰৰ কেবিনেট সদস্য। বহন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব। বিজেপিৰ এগৰাকী আগশাৰীৰ নেত্ৰী হিচাপে পৰিগণিত ইৰানী পুনৰ উভতিব টেলিভিচনলৈ!

আমুৱালে নেকি ৰাজনীতিয়ে! পুনৰ টেলিভিচনৰ পৰ্দাত দেখা যাব স্মৃতি ইৰানীক
স্মৃতি ইৰানীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 20 May 2025 23:50 PM

ভাৰতীয় টেলিভিচন ইতিহাসৰ এক অন্যতম সফল ধাৰাবাহিক হিচাপে চিৰ পৰিচিত হৈ ৰৈছে ‘কিউকি চাশ ভি কভী বহু থী’ শীৰ্ষক ধাৰাবাহিকখনে। এই জনপ্ৰিয় ধাৰাবাহিকখনে দেশৰ দৰ্শকসকলৰ মন বাৰুকৈয়ে জয় কৰিছিল। একতা কাপুৰৰ এই ‘আইকনিক’ ধাৰাবাহিকখনৰ ছিকুৱেল সন্দৰ্ভত বহু দিনৰ পৰাই চলি আহিছিল আলোচনা। অৱশেষত দৰ্শকৰ এই অপেক্ষা এতিয়া দূৰ হোৱাৰ দিশে। ইতিমধ্যে বহু প্ৰত্যাশিত এই ধাৰাবাহিকখনৰ শ্বুটিং আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালৈকৈ ধাৰাবাহিকখনৰ আন এটা দিশো এতিয়া ব্যাপক চৰ্চাত।

‘কিউকি চাশ ভি কভী বহু থী’ শীৰ্ষক এই ধাৰাবাহিকখনৰ জৰিয়তে দৰ্শকৰ অতি পৰিচিত মুখ হৈ পৰিছিল স্মৃতি ইৰাণী, লাভ কৰিছিল যথেষ্ট সমাদৰ। আৰু পিছলৈ এইগৰাকী অভিনেত্ৰীয়েই হৈ পৰিছিল নৰেন্দ্ৰ মোদী চৰকাৰৰ কেবিনেট সদস্য। বহন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব। বিজেপিৰ এগৰাকী আগশাৰীৰ নেত্ৰী হিচাপে পৰিগণিত হৈ পৰা এইগৰাকী স্মৃতি ইৰানীয়ে এতিয়া ৰাজনীতিৰ পৰা খন্তেক বিৰাম লৈ পুনৰ উভতিছে অতীতৰ পেছালৈ।

অৰ্থাৎ দৰ্শকৰ বহুল সমাদিত ‘কিউকি চাশ ভি কভী বহু থী’ৰ ছিকুৱেলত পুনৰ দেখা যাব স্মৃতি ইৰানীক। পুনৰ এবাৰ নিজৰ আইকনিক চৰিত্ৰ ‘তুলসী’ৰ ৰূপত দৰ্শকৰ আগত ভুমুকি মাৰিবলৈ সাজু হৈছে। সূত্ৰ অনুসৰি স্মৃতি ইৰানীৰ সৈতে একতা কাপুৰৰ দলটোৱে কিছুদিন পূৰ্বে ধাৰাবাহিকখনৰ দ্বিতীয় খণ্ডৰ শ্বুটিং আৰম্ভ কৰিছে আৰু তেওঁৰ সূচী অনুসৰি স্মৃতি ইৰানীয়ে শ্বুটিঙৰ বাবে দিনটোত ৬ ঘণ্টা সময় দিছে।

মুম্বাইৰ দাদাচাহেব ফাল্কে চিত্ৰনাগৰী অৰ্থাৎ ফিল্ম চিটিত নিৰ্মিত চেটত চলি আছে ‘কিউকি চাশ ভি কভী বহু থী ২’ৰ শ্বুটিং। স্মৃতি ইৰানী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সফল ৰাজনীতিবিদ আৰু সেইবাবেই ধাৰাবাহিকখনৰ চেটত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। তথ্য অনুসৰি চেটৰ ওচৰত আৰু বাহিৰত অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে। কোনো বাহিৰৰ মানুহক ভালদৰে পৰীক্ষা নকৰাকৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

কোৱা হৈছে যে আনকি চেটত ফোন কঢ়িয়াই নিয়াৰ অনুমতি নাই, যাতে শ্ব’ আৰু শিল্পীসকলৰ সৈতে জড়িত কোনো তথ্য বা ছবি ফাদিল নহয়। কেৱল স্মৃতি ইৰানীয়েই নহয়, এই ধাৰাবাহিকখনৰ বহু পুৰণি মুখ পুনৰ এবাৰ টিভিলৈ ঘূৰি অহাটো দৰ্শকৰ বাবে স্বাভাৱিকতেই উপহাৰতকৈ কোনোগুণে কম নহয়। ‘কিউকি চাশ ভি কভী বহু থী’ত তুলসীৰ অনস্ক্ৰীণ স্বামী ‘মিহিৰ’ৰ চৰিত্ৰত অভিনয় কৰা অমৰ উপাধ্যায়ো এই ছিকুৱেলৰ অংশ।

এই ছিকুৱেলত মৌনি ৰায় আৰু কৰিশ্মা তন্নাৰ দৰে অভিনেত্ৰীকো দেখা যাব। এই দুয়োগৰাকী অভিনেত্ৰীয়ে এই শ্ব’টোৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু এতিয়া দুয়ো বলীউডত প্ৰতিষ্ঠিত। কিন্তু এই শ্ব’টোৰ প্ৰতি থকা প্ৰেম আৰু একতা কাপুৰৰ সৈতে থকা সম্পৰ্কৰ বাবেই টিভিত প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে দুয়োগৰাকী। অৱশ্যে এতিয়ালৈকে ষ্টাৰ প্লাছ বা একতা কাপুৰৰ দলটোৱেও এই সন্দৰ্ভত কোনো তথ্য নিশ্চিত কৰা নাই।