কৰীনা নহয়, টাইমুৰ আৰু জাহাংগীৰৰ আচল মাতৃ মইঃ কৰিশ্মা কাপুৰে ফাদিল কৰিলে ৰহস্য…
বলীউডৰ দুটা জনপ্ৰিয় নাম কৰীনা কাপুৰ আৰু কৰিশ্মা কাপুৰ। দুয়োৰে মাজত থকা ভাল সম্পৰ্কৰ কথা প্ৰায় সকলোৱে জানে। কিন্তু শেহতীয়াকৈ কৰিশ্মাই কয় যে, তেওঁৰ ৪ টাকৈ সন্তান।

কৰীনা
কিছুদিন পূৰ্বে বলীউডৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰে প্ৰাক্তন স্বামী সঞ্জয় কাপুৰক হেৰুৱাইছিল। সঞ্জয়ৰ অকাল মৃৃত্যুই জোকাৰি গৈছিল কৰিশ্মাক। প্ৰাক্তন স্বামীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত ভাঙি পৰিছিল কৰিশ্মা, ইতিমধ্যে ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে কৰিশ্মাই কান্দি কান্দি ভাঙি পৰিছে আৰু ভগ্নী কৰীনাই তেওঁৰ সান্তনা দিছে। এই দুই ভগ্নীৰ মাজৰ আত্মীয়তা সকলোৱে জানে। যেতিয়াই যাক প্ৰয়োজন হয়, তেতিয়াই এজনীয়া আনজনীৰ লগ দিয়ে। সেইবাবেই শ্বেইফ আলীক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ সময়ত নিশাৰ ভিতৰতে কৰিশ্মা কৰীনাৰ ঘৰলৈ দৌৰি আহিছিল।
কাপুৰ বংশৰ দুগৰাকী তাৰকা কন্যা কৰীনা আৰু কৰিশ্মাৰ মাজত থকা অবিচ্ছেদ্য বন্ধনৰ বহু উদাহৰণ সমগ্ৰ বলীউডত দেখা যায়। বিভিন্ন সাক্ষাৎকাৰত কৰীনা আৰু কৰিশ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰতিদিনে পুৱা সাৰ পাই দুয়ো কথা নাপাতিলে ভাল নালাগে। এনে লাগে পুৱা কথা নাপাতিলে যেন দিন ভাল নাযাব। এয়াই দুই ভগ্নীৰ মাজত থকা মৰম তথা আন্তৰিকতাক বুজায়।
কিন্তু শেহতীয়াকৈ কৰিশ্মাই কৰীনাৰ দুই সন্তানক লৈ কৰা মন্তব্য এতিয়া বিশেষ চৰ্চাত আছে। কৰিশ্মাই কৰীনাৰ সন্তানক লৈ ডাঙৰ মন্তব্য কৰে। শেহতীয়াকৈ কৰিশ্মাৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ ভাইৰেল হৈছে। য’ত কৰিশ্মাই কয়, “মোৰ জীৱনটো এতিয়া বহুত ধুনীয়া। মোৰ ৪ টাকৈ সন্তানৰ সৈতে মই অতি ভালকৈ জীৱন যাপন আছো”। ইয়াৰ পাছত তেওঁ কয় যে, ”মোৰ দুটা সন্তান। এটা ল’ৰা আৰু এজনী ছোৱালী। আৰু মই কৰীনাৰ দুই সন্তানৰ প্ৰকৃত মাতৃ। টাইমুৰ আৰু জাহাংগীৰ মোৰ সন্তান। কিয়নো টাইমুৰ আৰু জেহ সৰুৰ পৰা মোৰ লগত আছে। কৰীনাতকৈ মোক বেছি ভাল পাই সিঁহতে”। শেষত কৰিশ্মাই কয় যে, কৰীনাও মোৰ সন্তানৰ দৰে।
অভিনেত্ৰীগৰাকীৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, কৰীনা আৰু শ্বেইফ আলী খানৰ দুুটাকৈ লৰা সন্তান আছে। দুয়োকে লৈ প্ৰায়ে সামাজিক মাধ্যমত ফটো আপলোড কৰে কৰীনাই।
অন্য খবৰ পঢ়কঃ একাধিকৰ সৈতে শাৰীৰিক সম্পৰ্কই আনিলে বিপদ! বলীউডৰ এজন জনপ্ৰিয় অভিনেতাৰ কাহিনী…