সহজ-সৰল দেখি ভোল নাযাব! ২৫ বাৰকৈ বিয়া পাতি গ্ৰেপ্তাৰ মহিলা, কাণ্ড শুনি হতবাক আৰক্ষী…
২৫ বাৰকৈ বিয়া পাতি গ্ৰেপ্তাৰ হ'ল এগৰাকী যুৱতী। জানিব পৰা মতে, দেখাত সহজ-সৰল যুৱতীগৰাকীয়ে এবাৰৰ পাছত আনবাৰ বিবাহ-পাশত আৱদ্ধ হয়। তাৰ পাছতে সংঘটিত কৰে ডাঙৰ কাণ্ড।

দেখাত সহজ-সৰল এগৰাকী যুৱতী। ঘৰৰ অৱস্থা ভাল নহয়। ভাতৃ নিবনুৱা। এনে এগৰাকী যুৱতীয়ে বিয়াৰ বাবে পাত্ৰ বিচাৰে। কিন্তু এবাৰ দুবাৰ নহয়, প্ৰায় ২৫ বাৰ। যুৱতীগৰাকীৰ সৰলতাৰ জালত পৰি ২৫ জনকৈ যুৱকে হেৰুৱালে সকলো। জানিব পৰা মতে, ২৫ জন যুৱকৰ সৈতে বিবাহ-পাশত আৱদ্ধ হোৱা যুৱতীগৰাকীয়ে বিয়াৰ পাছতে সকলো ধন সম্পত্তি লৈ উধাও হয়। অৱশেষত আৰক্ষীৰ জালত পৰিছে চলনাময়ী এই নাৰী। ৰাজস্থানৰ ছোৱাই মাধোপুৰৰ আৰক্ষীয়ে মধ্যপ্ৰদেশৰ ভোপালৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীক। অভিযুক্তৰ নাম অনুৰাধা পাছৱান।
অনুৰাধাই বিগত কেইটামান বছৰ ধৰি এটা গেঙৰ সৈতে জড়িত হৈ আছে। এই গেঙটোৰ কাম আছিল যুৱতীগৰাকীৰ বাবে উপযুক্ত পাত্ৰৰ সন্ধান কৰা। এই গেঙৰ সদস্যসকলে নিজে ঘটকৰ ৰূপত কোনো যুৱকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। তাৰ পাছতে যুৱতীগৰাকীৰ ফটো লৈ বেলেগ বেলেগ যুৱকৰ ওচৰত যায়। যুৱকজনক কয় যে, যুৱতীগৰাকীৰ দুখীয়া ঘৰৰ। তেওঁৰ ভাতৃ নিবনুৱা। গতিকে আৰ্থিক সমস্যাৰ বাবে এতিয়ালৈকে তেওঁৰ বিয়া হোৱা নাই। কেৱল ইমানেই নহয়,উপযুক্ত কইনা চাই দিয়াৰ বাবে সেই লোকজনে পাত্ৰৰ ঘৰৰ পৰা ২ লাখ টকাও লয়।
যুৱকৰ কইনা পচন্দ হোৱাৰ পাছত কোনো মন্দিৰ বা যুৱকৰ ঘৰত বিবাহ সম্পন্ন হয়। তাৰ পাছতে আৰম্ভ হয় আচল নাটক। বিয়াৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে অনুৰাধাই স্বামীৰ লগতে পৰিয়ালৰ প্ৰত্যোক সদস্যৰ মন জয় কৰিবলৈ সক্ষম হয়। তাৰ পাছতে এদিন সকলোৰে খাদ্যত টোপনিৰ ঔষধ মিহলাই সকলোকে অচেতন কৰি পেলায়। পৰৱৰ্তী সময়ত ঘৰৰ টকা, গহনা, দামী বস্তু আদি লৈ উধাও হয়। এইবোৰ কামৰ বাবে প্ৰায়ে চহৰ সলনি কৰিছিল অনুৰাধাই।
এই অনুৰূপ ঘটনা সংঘটিত হৈছে বিষ্ণু শৰ্মা নামৰ যুৱকজনৰ সৈতে।, বিগত ২০ এপ্ৰিলত মাধোপুৰৰ বিষ্ণু শৰ্মা নামৰ যুৱক এজনে অনুৰাধাক বিয়া কৰাইছিল । বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ উপস্থিতিত সকলো ৰীতি-নীতিৰ মাজেৰে এই বিবাহ সম্পন্ন হয়। পাপ্পু মীনা নামৰ এজন ব্যৱসায়ীয়ে তেওঁলোকৰ বিয়াৰ ব্যৱস্থা কৰিছিল। ইয়াৰ বাবে বিষ্ণুৱে পাপ্পুক ২ লাখ টকা দিছিল । কিন্তু বিয়াৰ ২ সপ্তাহৰ ভিতৰত ১ লাখ ২৫ হাজাৰ টকাৰ গহনা, ৩০ হাজাৰ টকা নগদ ধন আৰু ৩০ হাজাৰ টকাৰ মোবাইল ফোন চুৰি কৰে অনুৰাধা পলাই যায় ।
তাৰ পাছতে যুৱকজনে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তেওঁ কয় যে, মই সৰু-সুৰা কাম কৰো। বিয়াৰ বাবে মই টকা ধাৰলৈ লৈছিলো। আনকি মোবাইল ফোনটোও মই ধাৰ কৰা টকাৰে লৈছিলো। কিন্তু সকলো এতিয়া লৈ উধাও হৈছে অনুৰাধা। ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে কয় যে, ঘটনাৰ দিনা আমি সকলো শুই গৈছিলো। অইন দিনাতকৈ সেইদিন বেছি টোপনি লাগিছিল। কিন্তু সাৰ পাই দেখো যে ঘৰৰ প্ৰায়ভাগ সামগ্ৰী চুৰি হৈছে।
উল্লেখ্য যে, ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুৰাধাক গ্ৰেপ্তাৰ কৰিবলৈ এখন জাল পাতে। আৰক্ষীয়ে এজন কনিষ্ঠবলক পাত্ৰ হিচাপে লৈ কইনাৰ সন্ধান কৰে। তাৰ পাছতে অনুৰাধা আৰক্ষীৰ জালত পৰে আৰু পাছত গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! এই ৩ টা প্ৰশ্নৰ উত্তৰ দিয়া নাই জ্যোতি মালহোত্ৰাই, বিপথে পৰিচালিত কৰাৰ চেষ্টা তদন্তকাৰী সংস্থাক…