অপাৰেচন সেন্দূৰৰ ওপৰত নিৰ্মাণ হ’ব চিনেমা, পোষ্টাৰো হ’ল মুকলি! চাওক কোনে কৰিব নিৰ্মাণ…

‘অপাৰেচন সেন্দূৰ’ শীৰ্ষক নামৰ অভিযানৰ জৰিয়তে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীক প্ৰদান কৰিছে পহলগাম আক্ৰমণৰ সঠিক প্ৰত্যুত্তৰ। এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এই প্রতিশোধমূলক অভিযান ‘অপাৰেচন সেন্দূৰ’ শীঘ্ৰেই চিনেমা ৰূপত দেখা পোৱাৰ দিশে।

অপাৰেচন সেন্দূৰৰ ওপৰত নিৰ্মাণ হ’ব চিনেমা, পোষ্টাৰো হ’ল মুকলি! চাওক কোনে কৰিব নিৰ্মাণ…

এইবাৰ চিনেমা ৰূপত অপাৰেচন সেন্দূৰ!

Published: 

10 May 2025 00:59 AM

পহলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ পিছতে সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰিছিল প্ৰতিশোধৰ সময়লৈ। দেশবাসীৰ এই অপেক্ষাৰ মাজতে ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটিত চলায় প্ৰবল প্ৰত্যাক্ৰমণ। ‘অপাৰেচন সেন্দূৰ’ শীৰ্ষক নামেৰে নামাকৰণ কৰা এই অভিযানৰ জৰিয়তে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানক প্ৰদান কৰিছে সঠিক প্ৰত্যুত্তৰ। এতিয়া পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এই প্রতিশোধমূলক অভিযান ‘অপাৰেচন সেন্দূৰ’ শীঘ্ৰেই চিনেমা ৰূপত দেখা পোৱাৰ দিশে।

ইতিমধ্যে এই ছবিখনৰ কথা ৰাজহুৱাকৈ ঘোষণাও কৰা হৈছে। এই ছবিখন নিকি-বিকি ভগনানী ফিল্মছ এণ্ড কণ্টেণ্ট ইঞ্জিনিয়াৰৰ বেনাৰত নিৰ্মাণ হ’ব বুলি প্ৰকাশ পাইছে। ভাইৰেল ভায়ানীয়ে প্ৰকাশ কৰিছে এই কথা। এক এ আই পোষ্টাৰৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰা হৈছে। পোষ্টাৰখনত এগৰাকী মহিলা সামৰিক বিষয়াই হাতত বন্দুক লৈ অভিযানৰ বাবে সাজু হোৱা দেখা গৈছে। পোষ্টাৰখনত লিখা আছে, ‘ভাৰত মাতা কি জয় অপাৰেচন সিন্দুৰ’।

 

এই ছবিখন জেকী ভগনানীৰ সম্পৰ্কীয় ভাতৃ বিকি ভগনানীয়ে প্ৰযোজনা কৰিব বুলি জানিব পৰা গৈছে। বিকি ভগনানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ভাইৰেল ভায়ানীৰ চ’ছিয়েল মিডিয়াৰ পোষ্টটো শ্বেয়াৰ কৰি নিজৰ ছবিখনৰ কথা ঘোষণা কৰিছে। এই মুহূৰ্তত কেৱল ছবিখনৰ কথা ঘোষণা কৰা হৈছে। এই ছবিখনৰ মূল অভিনেতা সন্দৰ্ভত কোনো তথ্য শ্বেয়াৰ কৰা হোৱা নাই।

বিকি ভগনানী আৰু উত্তম মহেশ্বৰীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী

উত্তম মহেশ্বৰী আৰু নীতিন কুমাৰ গুপ্তাই যৌথভাৱে এই ছবিখন পৰিচালনা কৰিছে। উল্লেখ্য যে ইতিপূৰ্বে বিকি ভগনানীয়ে সোণাক্ষী সিনহাৰ সৈতে ‘নিকিতা ৰায়’ শীৰ্ষক এখন ছবিও নিৰ্মাণ কৰিছে। সোনাক্ষীৰ এই ছবিখন অহা ৩০ মে’ত মুক্তি পাব। তাৰ মাজতে এতিয়া পোহৰলৈ আহিছে অপাৰেচন সেন্দূৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ প্ৰসঙ্গ।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে এক নৃশংস আক্ৰমণ সংঘটিত কৰি ২৬ জন নিৰীহ লোকক হত্যা কৰিছিল। পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীৰ এনে জঘন্য কাণ্ডৰ প্ৰত্যুত্তৰ হিচাপে ৭ মে’ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দূৰ আৰম্ভ কৰি পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰে। এতিয়া ভাৰতীয় সেনাৰ এই অভিযানৰ কাহিনী পৰ্দাত দেখুৱাবলৈ আগবাঢ়িছে বিকি ভগনানী।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey