Highest Grossing Indian Movies Of 2025: পিছ পেলালে সকলোকে! ২০২৫ৰ ১ নম্বৰ ব্লকবাষ্টাৰ ছবিত পৰিণত ‘ধুৰন্ধৰ’…

Highest Grossing Indian Movies of 2025 Worldwide: ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, আৰু আৰ মাধৱনে দৰ্শকৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চলিত মাহত মুক্তি পোৱা ছবি ধুৰন্ধৰে বক্স অফিচত সৃষ্টি কৰিছে ধুমুহাৰ । ২০২৫ চনত বিশ্বজুৰি সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ধুৰন্ধৰে।ইয়াৰ অৰ্থ হ’ল ধুৰন্ধৰ বছৰৰ সৰ্ববৃহৎ ছবি হিচাপে পৰিগণিত হৈছে।

Highest Grossing Indian Movies Of 2025: পিছ পেলালে সকলোকে! ২০২৫ৰ ১ নম্বৰ ব্লকবাষ্টাৰ ছবিত পৰিণত ‘ধুৰন্ধৰ’...

ধুৰন্ধৰ

Updated On: 

28 Dec 2025 16:47 PM

ৰণবীৰ সিঙৰ ছবি ‘ধুৰন্ধৰ’ (Dhurandhar)-এ নিজে নিজৰ নামৰ পৰিচয় দিছে। সঁচাকৈয়ে ২০২৫ চনৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবিত পৰিণত হৈছে ধুৰন্ধৰ। ছবিগৃহত মুক্তিৰ ২২ দিন সম্পূৰ্ণ হ’ল। এই ২২ দিনত ছবিখনে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই ছবিখনে বিশ্বজুৰি ১০০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। উপাৰ্জনৰ ক্ষেত্ৰত যেন সকলো অভিলেখ ভংগ কৰিছে ধুৰন্ধৰে।

তৃতীয় সপ্তাহত ধুৰন্ধৰে কিমান উপাৰ্জন কৰিলে?

ধুৰন্ধৰৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে, মুক্তিৰ তৃতীয় সপ্তাহত ছবিখনে বহু টকা উপাৰ্জন কৰিছে। গঢ়িছে নতুন অভিলেখ । তৃতীয় সপ্তাহৰ উপাৰ্জনত এই ধুৰন্ধৰে বহু ডাঙৰ ডাঙৰ ছবিক অতিক্ৰম কৰিছে। প্ৰথম অৱস্থাত ইয়াক জৱান, পাঠান, আৰ আৰ আৰ, কে জি এফ চেপ্টাৰ 2ৰ দৰে ছবিৰ সৈতে তুলনা কৰা হৈছিল।কিন্তু এতিয়া ধুৰন্ধৰক পোনপটীয়াকৈ পুষ্পা 2 আৰু বাহুবলী 2ৰ দৰে ছবিৰ সৈতে তুলনা কৰা হৈছে।

শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰকে ধৰি তৃতীয় সপ্তাহত ছবিখনে মুঠ ৯৫.২৫ কোটি (প্ৰায় ১.২৫ বিলিয়ন ডলাৰ) উপাৰ্জন কৰে। তদুপৰি বাকী চাৰিদিনত ইয়াৰ আকৰ্ষণীয় উপাৰ্জন অব্যাহত ৰাখি ৭৬.৭৫ কোটি (প্ৰায় ১.৭২ বিলিয়ন ডলাৰ) সংগ্ৰহ কৰে। এইটোৱেই দেখুৱাবলৈ যথেষ্ট যে, কিছুমান ছবিয়ে সমগ্ৰ সময়ত যিমান উপাৰ্জন কৰিব পাৰে, তাতকৈ ধুৰন্ধৰে মাত্ৰ তৃতীয় সপ্তাহতে অধিক উপাৰ্জন কৰিছে।

ধুৰন্ধৰৰ এই কৃতিত্ব বিশেষ কাৰণ ই আল্লু অৰ্জুনৰ পুষ্পা ২ আৰু প্ৰভাসৰ বাহুবলী ২ দুয়োখন ছবিকে অতিক্ৰম কৰিছে।আল্লু অৰ্জুনৰ পুষ্পা ২ ছবিখনে হিন্দীত ৯১ কোটি উপাৰ্জন কৰাৰ বিপৰীতে বাহুবলী ২-এ তৃতীয় সপ্তাহত ৬৯.৬৫ কোটি উপাৰ্জন কৰে। বিকি কৌশলৰ ছাবাই ভাল সংগ্ৰহৰ পিছতো মাত্ৰ ৭৯.৭৫ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয় স্থানত আছে।

আশ্চৰ্যজনকভাৱে প্ৰথম স্থান দখল কৰা ৰণবীৰ সিঙৰ ধুৰন্ধৰ আৰু দ্বিতীয় স্থান দখল কৰা আল্লু অৰ্জুনৰ ছবিৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। দুয়োখন ছবিৰ উপাৰ্জনৰ পাৰ্থক্য ৮১ কোটি, যিটো নিজৰ মাজতে ধুৰন্ধৰৰ সফলতা আৰু ছবিখনৰ প্ৰতি জনসাধাৰণৰ মাজত থকা উন্মাদনাৰ প্ৰতিফলন ঘটায়।

ধুৰন্ধৰত ৰণবীৰ সিঙে ভাৰতীয় চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ উপৰিও ছবিখনত সঞ্জয় দত্ত, অক্ষয় খান্না, আৰ মাধৱন, অৰ্জুন ৰামপাল, চাৰা অৰ্জুন, আৰু ৰাকেশ বেদী আদিয়ে নিজৰ তাৰকাৰ অভিনয়েৰে দৰ্শকক মোহিত কৰিছে। ৫ ডিচেম্বৰত ছবিখন মুক্তি লাভ কৰিছিল।

লগতে পঢ়ক: অভিশপ্ত ২০২৫! এটাৰ পিছত এটাকৈ খহি পৰিল অসমীয়া সাংস্কৃতিক জগতৰ ভোটা তৰা…

ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ পুৱা কি কি খাব লাগে? জানক...
ভাগৰ আৰু অনিদ্ৰা...কি ভিটামিনৰ অভাৱত এনে সমস্যা হয়? জানক...
একেৰাহে ২১ দিন চেনি নাখালে শৰীৰৰ কি কি পৰিৱৰ্তন হ'ব? জানক চিকিৎসকৰ পৰা...
পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...