TV9 ASSAM
কলিযুগত আমি হনুমানৰ জীৱন আৰু গুণৰ পৰা শিকিব লাগে। তেওঁৰ পৰা শিকিব লগা এটা গুণ হ'ল ভক্তি আৰু পৰিশ্ৰম ।
প্ৰথম পাঠ-হনুমানৰ পৰা আমি যোগাযোগৰ দক্ষতা আমি শিকিব লাগে। হনুমানে সীতা মাৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁক চিনি পোৱা নাছিল যদিও তথাপিও তেওঁৰ যোগাযোগৰ দক্ষতাৰে সীতা মাক পতিয়ন নিয়াইছিল যে তেওঁ ৰামৰ পৰা এটা বাৰ্তা লৈ আহিছে।
দ্বিতীয় পাঠ- হনুমানৰ পৰা আমি শিকিব লাগে যে সকলোতে নিজৰ শক্তি দেখুৱাব নালাগে। য’ত প্ৰয়োজন হয় তাতহে ইয়াক ব্যৱহাৰ কৰিব লাগে, যেনেকৈ হনুমানে লংকাত সীতাৰ সন্মুখত নম্ৰ হৈ থাকিল আৰু প্ৰয়োজনত তেওঁ নিজৰ উগ্ৰ ৰূপ ধাৰণ কৰিলে।
তৃতীয় পাঠ- হনুমানৰ সঞ্জীৱনী খণ্ডই আমাক শিকাইছে যে সমস্যাৰ মাজত আবদ্ধ হৈ পৰাতকৈ ইয়াৰ সমাধান বিচাৰি উলিওৱাটো ভাল।
চতুৰ্থ পাঠ - লংকা জ্বলোৱাৰ পিছত হনুমানে শ্ৰীৰামৰ ওচৰ পাওঁতে তেওঁৰ বীৰত্বৰ কাহিনী কোৱাৰ সলনি কেৱল সীতাৰ বাৰ্তা তেওঁৰ ওচৰলৈ আগবঢ়াই দিলে যেতিয়া তেওঁৰ শৌৰ্য্যক লৈ চৌদিশে চৰ্চা চলি আছিল।
পঞ্চম পাঠ-কোনোবাই যদি ভক্তৰ উদাহৰণ চাব বিচাৰে তেন্তে হনুমানতকৈ ভাল কোনো নাই। এজন ভক্ত কেনেকুৱা হ’ব লাগে আমি হনুমানৰ পৰা শিকিব লাগে।
ষষ্ঠ পাঠ- সংকল্প উদাহৰণ হনুমানতকৈ ভালকৈ কোনেও দিব নোৱাৰে। মাত্ৰ এটাই নহয় বহু উদাহৰণ তেওঁৰ জীৱনত আছে। হনুমান ব্ৰহ্মচাৰী আছিল। বিয়া হ’বলগীয়া সময়তো ব্ৰহ্মচাৰী বৈবাহিকতাৰ ব্ৰতত অটল আছিল।
সপ্তম পাঠ- হনুমানৰ জ্ঞানৰ পিয়াহ এই ঘটনাৰ পৰাই বুজিব পাৰি যেতিয়া তেওঁ অষ্ট সিদ্ধিৰ জ্ঞানৰ বাবে বিয়া পাতিবলগীয়া হৈছিল। জ্ঞানৰ পিয়াহত তেওঁ গুৰুৰ আজ্ঞা পালন কৰি কেৱল জ্ঞান আহৰণৰ স্বাৰ্থত বিয়া পাতিছিল।
অষ্টম পাঠ- হনুমানৰ পঞ্চমুখী ৰূপে আমাক শিকাইছে যে আমি কোনো কাৰণতে হাৰ মানিব নালাগে। যেতিয়া হনুমানে একেলগে পাঁচটা চাকি নুমুৱাবলগীয়া হৈছিল, তেতিয়া পৰাজয় বৰণ নকৰি পঞ্চমুখী ৰূপ লৈ পাঁচোটা চাকি একেলগে নুমুৱাইছিল।
নৱম পাঠ - নিজকে প্ৰমাণ কৰিবলৈ হনুমানে পিছত কি হ’ব সেই কথা নাভাবি নিজৰ মূল্য দেখুৱাবলৈ বুকুখন ফালি পেলাইছিল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে ভক্তিৰ সমান্তৰালকৈ সমৰ্পিত গুণো অতি গুৰুত্বপূৰ্ণ।
দশম গুণ – হনুমানতকৈ ভাল ব্যৱস্থাপনা গুণ কোনেও আমাক শিকাব নোৱাৰে। তেওঁৰ প্ৰভু শ্ৰীৰামৰ প্ৰতিটো কাম তেওঁ নিজৰ দক্ষতা আৰু পৰিচালনাৰে সমাধান কৰিছিল।
চাবলৈ ক্লিক কৰক