শ্বাহৰুখ-দীপিকাৰ বিৰুদ্ধে FIR, এনে কি ভুল কৰিলে দুই মহাতাৰকাই?

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু হুণ্ডাইৰ ছয়গৰাকীকৈ কৰ্মকৰ্তাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ । ২০২২ চনৰ জুন মাহত ক্ৰয় কৰা হুণ্ডাই আলকাজাৰ বাহনখনত বিসংগতি থকাৰ বাবেই তেওঁলোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এজন ব্যক্তিয়ে।

শ্বাহৰুখ-দীপিকাৰ বিৰুদ্ধে FIR, এনে কি ভুল কৰিলে দুই মহাতাৰকাই?

শ্বাহৰুখ-দীপিকাৰ বিৰুদ্ধে FIR

Updated On: 

27 Aug 2025 | 04:24 PM

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু হুণ্ডাইৰ ছয়গৰাকীকৈ কৰ্মকৰ্তাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ । ২০২২ চনৰ জুন মাহত ক্ৰয় কৰা হুণ্ডাই আলকাজাৰ বাহনখনত বিসংগতি থকাৰ বাবেই তেওঁলোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতপুৰৰ কীৰ্তি সিঙে। বলীউডৰ তাৰকা শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ লগতে হুণ্ডাইৰ ছয়গৰাকীকৈ কৰ্মকৰ্তাৰ নাম ৰাজস্থানৰ ভাৰতপুৰত এফআইআৰত উল্লেখ কৰা হৈছে।

অভিযোগৰ তালিকাত শ্বাহৰুখ খান, দীপিকা পাডুকনৰ দৰে চেলিব্ৰিটিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। অভিযোগ উত্থাপিত হৈছে যে তেওঁলোকে নিৰ্মাণৰ দোষ থকা এখন গাড়ীৰ বিষয়ে প্ৰচাৰ কৰিছিল। গোচৰটো আৰম্ভ হৈছিল স্থানীয় এজন বাসিন্দাৰ অভিযোগৰ পৰা, যিয়ে দাবী কৰিছিল যে ২০২২ চনত ক্ৰয় কৰা তেওঁৰ হুণ্ডাই আলকাজাৰ এছ ইউ ভিখনে কেইমাহমানৰ ভিতৰতে গুৰুতৰ কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছিল। বাৰে বাৰে অভিযোগ উত্থাপন হোৱাৰ পিছতো সমস্যাৰ সমাধান হোৱা নাই বুলি দাবী কৰে।

ব্ৰেণ্ড এম্বেছাদৰক জবাবদিহি কৰা উচিত নে নহয় সেই সন্দৰ্ভত দেশত চৰ্চা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ বিগত বছৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত যে ভুৱা বিজ্ঞাপনৰ বাবে চেলিব্ৰিটিক জগৰীয়া কৰিব পাৰি।

শেহতীয়াকৈ টলিউড আৰু বলীউডৰ তাৰকাসকলে কোনো মাদক দ্ৰব্যৰ সৈতে জড়িত হ’ব বিচৰা নাই। একাংশ লোকে এনেদৰেও ভাবে যে ধন উপাৰ্জৰ বাবে তেওঁলোকে যিকোনো বিজ্ঞাপনৰ অংশ হ’ব পাৰে। যাক লৈ এতিয়া বিতৰ্ক চলি আছে। ইয়াৰ ভিতৰত এফআইআৰত শ্বাহৰুখ আৰু দীপিকাৰ দৰে তাৰকাৰ নাম উল্লেখ কৰাৰ পিছত এই গোচৰৰ তদন্ত হ’ব নে নাই, সেইটোহে লক্ষণীয় বিষয়।

লগতে পঢ়ক: নিশাটোৰ ভিতৰতে চেহেৰা সলনি! কিং খানৰ ৰূপ দেখি হতবাক অনুৰাগী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...