শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Indian Independent Film Festival: অসমীয়া চুটি ছবি ‘অনুসূনী চিঁখে’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান…

ড° পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালিত অসমীয়া চুটি ছবি 'অনুসূনী চিঁখে' কলকাতাৰ ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি ছবিখনে কেইবাটাও বঁটা লাভ কৰে।

Indian Independent Film Festival:  অসমীয়া চুটি ছবি ‘অনুসূনী চিঁখে’লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান…
ছবিImage Credit source: northeast now
barasha-sarma
Barasha Sarma | Updated On: 17 Jun 2025 13:36 PM

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমীয়া চুটি ছবি। ড° পাৰ্থসাৰথি মহন্তৰ ৰচনা আৰু পৰিচালিত অসমীয়া চুটি ছবি ‘অনুসূনী চিঁখে’ (Ansuni chinkhe) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ জগতত এক আলোড়নৰ সৃষ্টি কৰে। এই ছবিখনে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত  কেইবাটাও বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। ছবিখনৰ প্ৰযোজনা কৰিছে ড. মিনা মহন্ত আৰু ড. ইন্দ্ৰাণী বৰুৱাই।

শেহতীয়াকৈ কলকাতাত অনুষ্ঠিত ভাৰতীয় স্বতন্ত্ৰ চলচ্চিত্ৰ মহোৎসৱ (Independent Film Festival)ত এই ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। ছবিখনত একক অভিনয় কৰিছে অভিনেত্ৰী সীমা বিশ্বাসে। এই অভিনেত্ৰীগৰাকীৰ অভিনেয়েও চুই দৰ্শকৰ। সীমা বিশ্বাসৰ মনোগ্ৰাহী অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানেৰে সন্মানিত কৰা হয়। ইয়াৰ লগতে শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছে পাৰ্থ সাৰথি মহন্তই।

কেৱল এয়াই নহয়, কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০২৫ চনৰ ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ডউড ইণ্টাৰনেশ্যনেল পেনোৰামা (আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শ্ৰেণী)ত অন্তভুক্ত কৰা হৈছিল। সেই মহোৎসৱত চুটি ছবিখনে কেইবাটাও শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়। চুটি ছবি শাখাত সীমা বিশ্বাসে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰাৰ বিপৰীতে পাৰ্থ সাৰথি মহন্তই লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।

দিল্লী চুটি ছবি মহোৎসৱ ২০২৫তো এই ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। দিল্লী চুটি ছবি মহোৎসৱ ২০২৫ত ‘অনুসূনী চিঁখে’ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল।একাধিক চলচ্চিত্ৰ মহোৎসৱত এই ধাৰাবাহিক স্বীকৃতিয়ে এই ছবিখনক এক উচ্চ শিখৰলৈ লৈ গৈছে।

ছবিখনৰ অন্যতম ডাঙৰ মাইলৰ খুঁটি আছিল শেহতীয়াকৈ কানত অনুষ্ঠিত হোৱা ‘মাৰ্চে ডু ফিল্মৰ অনলাইন ছেগমেণ্ট’ত অন্তৰ্ভুক্ত হোৱা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ছবিখনে বিশ্বব্যাপী মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ বিষয়বস্তু আৰু কাহিনীয়ে চুই গৈছে বহু দৰ্শকক।

ড° পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশনা আৰু সীমা বিশ্বাসৰ অভিনয়েৰে এই ছবিখনে বিশ্ব মঞ্চত প্ৰশংসা লাভ কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে। তেওঁলোকৰ সহযোগিতাই ‘অনুসূনী চিঁখে’ক চৰ্চালৈ অনাই নহয় বিশ্বজুৰি অসমীয়া আৰু ভাৰতীয় চুটি ছবিৰ মানদণ্ড উন্নীত কৰাত অৰিহণা যোগাইছে। ‘অনুসূনী চিঁখে’ প্ৰশংসা তথা সন্মান লাভ কৰাৰ লগে লগে ই ভৱিষ্যতৰ ভাৰতীয় চুটি ছবিসমূহৰ নিৰ্মাতাৰ বাবে আন এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

 

 

অন্য খবৰ পঢ়কঃ Ambubachi mela 2025: অম্বুবাচী মেলা কেতিয়া? কেনেকৈ কৰিব মা কামাখ্যাৰ দৰ্শন, নিৰ্দেশনা জাৰি প্ৰশাসনৰ…