হঠাৎ কি হ’ল? সকলোৰে আগত অমিতাভে সাৱতি ধৰিলে ৰেখাক, মচি দিলে চকুপানী…

ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেম কাহিনী বলীউডত এক চৰ্চিত বিষয়। আজিও দুয়োৰে প্ৰেম কাহিনী সন্দৰ্ভত বিভিন্ন আলোচনা চলি থাকে। কিন্তু এবাৰ ৰেখাই অমিতাভক কৈছিল-আই হেট ইউ বুলি।

হঠাৎ কি হল? সকলোৰে আগত অমিতাভে সাৱতি ধৰিলে ৰেখাক, মচি দিলে চকুপানী...

ৰেখা-অমিতাভ

Published: 

04 Nov 2025 | 12:58 PM

ৰেখা আৰু অমিতাভ বচ্চনৰ প্ৰেম কাহিনী বলীউডত অধিক চৰ্চিত এক বিষয়। অমিতাভ আৰু জয়াৰ বৰ্তমান এখন সুখৰ সংসাৰ থাকিলেও আজিও ৰেখাৰ প্ৰেমৰ বিষয়টোক লৈ বিভিন্ন চৰ্চা হোৱা দেখা যায়। একাংশৰ মতে, আজিও ৰেখাই গোপনে ভাল পাই অমিতাভ বচ্চনক। অভিনেতাগৰাকী সন্দৰ্ভত প্ৰশ্ন কৰিলে বা বিভিন্ন দিশত ৰেখাৰ চকুত বিগ বিৰ প্ৰতি প্ৰেম দেখা পোৱা যায়। কিন্তু এবাৰ বহু মানুহৰ আগত ৰেখাই অমিতাভক কৈছিল- আই হেট ইউ।

সময় আছিল আশীৰ দশকৰ। সেই সময়ত অমিতাভ আৰু ৰেখাই ‘চিলচিলা’ ছবিখনৰ শ্বুটিং কৰি আছিল। যশ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে সেই সময়ত বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল। ছবি সমালোচকসকলে কৈছিল যে, যশ চোপ্ৰাই অমিতাভ আৰু ৰেখাৰ ব্যক্তিগত সম্পৰ্ক আৰু বিভিন্ন দিশসমূহ ‘চিলচিলা’ত চিত্ৰিত কৰিছিল।  এই ছবিখনৰ চিত্ৰনাট্য ইমানেই বাস্তৱসন্মত আছিল যে ছবিখনৰ শ্বুটিঙৰ সময়ত ৰেখাই নিজৰ আৱেগ ধৰি ৰাখিব পৰা নাছিল, আৰু তাৰ প্ৰমাণ শ্বুটিঙৰ এটা দৃশ্য।

চিনেমাখনৰ কাহিনী অনুসৰি ‘চিলচিলা’ৰ এটা দৃশ্যত অমিতাভে তেওঁলোকৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা কয়। সেই কথা শুনাৰ পিছত ৰেখাই ‘আই হেট ইউ’ৰ সংলাপটো ক’ব লগা হয়। অমিতাভক এই কথা কৈ থাকোঁতে ৰেখাৰ বাৰে বাৰে ভুল হৈ আছিল। তেওঁ নিজৰ আৱেগ একেবাৰেই ধৰি ৰাখিব পৰা নাছিল। ৰেখাৰ চকুৰ পৰা চকুলো বৈ আহিছিল। নিজকে যেন প্ৰশ্ন কৰিছিল, মৰমৰ অমিতক তেওঁ কেনেকৈ এই কথা ক’ব পাৰিলে?

ৰেখাই নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰি কান্দি পেলাইছিল। সংলাপ কোৱাৰ সলনি ৰেখাই অমিতাভক জোৰেৰে সাৱতি ধৰিছিল। সেই সময়ত শ্বুটিং স্থলীত বহু মানুহ আছিল। কিন্তু তাৰ পাছতো অমিতাভে ৰেখাক আঁতৰাই পেলোৱা নাছিল, বৰঞ্চ জোৰেৰে সাৱতি ধৰিছিল। নিজ হাতেৰে চকুপানী মচি দিছিল। চিনেমাখনৰ প্ৰেমকাহিনী সেইদিনা যেন বাস্তৱৰ সৈতে মিল খাইছিল। সেই শ্বুটিঙৰ দৃশ্য বহু সময়ত আজিও চৰ্চিত হয়।

 

অন্য খবৰ পঢ়কঃ খাবলৈ খাদ্য নাই, মোক সঁচাকৈ টকা লাগে…সেইদিনা কি হৈছিল শ্বাহৰুখ খানৰ সৈতে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...