চিৰকাল জীয়াই থাকিব জুবিন গাৰ্গৰ সৃষ্টি, সাৰথি হ’ব সহ-শিল্পীৰ নতুন বেণ্ড ‘যন্ত্ৰ’

সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ দীৰ্ঘদিনীয়া সহ-শিল্পীসকলে কালজয়ী গীতসমূহ সংৰক্ষণ আৰু উপস্থাপন কৰাৰ প্ৰতিশ্ৰুতিৰে JONTRO শীৰ্ষক এটা নতুন মিউজিক বেণ্ড গঠনৰ কথা ঘোষণা কৰিছে। জুবিন গাৰ্গৰ স্মৃতি আৰু সংগীতক জীয়াই ৰাখিবলৈ এয়া তেওঁলোকৰ সুকীয়া প্ৰচেষ্টা।

চিৰকাল জীয়াই থাকিব জুবিন গাৰ্গৰ সৃষ্টি, সাৰথি হ’ব সহ-শিল্পীৰ নতুন বেণ্ড ‘যন্ত্ৰ’
Published: 

23 Dec 2025 | 11:00 PM

জুবিন গাৰ্গ বিহীন অসম কল্পনা কৰা নাছিল কোনোৱে। প্ৰিয় শিল্পীজন সকলোৰে পৰা চিৰ দিনৰ বাবে আঁতৰি যোৱা প্ৰায় ৩ মাহ হ’ল, কিন্তু কোনেও পাহৰিব পৰা নাই জুবিনৰ মৃত্যু। জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৱেই আছিল প্ৰতিগৰাকী অসমীয়াৰ বাবে আটাইতকৈ দুখৰ দিন।

এতিয়া সংগীত শিল্পী জুবিন গাৰ্গৰ চিৰস্থায়ী সংগীতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ দীৰ্ঘদিনীয়া সহ-শিল্পীসকলে কালজয়ী গীতসমূহ সংৰক্ষণ আৰু উপস্থাপন কৰাৰ প্ৰতিশ্ৰুতিৰে JONTRO শীৰ্ষক এটা নতুন মিউজিক বেণ্ড গঠনৰ কথা ঘোষণা কৰিছে।


এই বেণ্ডটোত জুবিন গাৰ্গৰ সৈতে দশক দশক ধৰি কাম কৰা অভিজ্ঞ সহশিল্পী পাৰ্থ, ৰাজা, দিগন্ত, দীপকেশ, প্ৰিয়াংকু, ঋষভ আৰু অঞ্জন আদি আছে। জুবিন গাৰ্গৰ স্মৃতি আৰু সংগীতক জীয়াই ৰাখিবলৈ এয়া তেওঁলোকৰ সুকীয়া প্ৰচেষ্টা। য’ত ৰূপম ভূঞাৰ দৰে প্ৰখ্যাত শিল্পীও জড়িত হৈছে।

জুবিন গাৰ্গৰ কণ্ঠ, সুৰ বা লিখা গীত একচেটিয়াভাৱে পৰিবেশন কৰিব বেণ্ডটোৱে। বেণ্ডৰ সদস্যসকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আশীৰ্বাদ আৰু উৎসাহ বিচাৰিছে। তেওঁলোকৰ এই সমৰ্থনে জুবিন গাৰ্গৰ অমৰ সংগীত সংৰক্ষণ আৰু উদযাপনত সহায় কৰিব। জুবিনৰ সহযোগী পাৰ্থ গোস্বামীয়ে কয় যে, JONTRO কেৱল এটা বেণ্ড নহয়, বৰঞ্চ এক আৱেগ, জুবিন গাৰ্গৰ কণ্ঠ, শব্দ আৰু সুৰ যাতে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত অনুৰণন হৈ থাকে তাৰ বাবে এক প্ৰচেষ্টা।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...