শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Malamal Boyyyz : ৰাজ্যজুৰি চৰ্চিত ‘মালামাল বইজ’, প্ৰতিটো ছবিগৃহত দৰ্শকৰ ভিৰ

প্ৰতিটো ছবিগৃহতে ‘মালামাল বইজ’ চাবলৈ দৰ্শকে কৰিছে ভিৰ। ১৮ জুলাইত মুক্তি লাভ কৰা ছবিখন কেৱল অসমতে নহয়, হাইদৰাবাদ, পুনে, বেংগালুৰু, চেন্নাই আৰু নয়দাটো মুক্তি দিয়া হৈছে। এই হাস্যমধুৰ ছবিখনৰ পৰিচালনা মৃণাল ডেকাৰ।

Malamal Boyyyz : ৰাজ্যজুৰি চৰ্চিত ‘মালামাল বইজ’, প্ৰতিটো ছবিগৃহত দৰ্শকৰ ভিৰ
প্ৰতিটো ছবিগৃহত দৰ্শকৰ ভিৰImage Credit source: Social Media
barasha-misra
Barasha Misra | Updated On: 29 Jul 2025 19:11 PM

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। ভাইমন দা আৰু ৰুদ্ৰৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ মুক্তি পালে অসমীয়া ছবি ‘মালামাল বইজ’। এতিয়া অব্যাহত আছে অসমীয়া চিনেমাৰ জয়যাত্রা। ইখনৰ পাছত সিখন সফল ছবি দর্শকলৈ উপহাৰ হিচাপে আগবঢ়াইছে পৰিচালক, প্ৰযোজক আৰু কলা কুশলীসকলে। এতিয়া মালামাল বয়জ ছবিখন কেইবাটাও অভিলেখ সৃষ্টি কৰি অসমৰ বিভিন্ন ছবিঘৰত গৌৰৱৰে চলি আছে।

প্ৰতিটো ছবিগৃহতে ‘মালামাল বইজ’ চাবলৈ দৰ্শকে কৰিছে ভিৰ। ১৮ জুলাইত মুক্তি লাভ কৰা ছবিখন কেৱল অসমতে নহয়, হাইদৰাবাদ, পুনে, বেংগালুৰু, চেন্নাই আৰু নয়দাটো মুক্তি দিয়া হৈছে। এই হাস্যমধুৰ ছবিখনৰ পৰিচালনা মৃণাল ডেকাৰ। ছবিখনে ইতিমধ্যে কেইবাটাও অভিলেখ সৃষ্টিৰে বৰ্তমানলৈ কোটিৰ ঘৰত উপাৰ্জন কৰা বুলি জানিব পৰা গৈছে । বলিউডৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকেও অভিনয় কৰিছে মালামাল বইজ’ত।

Assamese Movie

ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিছে জুনু নাথে। ইয়ৰোপৰি ছবিখনত অভিনয় কৰিছে, জনপ্ৰিয় অভিনেতা বলীন বৰা,উজ্জ্বল ৰাজখোৱা,জিণ্টু কুমাৰ কাশ্যপ,নৱজ্যোতি নাথ,অতনু মহন্ত,দ্বীপজ্যোতি কলিতা,প্ৰণামী, ৰাজু ৰয়,সিদ্ধাৰ্থ মুখাৰ্জী, নৱবকুমাৰ আৰু বিদ্যুতে অভিনয় কৰিছে।

মৃণাল ডেকা এণ্ড টীমৰ পৰিচালনাৰে নিৰ্মান হোৱা ছবিখনত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা,আচুৰ্য বৰপাত্ৰ আৰু বহ্নিমানে। ইফালে তিৰণ মহন্তই সংগীত পৰিচালনা কৰা ছবিখনত সংগীত সজ্জা কৰিছে কিংছুক মৰাণে। গানৰ শব্দ জিন্টু কুমাৰ কাশ্যপ,পাপলু চেতিয়া আৰু বৰষা বৰাৰ। এতিয়া সমগ্ৰ অসমৰ দৰ্শকৰ মুখে মুখে মালামাল বইজৰ চৰ্চা ৷