“ঈশ্বৰৰ তুলনাত মোদীয়েই ভাল!” হঠাৎ কিয় প্ৰধানমন্ত্ৰীক ঈশ্বৰৰ শাৰীত ৰাখিলে জাভেদ আখতাৰে?

যোৱা শনিবাৰে দিল্লীত অনুষ্ঠিত এক বিতৰ্কত অংশগ্ৰহণ কৰিছিল জাভেদ আখতাৰে। তাতেই কিংবদন্তি গীতিকাৰ তথা চিত্ৰনাট্যকাৰ জাভেদ আখতাৰ আৰু ইছলামিক পণ্ডিত মুফতি ছামাইল নাদৱীয়ে ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ অস্তিত্বক লৈ এক হাই ভল্টেজ বিতৰ্কত লিপ্ত হয়। তাতেই তেওঁ এই মন্তব্য কৰে।

ঈশ্বৰৰ তুলনাত মোদীয়েই ভাল! হঠাৎ কিয় প্ৰধানমন্ত্ৰীক ঈশ্বৰৰ শাৰীত ৰাখিলে জাভেদ আখতাৰে?

জাভেদ আখতাৰ আৰু নৰেন্দ্ৰ মোদী

Updated On: 

24 Dec 2025 | 02:40 PM

জাভেদ আখতাৰ, বলীউদৰ প্ৰখ্যাত গীতিকাৰ তথা চিত্ৰনাট্যকাৰগৰাকী অতিকৈ সুপৰিচিত। কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত কৰা এক মন্তব্যৰ বাবে চৰ্চিত হৈ পৰিছে তেওঁ। নেটিজেনে কৈছে, এয়া ভূতৰ মুখত ৰামনাম! আৰম্ভণিৰে পৰা গেৰুৱা ৰাজনীতি আৰু বিজেপিৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা জাভেদ আখতাৰৰ মুখত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা! আৰু কেৱল প্ৰশংসাই নহয়, জাভেদে মোদীক ঈশ্বৰতকৈও আগস্থান দিয়ে! কিন্তু হঠাতে কি হ’ল?

যোৱা শনিবাৰে দিল্লীত অনুষ্ঠিত এক বিতৰ্কত অংশগ্ৰহণ কৰিছিল জাভেদ আখতাৰে। তাতেই কিংবদন্তি গীতিকাৰ তথা চিত্ৰনাট্যকাৰ জাভেদ আখতাৰ আৰু ইছলামিক পণ্ডিত মুফতি ছামাইল নাদৱীয়ে ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ অস্তিত্বক লৈ এক হাই ভল্টেজ বিতৰ্কত লিপ্ত হয়। প্ৰায় দুঘণ্টা ধৰি চলি থকা এই বিতৰ্ক কেৱল সেই মঞ্চতে সীমাবদ্ধ নাথাকিল, বৰঞ্চ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিল। এই বিতৰ্কত জাভেদ আখতাৰে নৰেন্দ্ৰ মোদীক ভগৱানৰ লগত তুলনা কৰি প্ৰধানমন্ত্ৰীক আগুৱাই লৈ গ’ল। জাভেদৰ এই মন্তব্য সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

‘The Lollontop’ৰ সম্পাদক সৌৰভ দ্বিবেদীয়ে আঁত ধৰা ‘Does God Exist?’ শীৰ্ষক এই বিতৰ্কত দুয়োপক্ষই যুক্তি, নৈতিকতা আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ ক্ষেত্ৰত নিজৰ স্থিতি দাঙি ধৰে। গতানুগতিক বিশ্বাসৰ বিৰুদ্ধে থিয় দি জাভেদ আখতাৰে মানুহৰ দুখ-কষ্ট আৰু সৰ্বশক্তিমান সৃষ্টিকৰ্তাৰ ধাৰণাটোৰ মাজৰ নৈতিক বৈপৰীত্যক তেওঁৰ যুক্তিৰ কেন্দ্ৰবিন্দুত ৰাখে। গাজাৰ যুদ্ধৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি জাভেদ আখতাৰে প্ৰশ্ন কৰে যে ৭০ হাজাৰতকৈ অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুওৱা পৰিস্থিতিত সৰ্বদয়ালু আৰু সৰ্বশক্তিমান ঈশ্বৰৰ অস্তিত্ব ক’ত? এই প্ৰেক্ষাপটতে জাভেদে মোদীৰ বিষয়টো উত্থাপন কৰিছিল। জাভেদৰ ভাষাত, “আমাৰ প্ৰধানমন্ত্ৰীজন তুলনামূলকভাৱে বহুত ভাল, অন্ততঃ তেওঁ অলপ গুৰুত্ব দিয়ে।”

গোটেই বিতৰ্কত জাভেদ আখতাৰে বাৰে বাৰে ধৰ্মৰ নামত হিংসাৰ কথা উল্লেখ কৰিছিল। তেওঁ সুধিলে, “ভগৱানৰ ধাৰণাতেই সকলো ৰৈ যায় কিয়? আমি কিয় প্ৰশ্ন কৰা বন্ধ কৰিব লাগে? আৰু কেনেধৰণৰ ঈশ্বৰে শিশুক বোমাৰে উৰুৱাই দিবলৈ অনুমতি দিয়ে? যদি তেওঁৰ অস্তিত্ব আছে তেন্তে তেওঁৰ অস্তিত্ব নথকাটোৱেই ভাল।”

এক প্ৰতিবাদী তৰ্কত মুফতি ছামাইল নাদৱীয়ে মানৱ এজেন্সীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “সৃষ্টিকৰ্তাই অশুভ শক্তি সৃষ্টি কৰিছে, কিন্তু তেওঁ নিজে দোষী নহয়। যিসকলে নিজৰ স্বতন্ত্ৰ ইচ্ছাৰ অপব্যৱহাৰ কৰি এই কু-কৰ্মবোৰ কৰে, তেওঁলোক সম্পূৰ্ণ দায়ী।” মুফতিয়ে কয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...