ছলমানৰ আহিব ডাঙৰ বিপদ! ২০২৬ চনত শ্বাহৰুখৰ ভাগ্যত কি আছে? জ্যোতিষীৰ ভৱিষ্যদ্বাণী…

বহু সময়ত চেলিব্ৰেটিসকলৰ লগত জড়িত বিভিন্ন ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে। শেহতীয়াকৈ এটা প'ডকাষ্ট ভাইৰেল হৈছে য'ত এগৰাকী জ্যোতিষীয়ে ২০২৬ চনত শ্বাহৰুখ খান আৰু ছলমান খানৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিছে।

ছলমানৰ আহিব ডাঙৰ বিপদ! ২০২৬ চনত শ্বাহৰুখৰ ভাগ্যত কি আছে? জ্যোতিষীৰ ভৱিষ্যদ্বাণী...

Salman Khan Shahrukh Khan

Published: 

20 Nov 2025 | 09:43 AM

হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। যিয়ে এই জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে তাৰ কাৰণে ইয়াৰ মান্যতা অধিক। জ্যোতিষীসকলে মানুহৰ লগত জড়িত বিভিন্ন দিশ সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰে। শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন জ্যোতিষীয়ে ছলমান খান আৰু শ্বাহৰুখ খানৰ বিষয়ে মন্তব্য কৰিছে। বৰ্তমান সময়ত জ্যোতিষীজনৰ এই প’ডকাষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই প’ডকাষ্টটোত জ্যোতিষীগৰাকীে অভিনেতা শ্বাহৰুখ আৰু ছলমানৰ ভাগ্যৰ কথা কৈছে। ২০২৬ বৰ্ষটি দুয়োৰে কেনে যাব সেই সন্দৰ্ভত মন্তব্য কৰিছে।

কেনে যাব শ্বাহৰুখৰ দিন

যোৱা কেইটামান বছৰত বলীউডৰ বক্স অফিচত দিন ভাল আছিল শ্বাহৰুখৰ। পাঠান, জৱান, ডংকি আদি ছবি চুপাৰহিট হৈছিল। ইমানেই নহয়, ২০২৫ চনত তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। গতিকে ২০২৫ চনটি শ্বাহৰুখৰ বাবে উত্তম আছিল।

কিছুদিন পূৰ্বে শ্বাহৰুখৰ ৬০ বছৰ সম্পূৰ্ণ হৈছে।  জ্যোতিষীৰ মতে, এই বছৰটি তেওঁৰ বাবে ভাল হ’বলৈ গৈ আছে। ভাইৰেল ভিডিঅ’টোৰ মতে অহা বছৰ শ্বাহৰুখে যি কাম কৰিব তাতেই সফলতা লাভ কৰিব। বক্স অফিচত শ্বাহৰুখে আন এক বাম্পাৰ এণ্ট্ৰি কৰিব। ভৱিষ্যদ্বাণী অনুসৰি শ্বাহৰুখে ২০২৬ চনটোত শ্বাহৰুখে কিবা এটা নতুন কাম কৰিব যিয়ে সকলোকে আচৰিত কৰিব তুলিব।

ছলমানৰ কেনে যাব

শ্বাহৰুখৰ বাবে আগন্তুক বৰ্ষটি ভাল যদিও ছলমান খানৰ বাবে বিশেষ ভাল নহয়। ভাইৰেল ভিডিঅ’টোৰ মতে ছলমানে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব। সকলো অভিনেতাৰ পাছত থাকি যাব তেওঁ। জ্যোতিষশাস্ত্ৰ অনুসৰি, এই সময়চোৱাত তেওঁৰ জীৱনলৈ বহু বাধা আহিব। কেৱল কেৰিয়াৰৰ ক্ষেত্ৰতে নহয়, স্বাস্থ্যৰ ক্ষেত্ৰতো বহু সমস্যা আহিব পাৰে। কেতিয়াবা হঠাতে তেওঁ অসুস্থ হৈ পৰিব পাৰে। ইয়াৰোপৰি ছলমান খানৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব পাৰে। ছলমান খানে মৃত্যুৰ ভাবুক লাভ কৰিব পাৰে। উল্লেখ্য যে, এই সময়ত ছলমান ব্যস্ত ‘বেটল অৱ গালৱান’ৰ শ্বুটিঙত। কিছুদিন পূৰ্বে তেওঁ লাডাঙত শ্বুটিং কৰি মুম্বাইলৈ ঘূৰি আহিছিল।

 

অন্য খবৰ পঢ়কঃ কলেজৰ মাচুল দিব পৰা নাই! পিতৃৰ সম্পত্তি দাবী কৰি আদালতৰ কাষ চাপিল কৰিশ্মাৰ দুই সন্তান…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...